ধেমাজি জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত জোনাই তথা চিকাৰী কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত বাহিৰ জোনাই-লুহিজান, চিলে, কেমি আৰু ৰাজাখানা গাওঁ পঞ্চায়তত PM-KISAN আঁচনিৰ নতুন হিতাধিকাৰী বাচনিৰ সন্দৰ্ভত সজাগতা সভা।
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত পিএম-কিষাণ আঁচনিৰ অধীনত নিজ কৃষিভূমিত দখলীস্বত্ব থকা কৃষকে প্ৰতিবছৰে ২,০০০ টকাকৈ তিনিটা কিস্তিৰ জৰিয়তে সৰ্বমুঠ ৬,০০০ টকা লাভ কৰিব ।
লগতে পঢ়ক-
Problems & challenges : ‘ ৫ বিঘা নষ্ট হ’ল অহা বছৰলৈ ১৫ বিঘাত কৰিম’
এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰী কৃষকে বেংকত থকা নিজৰ পাছবুক একাউণ্টৰ লগত আধাৰ সংযুক্তকৰণ কৰাটো বাধ্যতামূলক। আধাৰ সংযুক্তকৰণৰ উপৰিও ই কে ৱাই চি সম্পাদন তথা নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি পিএম-কিষাণ আঁচনি সম্পৰ্কীয় পৰ্টেলত নিজৰ নামৰ লগত সংলগ্ন কৰাটোও প্ৰয়োজন।
পিএম-কিষাণ আঁচনিৰ নথি সম্পৰ্কীয় কোনো অসুবিধাৰ সন্মুখীন হ’লে হিতাধিকাৰী কৃষকে পিএম কিষাণ আঁচনিৰ টোল ফ্ৰী নম্বৰ ০৩৬১২৮০০২১৩ নম্বৰত যোগাযোগ কৰিব পাৰে।
লগতে পঢ়ক-
Share your comments