Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 December, 2022 2:38 PM IST
Himanta Biswa Sarma

মিছন বসুন্ধৰা ২.০ত আৱেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। বিধানসভাৰ শীতকালীন অধিৱেশনত আজি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ২.০ত আৱেদন পূৰণৰ তাৰিখ ৩১ মাৰ্চ, ২০২৩লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।অধিৱেশনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ আৰু ৰাইজক অধিক সময় দিবলৈ ৰাজ্য চৰকাৰে মিছন বসুন্ধৰালৈ আবেদনৰ তাৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।"

উচ্ছেদৰ সন্দৰ্ভত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়- ‘যদি আমি উচ্চতম ন্যায়ালয়ৰ ৰায় শুনিবলগীয়া হয় তেন্তে মিছন বসুন্ধৰা সম্ভৱ নহ’ব…।’

‘’উচ্চতম ন্যায়ালয়ে ৰায়দানত কৈছে যে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভিজিআৰ) আৰু প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ (পিজিআৰ)ৰ মাটিত উচ্ছেদ অভিযান চলাব লাগে কিন্তু যদি আমি উচ্চতম ন্যায়ালয়ৰ ৰায় পঢ়ি থাকোঁ আৰু গাঁৱৰ ৰাইজক কওঁ যে... তেতিয়া ই উচ্ছেদ হ'ব।"

পঞ্জাৱ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ক সোঁৱৰাই অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে ভিজিআৰ/পিজিআৰৰ অন্তৰ্গত মাটিও আনকি জনজাতীয় লোকে বসতি স্থাপন কৰা মাটিও উচ্ছেদ কৰিব লাগিব, অৱশ্যে সমান্তৰাল মাটিত যদি ভিজিআৰ/পিজিআৰৰ বাবে উপলব্ধ হয় তেন্তে... উক্ত বাসিন্দাসকলক মাটি দিব পাৰি।

মিছন বসুন্ধৰা সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে তৃতীয় কিস্তিত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মানি চলিবলৈ চেষ্টা কৰিছে আৰু ৰাজ্য চৰকাৰে ভিজিআৰ/পিজিআৰ ভূমিত বাস কৰা লোকসকলক ভূমি পট্টা প্ৰদানৰ চিন্তা-চৰ্চা কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ স্বাৰ্থ হৈছে পৰিৱেশগত ভাৱে ক্ষতিগ্ৰস্ত হ’ব পৰা ভূমি বা বনভূমিক বাদ দি আন ঠাইত সকলো খিলঞ্জীয়া/ ভাৰতীয় নাগৰিকক কিছু নিৰ্দিষ্ট ভূমিৰ অধিকাৰ দিয়া উচিত।

ৰাজ্য চৰকাৰে এইবাৰ ভিজিআৰ/পিজিআৰৰ অধীনত এই শ্ৰেণীটো প্ৰৱৰ্তন কৰিছে:

ৰাজ্য চৰকাৰে বা MNP (Minimum Need Programme) House Site Scheme ৰ অধীনত বসতি স্থাপন কৰা লোকসকলৰ বাবে মাটিৰ পট্টা প্ৰদান কৰিব।ৰাজ্য চৰকাৰে ভিজিআৰ/পিজিআৰৰ ওপৰত এক আইন প্ৰৱৰ্তনৰ কথাও চিন্তা কৰিছে যিয়ে উক্ত ভূমিত বাস কৰা লোকসকলক ভূমি পট্টা লাভ কৰাত সহায় কৰিব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে কোনো নতুন সংৰক্ষিত বনাঞ্চল সৃষ্টিৰ প্ৰস্তাৱ দিয়া নাই কিন্তু "প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল" নামৰ এটা শ্ৰেণী আছে যাৰ অন্ত পেলাবলৈ ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা আবেদন কৰাৰ অন্তিম তাৰিখ ২০২৩ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মিছন বসুন্ধৰাৰ আবেদন ২০২৩ চনৰ ৩১ মাৰ্চলৈকে বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

লগতে পঢ়কঃ black Ridge gourd farming : জানুৱাৰী-ফ্ৰেব্ৰুৱাৰীতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি

English Summary: Last date for filling application in Mission Basundhara extended to March 31
Published on: 21 December 2022, 02:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now