1. News

ৰাজ্যত খৰাং। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৃষকৰ নগাঁৱৰ কৃষকৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Drought in Nagaon, Assam
Drought in Nagaon, Assam

ৰাজ্যত খৰাঙে দহিছে কৃষকৰ সোণসেৰীয়া সপোন । প্ৰচণ্ড ৰ'দত ছিৰাল ফাট দিছে শালিধানৰ পথাৰ । মুৰে কপালে হাত দিছে শ্ৰমজীৱি কৃষক ৰাইজে । বৰষুণৰ অভাৱত এতিয়া শালিধানৰ পথাৰত হা হুমুনিয়াহ কাহি এটুপি পানীৰ বাবে পথাৰৰ মাজত এনেদৰে নেদেখাজনৰ ওচৰত নাম কীৰ্তন কৰি প্ৰাৰ্থনা জনাইছে ধিঙৰ এইসকল কৃষক ৰাইজে ।

কাৰণ চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগৰ ওপৰত তিলমাত্ৰও ভৰসা নাই এইসকল কৃষক ৰাইজৰ । ধিং আঠগাঁৱত আজিৰ পৰা ৯ বছৰ পূৰ্ব্বেই কৃষক ৰাইজৰ সহায় হোৱাকৈ স্থাপন কৰা হৈছিল অগভীৰ নলী নাদৰ এখন আঁচনি। আঁচনিখনত নিয়োগ কৰা হৈছিল কেইবাজনো বিষয়া কৰ্মচাৰীক ।

কিন্তু আচনিখন আৰম্ভ হোৱাৰ দুবছৰ মানৰ পাছতেই যি বিকল হল আজিকোপতি বিভাগীয় ভাৱে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম নহ’ল নগাওঁ জিলা সংমণ্ডলে। বিপৰীতে চৰকাৰৰ নিৰ্ধাৰিত দৰমহা লৈ ঠিকেই বিলাসী জীৱন কটাইছে সংমণ্ডলটোৰ প্ৰতিজন শীৰ্ষ বিষয়া কৰ্মচাৰীয়ে । দুৰ্ভোগ ভুগিছে মাথো এইসকল দুৰ্ভগীয়া কৃষক ৰাইজে । চৰকাৰৰ ৰাজকোষৰ পৰা কোটি কোটি ব্যয় কৰি স্থাপন কৰা জলসিঞ্চন আচনিৰ সুফলৰ পৰা বঞ্চিত এতিয়া শ্ৰমজীৱি কৃষক ৰাইজ ।

চৰকাৰৰ পৰা সকলো আশা ত্যাগ কৰি এতিয়া এনেদৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে এইসকল কৃষকে। ইফালে মঙলবাৰে নগাঁৱত উপস্থিত হৈ ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিমঘালে কয় যে অনতি পলমে ৰাজ্যত পানীৰ সমস্যা দূৰ হ’ব। আৰু মূখ্যমন্ত্রী লগতো ৰাজ্যৰ খৰাং সমস্যা সমাধানৰ বাবে আলোচনা কৰি আছে।

লগতে পঢ়ক- বৰুণ দেৱতাৰ ওপৰতে এতিয়া মোডীৰ আয় দুগুণৰ প্ৰতিশ্ৰুতি!

English Summary: NAgaon Drought

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.