1. News

প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব ১২৫০ টকা

Mrigakshi Phukan
Mrigakshi Phukan
Himanta Biswa Sharma
Himanta Biswa Sharma

অৰুণোদয় আঁচনিৰ হতাধিকাৰীৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰেপৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। আজিৰেপৰা ২৫০ টকাকৈ অধিক ধন হিতাধিকাৰীসকলে লাভ কৰিব। পূৰ্বৰ ১০০০ টকাৰ ঠাইত ১২৫০ টকাকৈ লাভ কৰিব হিতাধিকাৰীসকলে। আজি অৰ্থাত ১০ অক্টোবৰৰপৰাই অৰুণোদয় হিতাধিকাৰীসকলে ১২,৫০ টকাকৈ লাভ কৰিব। প্ৰতি মাহৰ ১০ তাৰিখে এই ধনৰাশি অৰুণোদয় হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব বুলি আজি টুইট যোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক দিয়া হৈছে ২৫০ টকাকৈ। ইফালে অৰুণোদয় আঁচনিৰ পৰা প্ৰায় ২০০০ হিতাধিকাৰীয়ে ইতিমধ্যে স্ব-ইচ্ছাই নাম কৰ্তন কৰাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। NCC কেডেটৰ সমীক্ষাত ইতিমধ্যে ৬২ হাজাৰ হিতাধিকাৰীৰ নাম কৰ্তন হৈছে বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে অযোগ্য অৰুণোদয় হিতাধিকাৰীক স্ব-ইচ্ছাই নিজৰ নাম কৰ্তন কৰিবলৈ আহ্বান জনাইছিল চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিজেপিৰ সভাত লগতে কয় যে চৰকাৰে অৰুণোদয় আঁচনিত নতুনকৈ ৭ লাখ নতুন হিতাধিকাৰীৰ নাম সংযুক্ত কৰিব। অৰুণোদয় আঁচনিৰ বৰ্ধিত ধনৰাশি দুই-তিনিমাহৰ ভিতৰত হিতাধিকাৰীৰ একাউণ্টত সোমাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে অৰুণোদয় আঁচনি হৈছে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে অসম চৰকৰে মুকলি কৰা এখন আঁচনি। এই আঁচনিখনে ৰাজ্যত বাস কৰা প্ৰায় ১৯.১০ লাখ পৰিয়ালক প্ৰতি মাহে ১০০০ টকাৰ বিত্তীয় অনুদান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ২০২০ চনৰ অক্টোবৰ মাহৰ আৰম্ভনিৰপৰা প্ৰতি মাহৰ প্ৰথম দিনা তেওঁলোকে ধন লাভ কৰিব বুলি ঘোষণা কৰা হৈছিল। পৰিয়ালৰ মুখ্য তত্বাৱধায়ক মহিলা গৰাকীক আঁচনিৰ হিতাধিকাৰী হিচাপে গণ্য কৰা হয়। আঁচনিখনৰ সুবিধা বৰ্তমান ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে।

জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ পদ্ধতিসমূহ নিৰ্ধাৰণ কৰে। হিতাধিকাৰীৰ প্ৰাথমিক নিৰ্বাচন যোগ্যতা বা অযোগ্যতা চুক্তিৰ ভিত্তিত গাঁও পঞ্চায়ত, গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি, নগৰ স্থানীয় সংস্থা পৰ্যায়ত কৰা হয়।

অৰুণোদয় আঁচনিৰ বাবে প্ৰয়োজনীয় নিৰ্বাচনী সূচীখন ২০২০ চনৰ ১৭ আগষ্ট তাৰিখে অসম চৰকাৰে মুকলি কৰে। যিসকল আবেদনকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে, তেওঁলোকে পৰিয়ালৰ মোনোনিত মহিলাগৰাকীৰ বেংক একাউন্টত আঁচনিৰ ধন লাভ কৰে।

অসম চৰকাৰে যোগ্য হিতাধিকাৰীক ঔষধ, দাইল আৰু চেনী ক্ৰয় কৰিবলৈ মাহিলি বিত্তীয় অনুদান প্ৰদান কৰে, য'ত প্ৰতি মাহে ৪০০ টকাকৈ প্ৰত্যেক পৰিয়াল তথা হিতাধিকাৰীক তেওঁলোকৰ স্বাস্থ্যকেন্দ্ৰিক যত্ন ল'বলৈ আৰু ঔষধ ক্ৰয় কৰিবলৈ প্ৰত্যেক পৰিয়ালক ২০০ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। মাহেকত ৪ কিলোগ্ৰাম দাইলৰ বাবদ ৫০% অনুদানৰ বাবে মাহেকৰ ৰাজসাহায্য আৰু একোটা পৰিয়ালক প্ৰতিমাহে ৮০ টকাৰ অনুদান প্ৰদান কৰা হয়। ফলস্বৰূপে ৪ কিলোগ্ৰাম চেনীত প্ৰতি মাহে হ'বলগীয়া ব্যয়ৰ ৫০% কাৰ্যকৰীভাৱে ৰাজসাহায্যৰপৰা হিতাধিকাৰীয়ে লাভ কৰিব। তদুপৰি হিতাধিকাৰীৰ ঘৰুৱা ফাৰ্মত যিমান পৰিমাণৰ খেতি হয়, তাৰ বাদেও প্ৰতি মাহে আছুতীয়াকৈ ১৫০ টকা ব্যয় সাপেক্ষে প্ৰয়োজনীয় ফল-মূলৰ লগতে শাক-পাচলি ক্ৰয় কৰিবলৈ আৰ্থিক সহায় প্ৰদান কৰা হয়। চিকিৎসা তথা পুষ্টি সম্বন্ধীয় সহায়ৰ বাবে একোটা পৰিয়ালক প্ৰতি মাহে ১০০০ টকা বিত্তীয় অনুদান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অৰুণোদয় আঁচনিৰ অধীনত দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই ধনৰাশিৰ লগত ২৫০ টকাকৈ যোগ দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল। আজি অৰ্থাত ১০ অক্টোবৰৰপৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব বুলি ঘোষণা কৰিছিল চৰকাৰে।

লগতে পঢ়কঃ নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী কিন্তু কি কৰিব!

English Summary: arunudoi scheme

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.