1. News

Untold story of Pele : ফুটবলৰ মহানায়কৰ বহু নজনা কথা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
The King Pele
The King Pele

এডচন আৰাণ্টেচ দ' নাচছিমেণ্টঅ'. জনপ্ৰিয়ভাৱে পেলে নামটোৱেই এক শিহৰণকাৰী ৰোমাঞ্চকৰ অনুভৱ! “বিউটিফুল ফুটবল” এই নামটো জনপ্ৰিয় কৰোতা পেলে আৰু নাই। দীৰ্ঘদিন কেন্সাৰৰ সৈতে যুঁজি ৮২ বছৰ বয়সত মহানায়কজনৰ মৃত্যু ঘটিল। পেলেৰ মৃত্যু বিশ্বৰ ক্ৰীড়াজগতৰে এক বৃহৎ ক্ষতি। ১৯৫৮, ১৯৬২, ১৯৭০ তিনিবাৰকৈ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ অদ্ভূত প্ৰতিভাসম্পন্ন খেলুৱৈজনে তেওঁৰ জীৱনৰ প্ৰতিখন খেলতে এটাকৈ গল দিয়াৰ দৰে হৈছিল। সম্পূৰ্ণ মৰ্যাদাসম্পন্নভাৱে নিজা জীৱনতো ভালদৰে কটোৱা পেলে এজন অসাধাৰণ ষ্ট্ৰাইকাৰ আৰু পাছফালৰ পৰা প্ৰতি মূহূৰ্ততে দলক সহায় কৰা বহুমুখী প্ৰতিভাসম্পন্ন খেলুৱৈ। ফুটবলক জনপ্ৰিয় কৰাত পেলেৰ ভূমিকা আছিল সৰ্বাধিক। ফিফাই তেওঁক "দ্যা গ্ৰেটেষ্ট" আখ্যা দিছিল।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পেলে। ১৯৪০ৰ ২৩ অক্টোবৰত ব্ৰাজিলত জন্ম পেলেই ব্ৰাজিলৰ হৈ ১৯৫৮ত খেলিছিল প্ৰথম বিশ্বকাপ। ১৯৯৫ৰ পৰা ১৯৯৮লৈ ব্ৰাজিলৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বতো আছিল পেলে। বিশ্বকাপত ব্ৰাজিলৰ হৈ ১২টা গ'ল কৰিছিল পেলেই। ৯২খন আন্তঃৰাষ্ট্ৰীয় মেচত গ'ল কৰিছিল ৭৭টা। পেলেৰ শিৰত বিশ্ব ফুটবলৰ সৰ্বাধিক ৯২ বাৰ হেট্ৰিকৰ ৰেকৰ্ড। তাৰোপৰি, সবাতোকৈ কম বয়সত বিশ্বকাপত গ'ল কৰাৰ ৰেকৰ্ড, কনিষ্ঠতম ফুটবলাৰ হিচাপে বিশ্বকাপত হেট্ৰিকৰ ৰেকৰ্ডৰ লগতে এটা বছৰত সৰ্বাধিক গ'লৰ ৰেকৰ্ডো আছে পেলেৰ নামত। ১৯৫৯ত ১২৭টা গ'লেৰে এই ৰেকৰ্ড গঢ়িছিল পেলেই।

লগতে পঢ়ক- 

শিৱসাগৰত কাজিৰঙা অৰ্কিড উদ্যানৰ আৰ্হিত নতুন উদ্যান আৰম্ভ অখিল গগৈৰ

জীৱনকালতেই কিম্বদন্তীলৈ পৰিণত হোৱা পেলে লাভ কৰিছিল বহু সন্মান :

