1. News

কৃষি বেংকিং সৰল কৰিবলৈ কৃষি জাগৰণ আৰু HDFC বেংকৰ মাজত স্বাক্ষৰিত হয় বুজাবুজি চুক্তি

RAHUL ALI
RAHUL ALI
MoU Between Krishi Jagran and HDFC Bank
MoU Between Krishi Jagran and HDFC Bank

কৃষকৰ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰাৰ লগতে কৃষি খণ্ডত বেংকিং সহজ আৰু অসুবিধামুক্ত কৰাৰ লক্ষ্যৰে বুধবাৰে কৃষি জাগৰণৰ কে জে চৌপাল অনুষ্ঠানত কৃষি জাগৰণ আৰু এইচডিএফচি বেংকৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি( MoU) ৰ ।

কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক এমচি ডমিনিক, কৃষি জাগৰণৰ সঞ্চালক চাইনি ডমিনিক আৰু এইচডিএফচি বেংকৰ ছেমি আৰ্বান আৰু গ্ৰাম্য বেঙ্কিং সেৱাৰ ৰাষ্ট্ৰীয় মুৰব্বী বন্দীতা শিৱলী, আঞ্চলিক গ্ৰাম্য মুৰব্বী অনুৰাগ কুচ্চলৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

বিগত কেইটামান দশকত কৃষিৰ গুৰুত্বপূৰ্ণ বিকাশ হোৱা স্বত্বেও, ভাৰতীয় কৃষি আৰু কৃষক সম্প্ৰদায়ে জ্ঞান, তথ্য আৰু দক্ষতাৰ ব্যৱধানৰ দৰে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। কৃষিত বৰ্ধিত বিপদাশংকা;  ঋণ আৰু বিনিয়োগৰ দুৰ্বল প্ৰৱেশাধিকাৰ  ইত্যাদি এনে সমস্যাসমূহ সমাধানৰ সূত্ৰে কৃষি জাগৰণ আৰু এইচডিএফচি বেংকে একেলগে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হয়।

কৃষি জাগৰণৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক এম.চি. ডমিনিকৰ মতে, এই সহযোগিতাৰ উদ্দেশ্য হৈছে কৃষক সম্প্ৰদায়ক উন্নত কৰা আৰু পুঁজিৰ উপযুক্ত যোগানৰ জৰিয়তে তেওঁলোকক এক উচ্চ মানদণ্ডৰ জীৱন প্ৰদান কৰা। বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয়, "এইচডিএফচিয়ে বেংকিং খণ্ডত এক মানদণ্ড স্থাপন কৰিছে আৰু কৃষি খণ্ডৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ কৃষি খণ্ডৰ ভৱিষ্যতৰ বাবে বিকাশৰ এক মুখ্য লক্ষণ।

তেওঁলোকে প্ৰতিখন গাওঁত উপস্থিত হোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু ইয়াত উৎকৃষ্টতা অৰ্জন কৰিছে। তেওঁলোকে বিচাৰে যে এইচডিএফচিৰ সৈতে বেংক কৰা প্ৰতিজন কৃষক গ্ৰাম্য স্থানত এজন ভাল উদ্যোগী আৰু ব্যৱসায়ী হওক। আমি উৎসাহেৰে এই সহযোগিতাৰ বাবে অপেক্ষা কৰিআছো।"

এইচ.ডি.এফ.চি. বেঙ্কৰ ৰাষ্ট্ৰীয় মুৰব্বী- ছেমি আৰ্বান আৰু গ্ৰাম্য বেঙ্কিং অনিল ভৱানানীয়ে এই বুজাবুজি চুক্তিৰ বিষয়ে আৰু ই কেনেদৰে এই উদ্দেশ্যক লাভান্বিত কৰিব সেই বিষয়ে অৱগত কৰে। তেওঁ কয়, "মেট্ৰ' আৰু নগৰ চহৰত আমাৰ ৭৫% শাখা আছিল। আৰবিআই গাইডলাইন অনুসৰি গ্ৰাম্য অথবা ছেমি আৰ্বান অঞ্চলত ২৫% শাখা থাকিব লাগে। সম্প্ৰতি আমাৰ ৫১% শাখা গ্ৰাম্য অঞ্চলত আৰু বাকীবোৰ মেট্ৰ' আৰু চহৰত। ইয়াৰ কাৰণ হৈছে বেংকবোৰ এতিয়া অৰ্ধ-গ্ৰাম্য আৰু নগৰীয় স্থানৰ ফালে আগবাঢ়িছে কিয়নো জনসংখ্যাৰ ৬০% তাত আছে।

আমি আমাৰ ৰাতিপুৱাৰ আহাৰৰ পৰা ৰাতিৰ আহাৰলৈকে যি খাওঁ, কেৱল আমাৰ কৃষকসকলৰ বাবে। সেয়ে ৰাজহুৱা দায়বদ্ধতা বা সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত হওঁক বা কৃষকৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত হওঁক আমি কাম কৰিব লাগিব। কৃষি জাগৰণে কৃষি খণ্ডত কি ঘটিছে সেই বিষয়ে তথ্য আৰু জ্ঞান প্ৰচাৰ কৰি আছে আৰু ইয়াতেই আমি অংশগ্ৰহণ কৰিব বিচাৰো।"

লগতে পঢ়ক-

হাইকান্দিৰ কৃষি মেলাত উজলিল Graduate Farmer ৰ ৰয়েল নাৰ্চাৰী

English Summary: MoU Between Krishi Jagran and HDFC Bank

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.