1. News

দেশৰ আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সম্পত্তি মুঠেই ১ কোটি টকা

KJ Staff
KJ Staff
Himanta Biswa Sharma
Himanta Biswa Sharma

বছৰটো শেষ হ’বৰ হ’ল। বিভিন্ন কাকত-আলোচনীয়ে তেওঁলোকৰ সমীক্ষাত্মক প্ৰতিবেদনসমূহ ইতিমধ্যে প্ৰকাশ কৰিছে। দেশৰ কেইবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে ৰাজনীতি, অৰ্থনীতি আদি ক্ষেত্ৰত কৰা তেওঁলোকৰ অধ্যয়নসমূহৰ ফলাফল । অলপতে ইণ্ডিয়া টুডে গোষ্ঠীয়ে এক প্ৰতিবেদন প্ৰকাশ কৰে, য’ত অসমক দেশৰ ভিতৰতে আটাইতকৈ বিকশিত বৃহৎ ৰাজ্যৰ আখ্যা দিয়া হয়। শেহতীয়াকৈ দ্য প্ৰিণ্ট নামৰ সংবাদ প্ৰতিষ্ঠানটোৱেও দেশৰ মুখ্যমন্ত্ৰীসকলক লৈ কৰা অধ্যয়নৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত কেইবাটাও মন কৰিবলগীয় তথ্য দিয়া হৈছে। দ্য প্ৰিণ্টৰ প্ৰতিবেদনত বিশেষ গুৰুত্ব লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দেশৰ আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অৱশ্যে সম্পত্তিৰ দিশৰপৰা মুখ্যমন্ত্ৰীসকল তালিকাত যথেষ্ট পিছ পৰি আছে মুখ্যমন্ত্ৰীগৰাকী। প্ৰতিবেদন মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ মুঠেই ১ কোটি টকা। অৱশ্যে প্ৰতিবেদনখনত সমান্তৰালভাৱে মুখ্যমন্ত্ৰীসকলৰ পত্নীসকলৰ সম্পত্তিৰ পৰিমাণো উল্লেখ কৰা হৈছে। য’ত দেখা গৈছে যে দেশত ৬ গৰাকী এনে মুখ্যমন্ত্ৰী আছে, যিসকল তেওঁলোকৰ পত্নীতকৈয়ো দুখীয়া। উদাহৰণ স্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১ কোটি টকাৰ সম্পত্তিৰ বিপৰীতে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১১ কোটি টকা।

তদুপৰি হিমন্ত বিশ্ব শৰ্মাৰ কোনোধৰণৰ স্থাৱৰ পৈত্ৰিক সম্পত্তি নথকাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। একে ধৰণে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰো মুঠ সম্পত্তিৰ পৰিমাণ তেওঁলকৰ পত্নীৰ সম্পত্তিতকৈ কম। প্ৰতিবেদন অনুসৰি ৩৭৩.৮ কোটি টকাৰে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগ্গন ৰেড্ডী দেশৰ আটাইতকৈ সম্পদশালী মুখ্যমন্ত্ৰী। 

ইফালে নিৰ্বাচনী শপতনামাত উল্লিখিত পৰিমাণৰ ভিত্তিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ কেৱল ১৫ লাখ টকা। ইয়াৰ পাছতে আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম। তেওঁ কেৱল ৫৬ লাখ টকাৰ সম্পত্তিৰ অধিকাৰী।

মুখ্যমন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতাৰ অধ্যয়নত দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেশৰ ভিতৰতে আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী। শপতনামাত তেওঁ নিজৰ শিক্ষাগত অৰ্হতা এইদৰে উল্লেখ কৰিছে-

  • দৰ্শন বিষয়ত ডক্টৰেট ডিগ্ৰী
  • ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী
  • আইনৰ স্নাতক

আনহাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা দন্ত চিকিৎসাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। মুখ্যমন্ত্ৰীসকলৰ তালিকাত তিনিজন অভিযন্তাও আছে। দিল্লীৰ অৰবিন্দ কেজৰিৱাল আৰু কৰ্ণাটকৰ বাসৱৰাজ বোমাই দুয়োজনেই মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মা আছে।

লগতে পঢ়কঃ শিৱসাগৰত কাজিৰঙা অৰ্কিড উদ্যানৰ আৰ্হিত নতুন উদ্যান আৰম্ভ অখিল গগৈৰ

English Summary: Country's most educated Chief Minister is Himanta Biswa Sarma with Rs 1 crore net worth

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.