1. News

শিৱসাগৰ “ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপ” প্ৰশংশনীয় পদক্ষেপ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
FRIENDS AGRO SELF HELP GROUP, SHIVSAGAR
FRIENDS AGRO SELF HELP GROUP, SHIVSAGAR

শিৱসাগৰ “ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপ” প্ৰশংশনীয় পদক্ষেপ। নামতিৰ দহ গৰাকীকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতী জড়িত “ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপে” দাঙি ধৰিছে  স্বাৱলম্বীতাৰ এক বিৰল নিদৰ্শন । নামতি চাৰি আলিত প্ৰায় সাত বিঘা মাটিত ফিচাৰী খান্দি মৎস্য পালন আৰম্ভ কৰিছে যুৱক-যুৱতীসকলে।

ফিচাৰীৰ পাৰে পাৰে কেইবা শতাধিক কলপুলি, অমিতা ৰোপণ কৰাৰ লগতে বিভিন্ন শাক পাচলিৰ খেতিও আৰম্ভ কৰে। ইতিমধ্যে “ফ্ৰেণ্ডছ এগ্ৰ’ চেলফ হেল্প গ্ৰুপ”ৰ সদস্য সকলে মাছ, শাক-পাচলি আদি বিক্ৰী কৰি কেইবা লাক্ষ্যাধিক টকা উপাৰ্জন কৰিছে । তদুপৰি গ্ৰুপটোৱে ৩৭ বিঘা মাটিত চাহ পুলিৰ লগতে  প্ৰায় ২৫০০০ মুল্যৱান সাঁ‌চি পুলি ৰূপণ কৰিছে। অৰ্ধ শতাধিক ছাগলী আৰু গৰু পালন কৰাৰ ছাগলীৰ বাবে সকলে পাঞ্জাবৰ পৰা আনি ৰূপন কৰিছে ঘাঁহ ।

এইদৰে ক্ৰমান্বয়ে এই গ্ৰুপটোৰ সদস্য সকলৰ অশেষ শ্ৰমে সাৰ্থকতা পাবলৈ ধৰিছে।আনহাতে, সামাজিক ক্ষেত্ৰতো এই গোটটোৱে বিভিন্ন কাম কৰি আহিছে । বিশেষকৈ দৰিদ্ৰ পৰিয়ালক সহায় কৰা, ৰুগীয়া ব্যক্তিক সহায় কৰা, সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক সহায় কৰা, পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপনকে ধৰি বিভিন্ন কাম কৰি আহিছে।  

উল্লেখ্য যে, যি সময়ত লক্ষ লক্ষ শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাব লগা হৈছে তেনে সময়তে ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপটোৱে সমাজলৈ এক শুভবাৰ্তা কঢ়িয়াই আনিছে। বৰ্তমান ৰুণজুণ আৰন্ধৰাক সভানেত্ৰী আৰু ৰণ্টু গগৈক সম্পাদক হিচাপে লৈ নয়ন গগৈ, ৰণ্টু নেওগ, দেৱব্ৰত বৰুৱা, মৃদুপৱন খনিকৰ, পুলিন তামুলী, গীতা তামুলী গগৈ, ৰঞ্জিত সন্দিকৈ, স্মৃতি দত্ত বৰাসহ দহগৰাকী সদস্যৰ দ্বাৰা গঠিত এই গোট৷ চৰকাৰৰ অনুদান অবিহনেই আত্মনিৰ্ভৰ হৈ উঠিছে এই গোটৰ প্ৰতিজন সদস্য ।

লগতে পঢ়ক- বানে মৰা বা আগতীয়া ধান চপোৱা পথাৰখনত নাইবা কঠিয়ানীতলীডৰাত

English Summary: FRIENDS AGRO SELF HELP GROUP, NAMTI, SIHIVSAGAR

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.