  • ১৯৯৯ চনত International Federation of Football History & Statistics সংস্থাই তেওঁক শতিকাৰ বিশ্ব খেলুৱৈ (World Player of the Century) উপাধি প্ৰদান কৰে।
  • একে বছৰতে প্ৰভাৱশালী France Football আলোচনীয়ে পূৰ্বৰ বেলন ডিঅ'ৰ বিজয়ীসকলক শতিকাৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বাছনি কৰিবলৈ অনুৰোধ কৰে। পেলে‌ই ইয়াত প্ৰথম স্থান দখল কৰে।
  • ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে পেলেক "শতিকাৰ এথলীট" আখ্যা দিয়ে আৰু তেওঁ টাইম (আলোচনী)ৰ বিংশ শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাতো স্থান পায়।
  • ২০১৩ চনত তেওঁ কেৰিয়াৰ আৰু সফলতাৰ বাবে ফিফা বেলন ডিঅ'ৰ সন্মান লাভ কৰে।
  • IFFHS-ৰ মতে ৫৪১টা লীগ গ'লেৰে পেলে বিশ্বৰ সকলোতকৈ সফল লীগ গ'ল স্ক'ৰাৰ। পেলে‌ই মুঠ ১৩৬৩ খন খেলত ১২৮১টা গ'ল কৰিছিল যাৰ বাবে গিনিজ বিশ্ব ৰেকৰ্ডৰ তৰফৰ পৰা ফুটবলৰ সৰ্বোচ্চ কেৰিয়াৰ গ'ল দিওঁতা হিচাপে তেওঁক সন্মান জনোৱা হয়।
  • খেলুৱৈ কালত কিছু সময়ৰ বাবে পেলে পৃথিৱীৰ সৰ্বাধিক প্ৰাৰিশ্ৰমিক লাভ কৰা এথলীত আছিল।
  • ফুটবলত লাভ কৰা সফলতাৰ বাবে আৰু দুখীয়াৰ সামাজিক অৱস্থা উন্নত কৰিবলৈ তেওঁৰ সমৰ্থনৰ বাবে ব্ৰাজিলত তেওঁক ৰাষ্ট্ৰীয় নায়কৰূপে গণ্য কৰা হয়।
  • ১৯৬১ চনত ৰাষ্ট্ৰপতি জেনিঅ' কোৱাড্ৰ'ছে পেলেক "ৰাষ্ট্ৰীয় সম্পদ" বুলি ঘোষণা কৰিছিল।
  • কেৰিয়াৰৰ সময়ছোৱাত পেলে "ক'লা মুকুতা" (The Black Pearl/Pérola Negra), "ফুটবলৰ ৰজা" (The King of Football/O Rei do Futebol), "ৰজা পেলে" (The King Pelé/O Rei Pelé) বা "ৰজা" (O Rei) নামেৰে প্ৰসিদ্ধ আছিল।
  • পেলে‌ই ছেণ্ট'ছ ক্লাবৰ হৈ ১৫ বছৰ আৰু ব্ৰাজিল ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ১৬ বছৰ বয়সত খেলা আৰম্ভ কৰে। তেওঁ ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত তিনিটা ফিফা বিশ্বকাপ লাভ কৰিছিল। এনে সফলতা পোৱা তেওঁ বিশ্বৰ একমাত্ৰ খেলুৱৈ। জাতীয় দলৰ তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ'লস্ক'ৰাৰো ।
  • ছেণ্ট'ছ দলৰ হৈও তেওঁ অভিলেখ সংখ্যক গ'ল দিছিল আৰু ১৯৬২ আৰু ১৯৬৩ দলটোৱে ক'পা লিবাৰ্টাড'ৰ্ছ খিতাপ দখলত সহায় কৰিছিল।
  • পেলেৰ তড়িৎ গতিৰ খেল আৰু দৃষ্টিনন্দন গ'লে তেওঁক পৃথিৱীৰ সকলো ঠাইতে তাৰকা কৰি তুলিছিল। তেওঁৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ছেণ্ট'ছ দলে প্ৰায়েই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰি বিভিন্ন খেলত অংশ লৈছিল।
  • ১৯৭৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত পেলেই বিশ্বজুৰি ফুটবলৰ ৰাজ-দূত (ambassador) হিচাপে কাম কৰিছে আৰু বিভিন্ন অভিনয় আৰু বাণিজ্যিক কামত হাত দিছে। ২০১০ চনত তেওঁক নিউ য়ৰ্ক ক'ছম'ছ দলৰ সন্মানীয় সভাপতি নিৰ্বাচিত কৰা হয়।

প্ৰকৃত অৰ্থত পেলে আছিল গ্ৰেটেষ্ট অৱ অল টাইম। উল্লেখ্য যে ২০২২ বৰ্ষৰ আৰম্ভণিতেই আমি হেৰৱাইছিলো মাৰাডোনাক আৰু ২০২২ বৰ্ষটো যাবলৈ এদিন থাকোতেই আমি হেৰুৱালো পেলেক।  ফুটবল জগতৰ দুজন পুৰোধাক আমি হেৰুৱালো এই বৰ্ষটোতেই। কিন্তু ফুটবলত পেলেৰ যাদুকৰী খেল, ৰোমাঞ্চ বিশ্বই চিৰদিন মনত ৰাখিব।

লগতে পঢ়ক- 

১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীৰ

English Summary: The King Pele : Untold story of Pele

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.