1. News

পথাৰত নিষিদ্ধ কীটনাশক ব্যৱহাৰ কৰিলে যাব পাৰে জে'ললৈ!

KJ Staff
KJ Staff
Vegetable market
Vegetable market

নিষিদ্ধ কীটনাশক ব্যৱসায়ীক সকীয়নি চৰকাৰৰ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বেপাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ পদক্ষেপ। এই সন্দৰ্ভত জাৰি কৰা এক জাননীত কোৱা হৈছে যে- অসমৰ স্থান বিশেষে একাংশ কৃষকে অসৎ বাণিজ্যিক উদ্দেশ্য আগত ৰাখি বিভিন্ন শস্য বিশেষকৈ শাক-পাচলিৰ খেতিত প্ৰয়োগ কৰা মাত্ৰাধিক পৰিমাণৰ কীটনাশক আৰু আন ৰাসায়নিক দ্রব্যই জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত কৃষক ৰাইজ, শাক-পাচলিৰ পাইকাৰী তথা খুচুৰা বিক্ৰেতা আৰু উপভোক্তা সকলোকে সজাগ হ'বলৈ আহ্বান জনায় চৰকাৰে। লগতে প্ৰয়োজনীয় ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ কৃষি বিভাগে যৌথভাবে অনুমোদন জনোৱা কীটনাশক দৰৱ বা ৰাসায়নিক সাৰ আদিহে সুষম মাত্ৰাত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হয়। লগতে ইয়াৰ বিকল্প হিচাপে জৈৱিক কীটনাশক দৰৱৰ ব্যৱহাৰত গুৰুত্ব দিবলৈয়ো কৃষি বিভাগে কৃষক ৰাইজক অনুৰোধ জনাইছে।

ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত কীটনাশক সামগ্ৰী বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ীসকলকো নিষিদ্ধ ঘোষিত কীটনাশক দৰৱ বিক্ৰীৰ পৰিৱৰ্তে কেৱল অনুমোদিত কীটনাশক দৰৱহে বিক্ৰী কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ জৰিয়তে কীটনাশক দৰৱৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলক সঁকিয়াই দিয়া হয় যে, যিকোনো কাৰণতে নিষিদ্ধ কীটনাশক দৰৱ বিক্ৰী কৰি থকা কাৰ্যক বিভাগৰ দ্বাৰা প্ৰশ্ৰয় দিয়া নহ'ব আৰু এনে কার্যত জড়িত ব্যৱসায়ীৰ বিৰূদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷

খেতি পথাৰত মাত্ৰাধিক কীটনাশক বা অইন বাসায়নিক দ্রব্য প্রয়োগৰ বিষয়টোৰ প্ৰতি দৃষ্টি ৰাখি অসম চৰকাৰৰ কৃষি বিভাগে ৰাজ্যখনৰ বিভিন্ন জিলাত জিলা পৰ্যায়ৰ টাস্ক ফোর্ড গঠন কৰাৰ লগতে এটা কেন্দ্রীয় টাস্ক ফ’ৰ্চো গঠন কৰিছে। এই টাস্ক ফোৰ্চসমূহে নিষিদ্ধ আৰু ম্যাদ উকলি যোৱা কীটনাশক দৰৱৰ ব্যৱসায় কৰা খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে কৃষক-বিক্রেতা ক্ৰেতাৰ মাজত জনসচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।

লগতে পঢ়কঃ PMAY: ৫০০ টকাৰ বিনিময়ত চহৰৰ কেঁচা ঘৰ হ’ব পকী

English Summary: Govt advisory for farmers regarding use of pesticides

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.