1. News

আকৌ বাঢ়িল বিদ্যুতৰ বিল! এইবাৰ মানুহ চাই বিদ্যুৎ মাচুল বৃদ্ধি কৰিব APDCL -এ

KJ Staff
KJ Staff
APDCL
APDCL

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ এটা বেয়া খবৰ আহিছে APDCLৰ ফালৰপৰা। ১ জানুৱাৰীৰপৰা বিদ্যুত মাচুল বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা অসম শক্তি বিতৰণ কোম্পানীয়ে প্ৰকাশ কৰিছে। ২০২৩ৰ পহিলা জানুৱাৰী অৰ্থাত কাইলৈৰপৰাই বাঢ়িব পাৰে বিদ্যুতৰ মাচুল। এ পি ডি চি এলে নতুন বছৰত ২৩.৫৮% শতাংশ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি জানিব পৰা গৈছে।

কোম্পানীটোৱে অহা ২০২৩-২৪ বৰ্ষৰ বাবে ইতিমধ্যে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এই সন্দৰ্ভত এক প্ৰস্তাৱ দাখিল কৰিছে। অৱশ্যে এইবাৰ গ্ৰাহক ভেদে বিদ্যুৎ মাচুল বেলেগ বেলেগকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দাখিল কৰিছে অসম শক্তি বিতৰণ কোম্পানীয়ে।

সেই অনুসৰি, প্ৰতি মাহে ০-১২০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ বিপৰীতে প্ৰতি ইউনিটত ১.২৫ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। আনহাতে, প্ৰতি মাহে ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে ১.৩৫ টকাকৈ বৃদ্ধি কৰা হ'ব মাচুল। ইয়াৰ ওপৰিও মাহে ২৪১ অথবা তাতোকৈ বেছি ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ১.৭০ টকাকৈ বৃদ্ধি কৰা হ'ব মাচুল।

উল্লেখযোগ্য যে, যোৱা ২৮ ডিছেম্বৰত এ পি ডি ছি এলে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বিদ্যুৎ মাচুল ৩০ পইচাকৈ বৃদ্ধি কৰিছিল। কিন্তু শেহতীয়াকৈ ৰাজহ ঘাতিৰ জোৰা মাৰিবলৈ অহা ২০২৩-২৪ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ২৩.৫৮% বৃদ্ধিৰ প্ৰস্তাৱ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে এ পি ডি ছি এলে।

লগতে পঢ়কঃ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ বিনিয়োগকাৰীলৈ সুখবৰ! জানুৱাৰীৰপৰা ১.১০ শতাংশলৈ বৃদ্ধি সুতৰ হাৰ

English Summary: Assam Power Distribution Company Limited proposes minimum 23.58% tariff increase

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.