1. এগ্ৰিপেডিয়া

কাছাৰ জিলাত ১৮৫৩ চনতেই কৰা হৈছিল কফি খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Coffee Cultivation In Northeast India- Its Need & Possibilities
Coffee Cultivation In Northeast India- Its Need & Possibilities

ৰাতিপুৱা শুই উঠি একাপ গৰম কফি মুখত দিয়াৰ আমেজ যিজনে পাইছে তেওঁ সেই আমেজ কেতিয়াও নাপাহৰে৷ কফি এবিধ ৰাগীয়াল দ্ৰব্যহীন জনপ্ৰিয় পানীয়৷ একাপ কফি খোৱাৰ পাছত শৰীৰৰ অৱসাদ দূৰ হোৱাৰ উপৰি ই আমাৰ দেহৰ স্নায়বিক প্ৰনালীটোক উত্তেজিত কৰি শৰীৰলৈ শক্তিৰ সঞ্চাৰ কৰে৷ বৰ্তমান এই কফিৰ ব্যৱসায় সমগ্ৰ বিশ্বতে আছে আৰু প্ৰসাৰতাৰ দিশৰ পৰা ই খাৰুৱা তেলৰ পাছতে স্থান লাভ কৰিছে৷ আমাৰ অসমৰ জলবায়ু এই কফি খেতিৰ বাবে যথেষ্ট উপযোগী৷ কফিৰ বুৰঞ্জী– ইথঅ’পিয়াত ৮০০ শতিকাতে কালাদ নামৰ এজন ভেৰাৰখীয়াই প্ৰথমতে এই কফিগছ আৱিস্কাৰ কৰে৷

১০০০ শতিকাত এই কফি খেতি আৰবীয়ান দেশত এই খেতি আৰম্ভ হয়৷ আৰু ইয়াৰ পাছৰ পৰাই ই বিশ্বৰ সকলো ঠাইলৈ বিয়পি পৰে৷  আমাৰ ভাৰতবৰ্ষত এই কফি খেতি আৰম্ভ হৈছিলে ৰোমাঞ্চকৰ ভাৱে৷ জানিব পৰা ম’তে, বাবা বুদান নামৰ এজন লোকে ১৬০০ শতিকাত মক্কাত হজ কৰিবলে যাওঁতে সাত (৭)টা কফি গুটি তেওঁৰ লাখুটি ডালতে ভৰাই লৈ আনিছিলে৷ তেওঁ গুটিকিটা নিজৰ বাসগৃহৰ চৌহদত ৰোপন কৰে আৰু তাৰ পৰাই বিভিন্ন ধৰণে কফি খেতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ প্ৰসাৰিত হয়৷ ১৮২০ চনত, দক্ষিণ ভাৰতত ইংৰাজসকলে বিত্ৰিছ এন্টাৰপ্ৰাইজ আৰু ইনভেষ্টৰ অধীনত এই কফি খেতি ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰে৷ এইয়াই ভাৰতবৰ্ষত ব্যৱসায়িক ভিত্তিত কৰা প্ৰথম কফি খেতি আছিল৷ লাহে লাহে দক্ষিন ভাৰতৰ প্ৰায় কেইখন ৰাজ্যই কফিখেতি কৰিবলে আৰম্ভ কৰে৷ 

অসম আৰু উত্তৰ পুৰ্বাঞ্চল– উত্তৰ পুব ভাৰতত অসমৰ কাছাৰ জিলাত ১৮৫৩ চনত এই কফি খেতি আৰম্ভ হৈছিলে৷ কিন্তু বিভিন্ন কাৰণত জনপ্ৰিয় নহ’লে৷ ইয়াৰ পাছত অসম আৰু মেঘালয়ৰ ভুমি সংৰক্ষণ বিভাগে পৰীক্ষামূলক ভাৱে কফি খেতি আৰম্ভ কৰে ১৯৫৪ চনত৷ পিছলৈ ভাৰতীয় কফি বৰ্ডে ১৯৭০ চনত উত্তৰ পূব পৰিষদৰ সহযোগত উত্তৰ পুৰ্বাঞ্চলৰ ৰাজ্যবোৰত জৰীপ ম’তে নিম্ন উল্লেখিত ধৰণে কফি খেতি উপযোগী বুলি নিৰ্ধাৰণ কৰিছিলে৷ প্ৰধানত উত্তৰ পুব ভাৰতৰ পাহাৰীয়া ৰাজ্য সমুহত প্ৰথাগত ভাৱে চলি অহা ঝুম খেতিৰ পৰা হোৱা অনিষ্ট আৰু খাটি সংৰক্ষণৰ দিশটো আগত ৰাখিয়েই কফি খেতিৰ বাবে জৰীপ কৰা হৈছিলে৷

