1. সফল কাহিনী

কোম্পানীৰ চাকৰি এৰি মিশ্ৰিত ফাৰ্মেৰে আত্মনিৰ্ভৰশীল ধেমাজিৰ জিতু!

KJ Staff
KJ Staff
Dhemaji Farmer Jitu Gogoi Success Story
Dhemaji Farmer Jitu Gogoi Success Story

কেৰালা,  তামিলনাডু, গুজৰাট আদি ৰাজ্যলৈ গৈ কোম্পানী, সুৰক্ষা গার্ডৰ দৰে সাধাৰণ পদত কাম কৰা অসমৰ অসমৰ লাখ লাখ যুৱক আছে। লকডাউনৰ সময়তেই চৰকাৰী হিচাপত তেনে যুৱক অসমলৈ প্ৰায় তিনি লাখ ঘূৰি আহিছিল। যিসকলৰ প্ৰায় ৯০ শতাংশই সাধৰণ পদত বহিঃৰাজ্যত কাম কৰিছিল। কিন্তু কেৰালাৰ দৰে ৰাজ্যত কাম কৰি ঘুৰি আহি ধেমাজিৰ মৰিধলৰ জিতু গগৈ আন বহুতৰ বাবে উদাহৰণ।

নিজৰ মাটিত ‘মিশ্ৰত ফাৰ্ম ব্যৱস্হাৰে’ খেতি আৰু পশুপালন কৰি বহিঃৰাজ্যত কৰ্মৰত যুৱকতকৈ অধিক আয় কৰি এতিয়া প্ৰতিষ্ঠিত ধেমাজিৰ জিতু গগৈ। ১৫ বিঘা মাটিত মিশ্রিত ফার্ম  খেতিৰে গগৈয়ে লাখ লাখ টকা উপাৰ্জন কৰি দেখুৱাইছে। তেওঁৰ তেনে আদৰ্শৰ বাবেই ২০২১ চনত ধেমাজি জিলা প্রশাসনে কেৰালাৰ পৰা ঘূৰি অহা জিতু গগৈক আদৰ্শ খেতিয়কৰ বঁটা প্ৰদান কৰিছিল।

উল্লেখ্য যে ধেমাজিৰ মৰিধলৰ জিতু গগৈৰ পিতৃ সুখ গগৈ এজন সাধাৰণ কৃষক। পিতৃৰ আর্থিক অবস্থা ভাল নহয় বাবেই পুত্র জিতু গগৈয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবঢ়া নাছিল। পৰিয়ালটোৱে যাতে ভালদৰে চলিব পাৰে তাৰ চিন্তাত জিতুৱে দিন পাৰ কৰিছিল। তেনে চিন্তা কৰিয়েই উচ্চতৰ মাধ্যমিক পৰীক্ষা দি জিতুরে বহিঃৰাজ্যলৈ গৈ তেওঁ এটা কোম্পানীত কাম কৰিছিল। উচ্চ শিক্ষা গ্ৰহণ নকৰিলেও জিতুৱে কিন্তু প্রতিষ্ঠিত হোৱাৰ সপোন দেখিছিল।

কেৰালাত কাম কৰি আছিল যদিও গাঁৱত থকা নিজৰ মাটিখিনিকে কি কৰিব পৰা যায় সেই সম্পর্কত 'ইউ টিউব' চাই পৰিকল্পনা কৰিছিল। ২০১২ চনত কেৰালাৰ চাকৰি বাদ দি গাৱঁৰ লৰা গাঁৱলৈ ঘূৰি আহিল। জিতুৱে প্রথমে গাঁৱত এখন দোকান দিছিল। দোকান দিছিল যদিও পৰিয়ালৰ মাটিত কিবা এটা কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছিল। পৰৱৰ্তী সময়ত দোকান বাদ দি মাল কঢ়িওৱা এখন সৰু গাড়ী কিনিলে। সেই কাম কৰিও তেওঁ কৃষিৰে কেনেদৰে প্ৰতিষ্ঠিত হ’ব পৰা যায়, সেই পৰিকল্পনা কৰি আছিল। অৱশেষত আন সকলো ব্যৱসায় বাদ দি তেওঁ ‘ মৰিধলৰ মাটিত হীৰা’ বিচৰা যাত্ৰা আৰম্ভ কৰিলে। এতিয়া সমগ্র ধেমাজিতেই প্রতিষ্ঠিত আদর্শ খেতিয়ক আৰু মিশ্রিত ফাৰ্মেৰে সফলতা লাভ কৰা যুৱক হিচাপে প্রতিষ্ঠা লাভ কৰিছে।

