1. পশুপালন

বজাৰ বেয়া- মূৰে কপালে হাত দিবলগীয়া হৈছে গাহৰি পালকে

KJ Staff
KJ Staff
গাহৰি পালন
গাহৰি পালন

পথাৰো আমাৰ বজাৰ আমাৰ লক্ষ্যৰে অসমৰ একাংশ যুৱকে চাকৰিৰ পাছত নদৌৰি খেতি-খোলা তথা পশুপালন, মীনপালন আদিকে জীৱন জীৱিকাৰ মূল বৃত্তি হিচাপে বাছি লোৱা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত চৰকাৰ তথা চৰকাৰী বিভাগসূহেও এইসকল কৰ্মোদ্যমী যুৱকক সহায়ৰ বাবে ন ন আঁচনিৰ প্ৰস্তুত কৰিছে।কিন্তু বিশেষকৈ উজনিৰ ক্ষুদ্ৰ গাহৰিৰ পালকসকল এতিয়া বিপাঙত পৰিছে।

কিয়নো, বৰ্তমান গাহৰিৰ মূল্য নিচেই কম, বজাৰত যদিও চাহিদা অধিক তথাপি এইসকল পালকে নাপায় উচিত মূল্য। যাৰ বাবে এতিয়া বাৰুকৈ চিন্তিত পৰিছে এইসকল গাহৰি পালক। চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ সমীপৰ এদল যুৱকে কৰা গাহৰি পামৰ ব্যৱসায়ো এতিয়া এনে কাৰণতে লোকচানৰ সন্মুখীন হৈছে। উল্লেখ্য যে, বৰদিন, নৱবৰ্ষ তথা মাঘ বিহুৰ সময়ত গাহৰিৰ মাংসৰ চাহিদা বৃদ্ধি পোৱা দেখা যায় আৰু এইকেইটা দিনতে পালকে দুপইচা বেছিকৈ পোৱাৰ আশা কৰে।

কিন্তু উত্তৰ প্ৰদেশ, পাঞ্জাব, হাৰিয়ানাকে ধৰি বহি: ৰাজ্যৰ পৰা গাড়ীয়ে গাড়ীয়ে গাহৰি অহাৰ ফলত থলুৱা গাহৰিৰ মূল্য হ্ৰাস হোৱাৰ লগতে চাহিদাও কমি গৈছে। ইফালে ছোৱাইন ফ্লুৰ সময়ত বহি: ৰাজ্যৰ পৰা গাহৰিৰ আমদানি কৰাৰ ক্ষেত্ৰত পশুপালন বিভাগে বাধা আৰোপ কৰিছিল যদিও আজিৰ তাৰিখত উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেদি নিতৌ সৰবৰাহ হৈছে গাহৰিভৰ্তি ট্ৰাক।

যিহেতু অসমৰ গাহৰি পালকসকলে অসমত প্ৰয়োজনীয় গাহৰিৰ মাংসৰ চাহিদা পুৰণ কৰিব পাৰে, সেয়ে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা তৎকালীনভাৱে চৰকাৰক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে টীয়কৰ চিন্তামণিগড়ৰ কেন্দুগুৰি পথাৰৰ কাষৰ গাহৰি পামৰ যুৱ গাহৰি পালকসকলে।

লগতে পঢ়কঃ দেশৰ আটাইতকৈ শিক্ষিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সম্পত্তি মুঠেই ১ কোটি টকা

English Summary: No fair price for pigs in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.