1. এগ্ৰিপেডিয়া

অমিতা খেতিডৰা কেনেদৰে কৰিব নিৰোগী!

KJ Staff
KJ Staff
অমিতা  খেতিত হোৱা ৰোগ
অমিতা খেতিত হোৱা ৰোগ

অমিতা খেতিয়কসকল বিভিন্ন লোকচানৰ সন্মুখীন হয়। ইয়াৰ মূলতে অমিতা গছত হোৱা বিভিন্ন ৰোগ। এইৰোগবোৰে কৃষকসকলৰ মন ভাঙি পেলায়। গতিকে আজি আমি এই আলোচনাত অমিতা গছ হোৱো বিভিন্ন ৰোগৰ লক্ষণ আৰু এই ৰোগসমূহৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম।

১। অমিতাৰ গুৰি পচা ৰোগ

অমিতাৰ গুৰি পচা হৈছে ভেকুৰজনিত । সেয়েহে ই গছৰ গুৰিভাগ পচাই দিয়ে আৰু পাতবিলাক হালধীয়া পৰি মৰি যায় । এই বেমাৰৰ  পৰা ৰক্ষা পাবলৈ গছৰ গুৰি অংশত ব্লাইটেক্স বা ফাইটলিন ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিলে এই সমস্যা সমাধান হয় । বাৰিষা কাল আৰম্ভ হোৱাৰ পূৰ্বে মাৰ্চ মাহত এই ঔষধ প্ৰয়োগ কৰিব লাগে। তদুপৰি Copper oxychloride 0.25 % (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা Bordeaux mixture 1% (১০ গ্ৰাম প্ৰতি লিটাৰ পানীত)বা Metalaxyl 0.1%.(১ গ্ৰাম প্ৰতি লিটাৰ পানীত) অমিতাৰ গুৰি অংশ ভিজি যোৱাকৈ প্ৰয়োগ কৰিলেও এই ৰোগৰ পৰা উপক্ষম পাব পাৰি। 

২। পাত মুজুৰা পৰা আৰু মোজেইক বেমাৰ

এই বেমাৰ দুবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় । দুয়োটা বেমাৰত প্ৰধানকৈ দুবিধ মোৱা পোকে বেমাৰবিধ বিস্তাৰিত কৰে । পাত মুজুৰাখোৱা বেমাৰত এবিধ পতংগই কুমলীয়া পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ সৰু হৈ ঘোৰ খোৱা দেখা যায় । মোজেইক বেমাৰতো এবিধ পতংগই পাতৰ ৰস শুহি খায় আৰু ইয়াৰ ফলত পাত হালধীয়া হয়, আকৰত সৰু হৈ ঠাৰিবিলাক হাউলি যায় । নতুন কুমলীয়া পাত নোলোৱা হয় আৰু গছৰ বৃদ্ধি নোহোৱা হয় । ভাইৰাছৰ পৰা আক্ৰান্ত হ’লে গছবোৰ উঘালি পুৰিব লাগে বা পুতি পেলাব লাগে যাতে বাকী স্বাস্থ্যৱান গছবিলাক আক্ৰান্ত নহয় । এইৰোগৰ বাবে Wettable Sulphur 0.25% বা (২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) Dinocap 0.05% বা (০.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) Chinomethionate 0.1% বা (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) Tridemorph 0.1% বা (১ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৩। অমিতাৰ আঙুঠি ভাইৰাছ (Papaya ring spot)

পাতৰ সিৰাবোৰ উজ্বল হৈ পৰে, পত্ৰহৰিৎ থুপ খাই, পাতৰ কাষ আৰু আগ তলফালে ঘেৰ খাই, ফুটুকা-ফুতুকী হয়, ডাঠ সেউজীয়া ফোঁহা আৰু পাতবোৰ মেটুৰা-মেতুৰি হয়। ফলত অমিতাত আঙুঠি সদৃশ দাগ দেখা যায়। এই ৰোগৰ বাহক হ’ল মোৱা পোক। সেয়ে মোৱা পোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লব লাগে  ।

৪। অমিতাৰ পাত ঘেৰ খোৱা ভাইৰাছ (Papaya Leaf curl virus)

  • পাত ঘেৰ খোৱা, মেটুৰা-মেটুৰি হোৱা আৰু পাতৰ আকাৰ সৰু হে যোৱা, পাক খোৱা আৰু সিৰাবোৰ ঘন হৈ যোৱা।
  • এই পোকৰ বাহক হ’ল বগা মাখি, সেয়ে ইয়াক নিয়ন্ত্ৰণ কৰিব লাগে।
  • আক্ৰান্ত গছবোৰ উভালি পেলাব লাগে।
  • অমিতা ওচৰত বিলাহীৰ খেতি কৰিব নেলাগে ।