সফল জিতু গগৈয়ে কয়- ‘২০১৩ চনৰপৰা ককাৰ মাটিত খেতি আৰম্ভ কৰিছিলোঁ। কিন্তু ২০১৮ চনৰ পৰাহে অধিক লাভৰ পথ মুকলি  হৈছিল’। গগৈয়ে কয় যে পথাৰৰ এটা অংশ ধান ৰোপণ কৰা হয় যদিও অধিকাংশ মাটিত মিশ্রিত ফাৰ্মৰ ব্যৱস্থা কৰা হৈছে। মাটিত ৮০ জোপা আপেল বগৰী,  ড্ৰেগন ১৫০ জোপা, ১২০ জোপা নাৰিকল ৰোৱা হৈছিল। লাহে লাহে সেইবোৰৰ বিক্ৰীৰে ভাল উপার্জন হয়। জিতু গগৈয়ে আৰু কয় যে ৬ বিঘা মাটিত চাৰিটা ফিচাৰী আছে। কেইটামান বছৰত মাছ উৎপাদনেৰে সফল হ’ব পাৰিছো। বছৰি গড়ে ২০ কুইন্টল ৰৌ, মিৰিকাকে ধৰি স্হানীয় মাছ বিক্ৰী কৰিও কেইবালাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো।

গগৈয়ে আৰু কয় যে হাঁহ আৰু কুকুৰাৰ ফার্মে আছে। এবাৰত ১০০টা হাঁহ আৰু প্ৰায় ৭০০টা মান কুকুৰা বিক্ৰী কৰা হয়। হাঁহ আৰু কুকুৰাৰ পৰাও মাহে বুজন পৰিমাণৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। গগৈয়ে লগতে কয় যে গাহৰি পোৱালি বিক্ৰীৰে আমাৰ অঞ্চলটোত অভিলেখ কৰিছোঁ বুলি বহুতে কয়। হাৰিয়ানা আৰু পঞ্জাবৰ পৰা অনা কেইবাটাও প্ৰজাতিৰ গাহৰিৰ পোৱালি আমাৰ ফাৰ্মত পোৱা যায়। মাহে গড়ে ৭০ টাকৈ গাহৰিৰ পোৱালি বিক্ৰী কৰা হয়। আমাৰ ফাৰ্মৰপৰা গাহৰিৰ পোৱালি কিনিবৰ বাবে গ্ৰাহকে আগতীয়াকৈ টকা দি পঞ্জীয়ন কৰিব পৰাৰ ব্যৱস্থা আছে। আগতীয়াকৈ পঞ্জীয়ন নকৰিলে গ্রাহকে পোৱালি পোৱাত অসুবিধা হয়। কাৰণ চাহিদা অনুসৰি পোৱালিৰ অভাৱ হয়। একোটা গাহৰি পোৱালি গড়ে ৬,০০০-১৫,০০০ টকাত বিক্ৰী হয়। আমি যদি মূল্য ৬,০০০ টকাও ধৰো ৭০টা পোৱালি বিক্ৰী কৰি ৪ লাখ ২০ হাজাৰ টকা পাওঁ।

আদর্শ খেতিয়ক জিতু গগৈয়ে কয়-‘মাছ, গাহৰিৰ পোৱালি, নাৰিকল, আপেল বগৰী, নাচপতি, ডালিম, ড্ৰেগন হাঁহ, কুকৰা আদিৰ পৰা মাহে কেইবালাখ টকা উপাৰ্জন হয়। ককাৰ ১৫ বিঘা মাটিত খেতি আৰু মিশ্রিত ফাৰ্মৰ ব্যৱস্থাৰে এতিয়া আয় বাঢ়িছে। কিন্তু কেৰালাত থাকিলে আমাৰ এনে উপার্জন নহ'লহেঁতেন। আৰু এজন সাধাৰণ কৰ্মচাৰী হিচাপেই জীবন পাৰ কৰিব লাগিলহেঁতেন। সেয়ে গাৱঁত যদি এবিঘাও মাটি আছে ছন পেলাই থ'ব নালাগে। আমাৰ সাৰুৱা মাটিত প্রতিজন নিবনুৱাই যদি এটাকে নাৰিকল পুলি বা আন কামো কৰে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম। এবিধা কিয়, দুই তিনি কঠা মাটিত পৰিকল্পনা কৰিলে মাহে দুই লাখ টকা পর্যন্ত উপার্জন কৰিব পৰা যায়। আমি চাকৰি বিচাৰি থকাৰ সলনি নিজেই উপাৰ্জনৰ পথ মুকলি কৰিলে ৰাজ্যৰ অৰ্থনীতি সলনি হ'ব পাৰে। কেৰালা, মহাৰাষ্ট্ৰৰ দৰে জি ডি পি ১০-১৫ লাখ কোটি টকালৈ বাঢ়িব পাৰে। সেয়ে এক কঠা মাটিও ছন পেলাই থ'ব নালাগে। উপাৰ্জনৰ নতুন নতুন পথ বিচাৰিব লাগে। জিতু গগৈয়ে কয় যে আমি অসমীয়াই এনে কামত ঐক্যবদ্ধ হ'ব লাগে।

লগতে পঢ়ক-মহাবাহু মীন কোম্পানীৰ বৃহৎ সফলতা, মীন পালনেৰে বছৰি লাখ টকা উপাৰ্জন!

প্ৰেৰক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন-৯৮৬৪০৩৭৪১৬

English Summary: Dhemaji Farmer Jitu Gogoi Success Story

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.