1. স্বাস্হ্য আৰু জীৱন

টোপনি কিয় কম হয়? নিশা ভালদৰে শুব নোৱাৰিলে কি কৰিব?

KJ Staff
KJ Staff
sleeplessness
sleeplessness

সু-স্বাস্থ্যৰ বাবে টোপনি অতি প্ৰয়োজনীয়। নিশা ভালকৈ শুলে গা-মন দুয়োটাই সজীৱ হৈ থাকে। পিছে সকলো লোকৰে টোপনি একে নহয়। কোনোবাই শোৱাৰ পাছত কাণৰ কাষত ঢোল বজাই থাকিলেও গম নাপায়। আনহাতে কোনোবাই আকৌ টোপনিৰ অভাৱত গোটেই নিশা শোৱাপাটীত চাটিফুটি কৰি কটাব লাগে।

বিশেষকৈ বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰ বহু ৰোগে আগুৰি ধৰিবলৈ আৰম্ভ কৰে। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে এজন সুস্থ প্ৰাপ্তবয়স্কই গোটেই দিনটোত প্ৰায় ৮ ঘণ্টা শুব লাগে। যদি ৪০ বছৰ বয়স হোৱাৰ পাছত কমকৈ টোপনি ধৰে, তেন্তে সজাগ হোৱাটো প্ৰয়োজন। নহ’লে পিছত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ভাল টোপনি আহিবলৈ কি কি কৰিব লাগে?

১) কুহুমীয়া পানীৰে গা ধুব লাগে

যদি আপুনি ভালদৰে টোপনি যাব বিচাৰে, তেন্তে শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীৰে গা ধুই লোৱাৰ অভ্যাস গঢ়ি তোলক। এনে কৰিলে আপুনি অলপ আৰাম অনুভৱ কৰিব আৰু তেতিয়া টোপনি ধৰা সহজ হ’ব।

২) মনটো শান্ত কৰি ৰাখক

৪০ বছৰ বয়স হোৱালৈ পুৰুষ-মহিলা উভয়ৰে ওপৰত পাৰিবাৰিক দায়িত্বৰ বোজা যথেষ্ট বাঢ়ি যায়, যাৰ বাবে দুঃশ্চিন্তা হোৱাটো সাধাৰণ কথা। এই দুঃশ্চিন্তাই ৰাতিৰ টোপনিতো প্ৰভাৱ পেলায়, যাৰ ফলত অস্থিৰতাৰ বাবে টোপনি নাহে। এনে নহ’বৰ বাবে আপুনি ৰাতি মনটো শান্ত কৰি ৰখা প্ৰয়োজন। তেতিয়াহে আপুনি ৮ ঘণ্টা আৰামত শুব পাৰিব।

৩) ধ্যান কৰা

ধ্যান হৈছে যোগাভ্যাসৰ এক গুৰুত্বপূৰ্ণ অংশ। ধ্যানে উত্তেজনা আৰু উদ্বেগ আঁতৰাই মনত শান্তি দিব পাৰে। ইয়াৰ বাবে এজন বিশেষজ্ঞৰ সহায় লওক। কিছুদিন অনুশীলনৰ পিছতে আপুনি শান্তিৰে শুবলৈ আৰম্ভ কৰিব।

৪) ৰাতি চাহ নাখাব

চাহ খালে ভাগৰ দূৰ হয় আৰু সতেজ অনুভৱ হয়। কিন্তু যদি আপুনি ৰাতি চাহ-কফি আদি খোৱাৰ অভ্যাস কৰে, তেন্তে ভালকৈ টোপনি অহাত অসুবিধা হ’ব। যদি চাহ নোখোৱাকৈ আপুনি থাকিবই নোৱাৰে তেন্তে সন্ধিয়াৰ ভিতৰতে চাহ খোৱা কামটো সমাধা কৰক।  

৫) বিচনাত এই কাম কৰাটো এৰক

মোবাইল, লেপটপ বা পঢ়া কিতাপ লৈ বিচনাত বহি থাকিলে আপোনাৰ টোপনিৰ সময় কমি যাব পাৰে। সকলো কামৰ বাবে এটা উপযুক্ত সময় ঠিক কৰি লওক। ৰাতি বিচনাত পৰি থকাৰ সময়ত আপোনাৰ মনোযোগ মোবাইল বা লেপটপৰ ফালে যাবলৈ নিদি পোনে পোনে শুই যাবলৈ চেষ্টা কৰক। বিচনাত এই কাম সমূহ কৰাৰ ফলত টোপনি নোহোৱা হয়।

লগতে পঢ়কঃ ব্যৱসায়িক মুনাফাৰ বাবে ৰঙালাউৰ খেতিঃ জানুৱাৰীতে সিঁচক বীজ

English Summary: Remedies for sleeplessness

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.