1. News

অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলাৰ আজি দ্বিতীয়টো দিন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Second day of the 7th Assam International Agri Horti Show2022
Second day of the 7th Assam International Agri Horti Show2022

"সপ্তম অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলা-২০২২"ৰ আজি দ্বিতীয়টো দিন। খানাপাৰাত কালিৰে পৰা কৃষি বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২।

প্ৰথম দিনটোত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন কেবাটাও শ্ৰেণীত বিভক্ত কৰা কৰা হয়। উক্ত বিভাগসমূহত টাবত ৰোৱা গছ(ফুল) ক্ৰমে গোলাপ, এনঠুৰিয়াম, ইউফৰবিয়া, কাৰ্নেচন,বগেনভেলিয়া,হায়ে কিউপি,কিডনি ফুলৰ লগতে আন ১৯ বিধ ফুল ফলিয়েজ,অৰকিড ফুল প্ৰতিযোগিতাত প্ৰদৰ্শিত কৰা হয়। লগতে টাবত ৰোৱা গছ(শাক-পাচলি) ত প্ৰায় ১৪ বিধ বিভিন্ন প্ৰকাৰৰ জলকীয়া, ফ্ৰেন্সবীন, নাৰ্জীফুল আৰু আমৰ ব্যৱহাৰেৰে কৰা সহযোগী কৃষিৰ নমুনা আৰু বকচৈ, পকচৈ,  বিভিন্ন প্ৰকাৰৰ বীন, বিভিন্ন প্ৰকাৰৰ শাক, উন্নত প্ৰজাতিৰ কোমোৰা-ৰঙালাউ, বিভিন্ন প্ৰকাৰৰ জোকিনী, উন্নত প্ৰজাতিৰ কচু, ফলৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ফল-মূল কমলা, কল, নেমু, বিভিন্ন প্ৰকাৰৰ মছলা ক্ৰমে হালধী, আদা, জালুক আৰু বিভিন্ন প্ৰকাৰৰ ঔষধি গছ প্ৰদৰ্শিত কৰা হয়।

লগতে পঢ়ক- 

Pig and Fish farming : গাহৰি আৰু মাছ একেলগে পোহাৰ সুবিধাসমূহ

শনিবাৰে মেলাখনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- কৃষি আমাৰ অৰ্থনীতিৰ অন্যতম মূল চালিকা শক্তি। কৃষি-উদ্যান শস্যৰ প্ৰসাৰৰ অৰ্থে আৰু ইয়াক নতুন গতি প্ৰদান কৰিব। মেলাখনত প্ৰদৰ্শিত হোৱা কৃষি-উদ্যান শস্যৰ অনন্য নিদৰ্শন দেখি আনন্দিত হৈছোঁ। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মেলাখনত বৈজ্ঞানিকভাৱে উৎপাদিত কৃষি-উদ্যান শস্যৰ বিভিন্ন শাক-পাচলি আৰু ফল-মূল প্ৰদৰ্শন কৰা হৈছে। আশা কৰোঁ এই মেলাই কৃষি-উদ্যান শস্যৰ অপৰিসীম সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লগতে এই বিষয়ত বৈজ্ঞানিক পদ্ধতিৰ জ্ঞান বিনিময়ত সহায় কৰিব। ইয়াৰ লগতে জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব আৰু আমাৰ কৃষক বন্ধুসকলক বৈজ্ঞানিক পদ্ধতিৰে বাণিজ্যিকভাৱে কাৰ্যক্ষম শস্যৰ খেতি কৰিবলৈও সবল কৰাৰ লগতে সহায় কৰিব।

উল্লেখ্য যে তিনিদিনায়াকৈ অনুষ্ঠিত হৈ থকা থকা সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২ত ম্যানমাৰ, থাইলেণ্ড, ছৌদি আৰৱ, বাংলাদেশ, ভিয়েটনাম, ঘানা, কেনিয়া আদি দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তদুপৰি এই তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলাত আধুনিক কৃষি সঁজুলি, বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰদৰ্শন কেন্দ্ৰ থকাৰ লগতে প্ৰগতিশীল কৃষিৰ সৈতে অন্তৰংগ অনুষ্ঠান আয়োজিত হ’ব। অসমৰ কৃষি খণ্ডত জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

লগতে পঢ়ক- 

খানাপাৰাত আজিৰে পৰা সপ্তম অসম আন্তজাৰ্তিক কৃষি-উদ্যান শস্য মেলা-২০২২

English Summary: Second day of the 7th Assam International Agri Horti Show2022

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.