লগতে পঢ়ক- 

ধান কটাৰ পাছতে খালী হৈ পৰা পথাৰবোৰত কি কি খেতি কৰিব পাৰিব কৃষকসকলে

উত্তৰ পুবত কফি খেতিৰ বাবে নিৰ্ধাৰণ কৰা মাটি-

ক্ৰমিক নং  ৰাজ্য কফিৰ বাবে উপযোগী মাটি (হেক্টৰ)

০১             অসম                          ১৬,০০০

০২             অৰুণাচল প্ৰদেশ             ৪০০০

০৩            মেঘালয়                        ৮০০০

০৪             মণিপুৰ                         ৪০০০

০৫             মিজোৰাম                     ৪০০০

০৬             নাগালেণ্ড                      ৪০০০

০৭              ত্ৰিপুৰা                          ৪০০০

ওপৰৰ জৰীপৰ পৰা দেখা গৈছিলে যে, অসমৰ মাটিকালিয়ে সৰ্বাধিক উপযোগী বুলি বিবেচিত হৈছিলে যদিও অসমে এতিয়াও এই ক্ষেত্ৰত উপযুক্ত ফলাফল দেখুৱাব পৰা নাই৷ বৰ্তমান দক্ষিণ ভাৰতৰ ৰাজ্যসমুহ, যেনে – কৰ্ণাটক, তামিলনাডু, কেৰেলাকে ধৰি অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ পুৰ্বাঞ্চলৰ কেউখন ৰাজ্য মিলাই মুঠ ৪,৩৪,৪৩৬ হেক্টৰ মাটিত এই কফি খেতি কৰি থকা হৈছে৷ আমাৰ উত্তৰ পূৰ্বাঞ্চল আচলতে ভগৱানৰ আশিৰ্বাদস্বৰূপ৷ সাতোভণীৰ মাটি খুব সাৰুৱা আৰু ইয়াৰ জলবায়ু কফি খেতিৰ বাবে উপযোগী৷ কোনো কোনো ঠাইত শীতকালত যদিওৱা উষ্ণতা প্ৰয়োজনকৈ কিছু পৰিমানে নিম্নগামী হয়৷ তথাপিও ই কফিৰ কাৰণে বিশেষ ক্ষতিকাৰক বুলি পৰিগণিত হোৱা নাই৷

কফি খেতি
কফি খেতি

অসমত প্ৰধানত দুবিধ জাতৰ কফি সাধাৰণতে কৰা হয়- এবিধ আৰাবিকা আৰু আনবিধ ৰ’বাষ্টা কফি৷

কফি খেতিৰ বাবে স্থান নিৰ্বাচন: অসমত ব্যৱসায়িক ভিত্তিত কৰা প্ৰধান দুয়োটা জাতৰ বাবে প্ৰয়োজনীয় জলবায়ু অলপ ভিন্ন হয়৷ কফি খেতিৰ বাবে জলবায়ুৰ বিষয় সমুহ তলত উল্লেখ কৰা হ’ল-

আৰাবিকাৰ বাবে–

  • উচ্চতা- ১০০০ মি ৰ পৰা ১৫০০ মি লৈ
  • ঢাল -সাধাৰণৰ পৰা মজলীয়া ধৰণৰ এঢলীয়া মাটি উত্তম একেই
  • দিশ – উত্তৰ, পুব আৰু উত্তৰপুব দিশ
  • মাটি -সাৰুৱা আৰু সামান্য আম্লিক (6-6.5ph)
  • বৰষুণৰ পৰিমান – ১০০০ ৰ পৰা ২০০০ মিমি
  • ফুল ফুলা সময়ত বৰষুণৰ পৰিমান-
  • মাৰ্চৰ পৰা এপ্ৰিল -২৫ ৰ পৰা ৪০ মিমি
  • ফুল ফুলাৰ পিছত বৰষুণ -এপ্ৰিল-মে/৫০-৭৫ মিমি
  • উচ্চতা – ১৫ছে ৰ পৰা ২৫ ছে
  • গছৰ ছায়া – চিৰ সেউজীয়া গভীৰ শিপাযুক্ত আৰু ঠাল ঠেঙুলীৰে আৱৰি থকা গছ উত্তম৷

