Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 31 December, 2022 3:52 PM IST
Himanta Biswa Sarma

নতুন প্ৰশাসনিক গোট সন্দৰ্ভত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। আজি দিল্লীত অনুস্থিত কেবিনেট বৈঠকত ৰাজ্যৰ চাৰিখন জিলাক বিলুপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি বজালি, বিশ্বনাথ, তামুলপুৰ আৰু হোজাই জিলাক মহকুমা পৰ্যায়লৈ নিয়া হ’ব।

অত্যন্ত দুখেৰে সিদ্ধান্ত লোৱা বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে-

  • বজালি জিলাক মহকুমা ৰূপে বৰপেটা জিলাৰ লগত সংলগ্ন কৰা হ’ব।
  • হোজাই জিলাক মহকুমা ৰূপে নগাঁও জিলাৰ লগত সংলগ্ন কৰা হ’ব।
  • তামুলপুৰ আৰু বাকসাক একত্ৰ কৰি এখন জিলা কৰা হ’ব আৰু
  • বিশ্বনাথ জিলাক পুনৰ শোনিতপুৰ জিলাৰ সৈতে সংলগ্ন কৰা হ’ব।

ইয়াৰ লগতে কেইবাখনো জিলাৰ সীমাৰ সালসলনি কৰাৰো সিদ্ধান্ত লোৱা হৈছে কেবিনেটত। এতিয়াৰেপৰা উত্তৰ গুৱাহাটী কামৰূপ মহানগৰৰ অন্তৰ্ভুক্ত হ’ব।

ইয়াৰ লগতে লখিমপুৰ, মাজুলী, গোলাঘাটৰো সীমাৰ সালসলনি ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে।

অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।  বিলুপ্তি ঘটোৱা জিলাসমূহৰ বাসিন্দাসকলৰ পৰা ক্ষমাও বিচাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

১ জানুৱাৰীৰপৰা কোনো প্ৰশাসনিক গোট গঠন কৰাত নিৰ্বাচনী আয়োগে বাধা প্ৰদান কৰাৰ বাবেই এই সিদ্ধান্তসমূহ ল'বলগীয়া হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। বিশেষ প্ৰশাসনিক কাৰণত সাময়িকভাৱেহে জিলাসমূহক মহকুমা পৰ্যায়লৈ নিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়কঃ আকৌ বাঢ়িল বিদ্যুতৰ বিল! এইবাৰ মানুহ চাই বিদ্যুৎ মাচুল বৃদ্ধি কৰিব APDCL -এ

English Summary: Himanta Biswa Sharma Cabinet big decision: Abolition of Bajali, Bishwanath, Tamulpur and Hojai districts
Published on: 31 December 2022, 03:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now