1. News

শ্বিলঙত ২,৪৫০ কোটি টকীয়া উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ

KJ Staff
KJ Staff
PM Modi in Shillong
PM Modi in Shillong

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে শ্বিলঙত ২,৪৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে শ্বিলঙৰ ৰাজ্যিক সন্মিলন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি ইয়াৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূটীতো অংশগ্ৰহণ কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ৩২০ টা সম্পূৰ্ণ আৰু ৮৯০ টা নিৰ্মীয়মান ৪জি মোবাইল টাৱাৰ, উমচাৱলিত আইআইএম শ্বিলঙৰ নতুন চৌহদ, শ্বিলং-ডিয়েংপাসোহ ৰোড।

প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ কাঠফুলা উন্নয়ন কেন্দ্ৰ আৰু ইণ্টিগ্ৰেটেড বীকিপিং ডেভেলপমেণ্ট চেণ্টাৰ আৰু মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অসমৰ ২১ টা হিন্দী পুথিভঁৰালত স্পাউন লেবৰেটৰী উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ছটা পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ তুৰাত ইণ্টিগ্ৰেটেড হস্পিটালিটি এণ্ড কনভেনচন চেণ্টাৰ আৰু শ্বিলং টেকন'লজী পাৰ্ক ফেজ-২ৰ আধাৰশিলাস্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মেঘালয় হৈছে এনে এখন ৰাজ্য যি প্ৰকৃতি আৰু সংস্কৃতিত সমৃদ্ধ আৰু এই সমৃদ্ধি জনসাধাৰণৰ উষ্ণতা আৰু অতিথি সেৱামূলক প্ৰকৃতিৰ জৰিয়তে প্ৰতিফলিত হয়।

তেওঁ মেঘালয়ৰ নাগৰিকসকলক ৰাজ্যখনত অধিক উন্নয়নৰ বাবে সংযোগ, শিক্ষা, দক্ষতা আৰু নিযুক্তিৰ পৰা আৰম্ভ কৰি অজস্ৰ আগন্তুক আৰু নতুনকৈ উদ্বোধন কৰা প্ৰকল্পৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ফুটবল বিশ্বকাপ চলি থকাৰ সময়তে ফুটবল খেলপথাৰত কালিৰ ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কাকতালীয় ঘটনাটোৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। "এফালে ফুটবল প্ৰতিযোগিতা চলি আছে, আনহাতে ইয়াত আমি ফুটবল খেলপথাৰত উন্নয়নৰ প্ৰতিযোগিতাত নেতৃত্ব দি আছো। যদিও কাটাৰত ফুটবল বিশ্বকাপ অনুষ্ঠিত হৈছে, তথাপি ইয়াত মানুহৰ উৎসাহ কম নহয়,"- তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ পথত অহা সকলো বাধাৰ প্ৰতি চৰকাৰে ‘ৰে’ড কাৰ্ড’ প্ৰদৰ্শন কৰিছে। ক্ৰীড়া উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে এক নতুন দৃষ্টিভংগীৰে আগবাঢ়িছে আৰু ইয়াৰ লাভালাভ উত্তৰ-পূৰ্বাঞ্চলঅঞ্চলতো স্পষ্টভাৱে দেখা যাব। তেওঁ কয় যে ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলত বহুমুখী হল, ফুটবল ফিল্ড আৰু এথলেটিকছ ট্ৰেকৰ দৰে একাধিক আন্তঃগাঁথনি আছে। তেওঁ আৰু কৈছিল যে এনে ধৰণৰ নব্বৈটা প্ৰকল্পৰ ওপৰত কাম চলি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আশ্বাস দি কয়, ‘যদিও আমি কাটাৰত ফুটবল বিশ্বকাপ খেলি থকা আন্তঃৰাষ্ট্ৰীয় দলসমূহত দৃষ্টি নিবদ্ধ ৰাখিছো, তথাপি দেশৰ যুৱসকলৰ শক্তিত দৃঢ়ভাৱে বিশ্বাস কৰোঁ।‘ তেওঁ লগতে মন্তব্য কৰে যে সেই দিনলৈ বেছিদিন নাই যেতিয়া ভাৰতে এনে ধৰণৰ খেল আয়োজন কৰিব আৰু প্ৰতিজন ভাৰতীয় ইয়াত অংশগ্ৰহণ কৰা নিজৰ দলৰ বাবেও আনন্দিত হ'ব।

লগতে পঢ়কঃ ফেচবুকত কইনা বিচাৰি কিয় ট্ৰ’ল হৈছে ২২ বিঘা মাটিৰ অধিকাৰী, পশুপালক বীৰেণ বড়ো?

English Summary: PM inaugurates projects worth over Rs. 2450 crores in Shillong, Meghalaya

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.