1. পশুপালন

বায়’ফ্লক পদ্ধতিৰে ধেমাজিৰ জিতু গগৈয়ে পালন কৰিছে থলুৱা কাৱৈ-শিঙি মাছ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বায়’ফ্লক পদ্ধতিৰে ধেমাজিত থলুৱা কাৱৈ-শিঙি মাছ পালন
বায়’ফ্লক পদ্ধতিৰে ধেমাজিত থলুৱা কাৱৈ-শিঙি মাছ পালন

সম্প্ৰতি মাছ পালনৰ বাবে বায়’ফ্লক পদ্ধতি একাংশ মাছ পালকৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছে। আৰু বহু মাছপালক এই বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি সফলো হৈছে। বহুজন বিফল হোৱা বুলি জানিব পৰা গৈছে। এই আলোচনাত আমি অৱশ্যে বায়’ফ্লক পদ্ধতিৰে মাছ পালন কৰি কৰি সফল হোৱা ধেমাজিৰ জিতু গগৈৰ বিষয়ে আলোচনা কৰিম। জিতু গগৈৰ নিজৰ ৬-৭ বিঘা মাটিত পুখুৰী থকা স্বত্বেও তেওঁ বায়’ফ্লক পদ্ধতিৰে মাছ পালনৰ প্ৰতি আগ্ৰহী হৈ এই উঠিছে।

শেহতীয়াকৈ তেওঁ অসমৰ থলুৱা মাছসমূহক বায়’ফ্লক পদ্ধতিৰে পালনৰ বাবে এক পৰীক্ষা চলাইছিল। এই সন্দৰ্ভত আমাৰ কৃষি জাগৰণ অসমৰ প্ৰতিনিধিৰে হোৱা কথা-বতৰাত সফল হৈছে বুলিও জানিবলৈ দিয়ে। সাধাৰণতে বায়’ফ্লক পদ্ধতিত মাছ পুহিবলৈ অক্সিজেন পাম বিশেষভাৱে প্ৰয়োজনীয়। কিন্তু জিতু গগৈয়ে বিনা অক্সিজেন পামেৰে কৰিছে মাছ পালন। কিন্তু তেওঁ থলুৱা কাৱৈ-শিঙি আদি মাছবোৰহে পালন কৰিছে। বিনা অক্সিজেন পামেৰে বাকী মাছ পুহিব পাৰে নোৱাৰে বুলি সোধাত তেওঁ এই বিষয়ে অৱগত নহয় বুলি কয়।

লগতে পঢ়ক- 

বায়'ফ্লক পদ্ধতিৰে মাছ পালন কৰক ৬ ফুট গোলাকাৰৰ এটা টেংকিতে

তেওঁ কেনেদৰে কৰি থকা মাছসমূহ প্ৰতিপালন কৰে! এই বিষয়ে জানিব বিচৰাত তেওঁ কয় যে মাজে পানী সলাই থাকে, খাদ্য যোগান ধৰে আৰু কেতিয়াবা পানীৰ সোঁত বোৱাই টেংকিটোত। উল্লেখ্য যে তেওঁ পৰীক্ষামূলকভাৱে এনেদৰে মাছ পালন কৰিছে। যদি সফল হয় পৰবৰ্তী সময়ত অধিক পৰিমানে বায়’ফ্লক পদ্ধতিৰে মাছ কৰিব বুলি জানিবল দিয়ে। লগতে তেওঁ জানিবলৈ দিয়ে যে এইবছৰতে তেওঁ এটা অক্সিজেন পাম টেংকিটোত স্থাপন কৰিব আৰু বৰ্তমানলৈ তেওঁ পালন কৰি থকা মাছসমূহৰ চেৰেহা-পাতি ভালেই দেখি আহিছে।

উল্লেখ্য যে সম্প্ৰতি বায়’ফ্লক পদ্ধতিৰে বহু মাছ পালকে কুঁচিয়া পুহিবলৈ আৰম্ভ কৰিছে। অসমৰ বাহিৰত এনেদৰে কুঁচিয়া পুহি বহু মাছ পালক লাভান্বিত হৈছে। ঠাইৰ অভাৱত ভোগাসকলে, কম ঠাইত কৰিব বিচৰাসকলে এনেদৰে মাছ পালন কৰি অসমৰ মাছ পালকসকল যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। নিৱনুৱা যুৱক-যুৱতীসকলেও এনে মাছ পালনেৰে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে।

লগতে পঢ়ক ঃ 

টেংকীত কুচিয়া পালনৰ পদ্ধতি সম্পৰ্কে জানো আঁহক

English Summary: biofloc fish farming in Dhemaji

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.