৫। এনথ্ৰাকন’জ ৰোগ

  • অমিতাৰ ফলবোৰ গেঠেলা মাৰে আৰু অনিয়মীয়া আকৃতিৰ হয়
  • আক্ৰান্ত পাত, কুমলীয়া আগ আদি আঁতৰাই নষ্ট কৰিব লাগে
  • চপোৱাৰ ১৫ দিন আগতে ফলবোৰ মুগা বৰণৰ কাগজৰ ঠোঙাৰে ঢাকি দিব লাগে

অমিতাৰ অনিষ্টকাৰী কীট আৰু নিয়ন্ত্ৰণঃ

১। বগা মাখি (White fly)

  • পোৱালি আৰু প্ৰাপ্তবয়স্ক পোকবোৰে পাতৰ তলপিঠিৰ ৰস শোহে
  • পাতখিলা হালধীয়া পৰে
  • খেতিডৰা চাফ-চিকুণকৈ ৰাখিব লাগে
  • হালধীয়া আঠাযুক্ত কাৰ্ড আঁৰিব লাগে
  • আক্ৰান্ত বেছি হ’লে Imidacloprid 200SL (০.১ মিলিলিটাৰ ১ লিটাৰ পানীত) বা  triazophos 40EC (০.৬ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে
  • নিম তেল প্ৰতি লিটাৰ পানীত ৩০ মিলিলিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে

২। ছাঁই বৰণীয়া উইভিল (Ash weevils)

  • এই পোকৰ গুৱৰুৱাই অমিতাৰ শিপা খাই অনিষ্ট কৰে
  • অমিতাৰ পুলি লেৰেলি যায়
  • প্ৰাপ্তবয়স্ক পোকে পাতৰ কাষবোৰ কাটি দিয়ে

৩। ফল বিন্ধা কৰা মাখি (Fruit fly)

  • এই পোকৰ পলুবোৰে আধা পকা ফলবোৰত বিন্ধা কৰি দিয়ে আৰু ফলটো গেলি যায়
  • ফলৰ পৰা ৰস ওলাই, মুগা ৰঙৰ ঘাঁ লাগে আৰু ফলবোৰ সৰি যায়
  • সৰি যোৱা ফলবোৰ গোটাই গাঁত খান্দি পুতি পেলাব লাগে
  • ফেৰ’মন ফান্দ ব্যৱহাৰ কৰা
  • fenthion 100 EC (২ মিলিলিটাৰ ১ লিটাৰ পানীত) বা malathion 50 EC (২ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৪। মোৱা পোক (Aphid)

  • পোৱালি আৰু প্ৰাপ্তবয়স্ক মোৱাপোকবোৰে পাত, ঠাৰি আৰু ফলৰ পৰা ৰস শোহে
  • পাতবোৰ ঘেৰ খাই যোৱা আৰু সৰি পৰা
  • অকালতে ফল সৰা
  • অমিতা খেতিত ৰূপালী ৰঙৰ প্লাষ্টিকৰ আচ্ছাদন (Plastic mulch) ব্যৱহাৰ কৰিব লাগে
  • নিম তেল (১০ মিলিলিটাৰ ১ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে

৫। মিলিবাগ (Mealybug)

  • আৰম্ভনিতে আক্ৰমনিত অংশ শেতা হয়, পিছত মগা বৰণীয়া হৈ শুকাই যায়
  • বগা উৰহৰ নিচিনা পোকবিধে এবিধ মিঠা ৰস নিৰ্গত কৰে আৰু আক্ৰান্ত অংশ জিলিকি উঠে আৰু সেমেকি যায়, পিছত সেই অংশত ভেঁকুৰে আক্ৰমণ কৰে আৰু ক’লা ছাঁই বৰণীয়া হৈ যায়
  • আক্ৰমণৰ লক্ষণসমূহ পাত, ঠাৰি আৰু ফলত দেখা যায়
  • অমিতা খেতিৰ কাষত থকা বনবাত বা অন্য অলাগতিয়াল শস্য আঁতৰাই দিব লাগে
  • নিমৰ পৰা তৈয়াৰী কীটনাশক স্প্ৰে কৰিব পাৰি
  • Dichlovas (প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰ) স্প্ৰে কৰিব লাগে

অমিতা গছ ৰোৱাৰ ১০-১২ মাহৰ পৰাই ফল চপাব পৰা হৈ যায় । এবাৰ ফল লগা আৰম্ভ হ’লে একেৰাহে বহুদিনলৈ ফল দি থাকে । ফলৰ সংখ্যা বেছি হ’লে মাজে মাজে সৰু ফল কিছুমান ছিঙি দিব লাগে , তেতিয়া ফলবোৰৰ বৃদ্ধি ভাল হয় আৰু আকাৰত ডাঙৰ হয়।

লগতে পঢ়ক- অমিতা খেতি কৰোঁ আহক

English Summary: DISEASE OF PAPAYA CULTIVATE & SOLUTION

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.