ৰ’বাষ্টাৰ বাবে–

  • উচ্চতা- ৫০০ মি ৰ পৰা ১০০০ মি লৈ
  • ঢাল -সাধাৰণৰ পৰা মজলীয়া ধৰণৰ এঢলীয়া মাটি উত্তম,আৰাবিকাৰ দৰে একেই৷
  • দিশ – পুব আৰু উত্তৰপুব দিশ
  • মাটি -সাৰুৱা আৰু সামান্য আম্লিক (6-6.5ph),আৰাবিকাৰ দৰে একেই৷
  • বৰষুণৰ পৰিমান – ১০০০ ৰ পৰা ২০০০ মিমি
  • ফুল ফুলা সময়ত বৰষুণৰ পৰিমান-
  • মাৰ্চৰ পৰা এপ্ৰিল -২৫ ৰ পৰা ৪০মিমি
  • ফুল ফুলাৰ পিছত বৰষুণ – মাৰ্চ-এপ্ৰিল/ ৫০-৭০ মিমি
  • উচ্চতা – ২০ ৰ পৰা ৩০ছে
  • গছৰ ছায়া – চিৰ সেউজীয়া গভীৰ শিপাযুক্ত আৰু ঠাল ঠেঙুলীৰে আৱৰি থকা গছ উত্তম, আৰাবিকাৰ দৰে একেই৷

উল্লেখিত আটাইটোৰ পৰিস্থিতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহৰ কিছুমান অঞ্চলত দেখা যায়৷ সেয়েহে সেইবোৰ অঞ্চলত কফি খেতি কৰিব পাৰি৷ কফি গছ বোৰে (দুয়োবিধ জাতেই) প্ৰতিকুল পৰিস্থিতিটো কম বেছি পৰিমানে খাপ খাই যাব পাৰে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমুহ প্ৰধানত তলত উল্লেখিত অঞ্চল সমুহত কফিখেতি বহল ভিত্তিক কৰা হৈছে-

১) অসম – হাফলং, কাৰ্বি আংলং, বিজনী৷

২) মিজোৰাম – আাটাই কেউখন জিলাৰ বিভিন্ন গাৱত৷

৩) নাগালেণ্ড – নাগালেণ্ডৰ জিলাসমুহ৷

৪) মেঘালয় – তুৰা, ছিলংৰ দাতিকাষৰীয়া অঞ্চল, খাছী পাহাৰ আৰু ৰি-ভয় জিলাৰ বিভিন্ন ঠাইত৷

৫ ) অৰুণাচল – তিৰাপ জিলা, পাচিঘাট, জাপৰিগোগ জিলাৰ ভিন ভিন গাওঁত৷

৬) মণিপুৰ- চুচাচান্দপুৰ, তামেলং আৰু উখৰুল জিলাত

৭) ত্ৰিপুৰা – জামপুই পাহাৰত ভিন্ন গাৱত, ছাবৰুম অঞ্চল, উত্তৰ ত্ৰিপুৰা জিলাত আৰু উনাকাটি জিলাৰ ভিন ভিন গাঁৱত৷

কফি খেতি এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেতি৷ তথাপিও ইয়াৰ বহুল প্ৰচাৰ হোৱা নাই৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই কফি খেতি প্ৰসাৰ কৰিবৰ বাবে আমাৰ ভাৰতীয় কফি বৰ্ডে নিজা কিছু প্ৰকল্প হাতত লৈছে৷

লেখক- লাচিত ডেকা, কফি সম্প্ৰসাৰণ বিষয়া, ভাৰতীয় কফি বৰ্ড, যোৰহাট

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

English Summary: Coffee Cultivation In Northeast India- Its Need & Possibilities

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.