Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 December, 2022 11:49 AM IST
দিল্লীত আৰম্ভ হ'ল কৃষকৰ গৰ্জন ৰেলী

দিল্লীৰ ৰামলীলা মৈদানত সোমবাৰৰপৰা পুনৰ আৰম্ভ হৈছে কৃষকৰ গৰ্জন ৰেলী। মধ্য প্ৰদেশ, ৰাজস্থান, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু গুজৰাটৰ হাজাৰ হাজাৰ কৃষকে বাহৰ পাতিছেহি ৰামলীলা মৈদানত। কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপনৰ উদ্দেশ্যে এইদৰে ৰাজধানী দিল্লীত কৃষকসকল একত্ৰিত হৈছে। ৭ খন ৰাজ্যৰপৰা অহা এই ৪০ হাজাৰ কৃষকৰ মূল দাবী হৈছে শস্যৰ মূল্য ব্যয়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰিব লাগে।

লাগে।কিষাণ সন্মান নিধি যথেষ্ট বৃদ্ধিৰ লগতে কৃষকসকলে কৃষি সম্পৰ্কীয় সকলো সামগ্ৰীৰ ওপৰত জিএছটি বাতিল ৰখাৰো দাবী জনাইছে প্ৰতিবাদী কৃষকসকলে।তদুপৰি শষ্যৰ মূল্য নিৰ্ধাৰণৰ অধিকাৰো কৃষকৰ হাতত থাকিব লাগে বুলি দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী কৃষকসকলে। উল্লেখ্য যে এই প্ৰতিবাদী ৰেলীৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অন্তৰ্গত ভাৰতীয় কিষাণ সংঘই। উত্থাপিত দাবীসমূহ মানি নল’লে চৰকাৰ সমস্যাৰ সন্মূখীন হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

ভাৰতীয় কিষাণ সংঘৰ দাবী অনুসৰি চৰকাৰৰ ওচৰত ইতিমধ্যে কিষাণ ক্ৰেডিট কাৰ্ডৰ অধিকাৰীসকলৰ তথ্য আছে। ইয়াৰ আধাৰত কৃষকসকলক ব্যৱসায়ী হ'বলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে। ইয়াৰ বাবে কোনো পৃথক প্ৰমাণপত্ৰ লোৱাৰ প্ৰয়োজন নাই। বিকেএছ কাৰ্যকৰী সমিতিৰ সদস্য নানা আখাৰে কয় যে যিসকল কৃষকে দেশক খাদ্যশস্য, পাচলি, ফল, গাখীৰ আদি যোগান ধৰে, তেওঁলোক কৃষিজাত সামগ্ৰীৰ উপযুক্ত লাভালাভ নোপোৱাৰ বাবে আজি যথেষ্ট হতাশ হৈছে আৰু ইয়াৰ বাবে আত্মহত্যা কৰিবলগীয়া হৈছে।

কৃষক সংগঠনটোৱে দাবী কৰিছে যে চৰকাৰে জলসিঞ্চন আৰু নদী সংযোগ প্ৰকল্পৰ বাবেও সহায় আগবঢ়োৱা উচিত। বিকেএছে এই উদ্দেশ্যৰ বাবে অধিক ধন পৰিশোধ কৰিবলৈয়ো দাবী উত্থাপন কৰিছিল।

কৃষকসকলে কেন্দ্ৰীয় চৰকাৰক দাবী কৰি আহিছে যে জিএম (আনুবংশিকভাৱে পৰিৱৰ্তিত) সৰিয়হৰ গুটি অনুমোদিত হ'ব নালাগে। দেশৰ ৰপ্তানি-আমদানি নীতি জনসাধাৰণৰ স্বাৰ্থত হ'ব লাগে। দেশত জৈৱিক কৃষিৰ প্ৰচাৰৰ লগতে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ দাবীকে ধৰি আন বহুতো দাবী উত্থাপন কৰিছে কৃষক সংগঠনটোৱে।

ভাৰতীয় কিষাণ সংঘৰ মুখ্য দাবীসমূহঃ

  • ব্যয়-আধাৰিত শস্যৰ বাবে লাভজনক মূল্য দিব লাগে

 

  • কৃষিজাত ইনপুটৰ ওপৰত জিএছটি বাতিল কৰিব লাগে

 

  • প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ পৰা প্ৰাপ্ত পৰিমাণ বৃদ্ধি কৰিব লাগে

 

  • জি.এম. শস্যৰ ওপৰত নিষেধাজ্ঞা

 

  • প্ৰতিখন খেতি পথাৰত জলসিঞ্চনৰ দাবী

ইফালে কৃষকৰ সমদলৰ বাবে হোৱা ভিৰৰ বাবে দিল্লীৰ লোকসকলে ব্যাপক যান-জঁটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেয়েহে, যান-বাহন আৰক্ষীয়ে এক বিশেষ যান-বাহন পৰামৰ্শ জাৰি কৰিছে। সোমবাৰে সপ্তাহটোৰ প্ৰথম কৰ্মদিন আৰু কৃষকসকলে উলিওৱা গৰ্জন ৰেলীৰ বাবে ট্ৰেফিক জামৰ সমস্যাৰ সন্মুখীন হোৱাটো স্বাভাৱিক কথা।

লগতে পঢ়কঃ শ্বিলঙত ২,৪৫০ কোটি টকীয়া উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

English Summary: Kisan Garjana Rally starts in Delhi
Published on: 20 December 2022, 11:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now