1. Government Schemes

যদি আপোনাৰ বয়স ৪০ বছৰ তলৰ তেতিয়া ৬০ বছৰ বয়সত লাভ কৰিব ১০০০ কৈ পেঞ্চন!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বৃদ্ধকালতো স্বাধীন মনে জীয়াই থকাৰ উপায়
বৃদ্ধকালতো স্বাধীন মনে জীয়াই থকাৰ উপায়

যদি আপোনাৰ বয়স ৪০ বছৰতকৈ কম হয় তেতিয়া আপুনি ৬০ বছৰ বয়সত প্ৰতিমাহে ১০০০ টকা পাব পাৰে। ইয়াৰ বাবে আপুনি অটল পেঞ্চন যোজনাত আপুনি নাম পঞ্জীয়ন কৰাব লাগিব। পৰিসংখ্যা অনুসৰি এতিয়ালৈকে প্ৰায় ৪ কোটি লোকে অটল পেঞ্চন আঁচনিত যোগদান কৰিছে। এই আঁচনিখনত যোগদান কৰাটো অতি সহজ। এই পৰিকল্পনা বৃদ্ধ বয়সৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। এই আঁচনিৰ বৃদ্ধ পেঞ্চন পাবলৈ আবেদনকাৰীয়ে প্ৰতিমাহে ধন জমা কৰিব লাগিব।

যেতিয়া আবেদনকাৰীৰ বয়স ৬০ বছৰ হয়, তেতিয়া জমা কৰা ধন অনুসৰি আবেদনকাৰীয়ে পেঞ্চন হিচাপে এটা নিৰ্দিষ্ট ধন লাভ কৰিবলৈ আৰম্ভ কৰে। এইদৰে এই আঁচনিৰ সুবিধা লাভ কৰা ব্যক্তিজনে বৃদ্ধ বয়সত কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে আৰু দৈনন্দিন খৰচৰ বাবেও চিন্তা কৰিব নালাগে। আপোনালোকক কওঁ যে অটল পেঞ্চন যোজনা এখন চৰকাৰী আঁচনি আৰু ইয়াত নিশ্চিত আয়ৰ সুবিধা পোৱা যায়। বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰি পেঞ্চনৰ ৰূপত সহজে লাভ কৰিব পাৰিব ১ হাজাৰৰ পৰা ৫ হাজাৰ টকা।

লগতে পঢ়ক-

APL / BPL ৰেচন কাৰ্ড হোল্ডাৰসকলৰ বাবে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি

ভাৰতৰ যিকোনো বাসিন্দাই এই আঁচনিৰ সুবিধা ল’ব পাৰে। যদি আপোনাৰ বয়স ৪০ বছৰৰ কম হয় তেন্তে আপুনিও এই আঁচনিৰ সুবিধা ল’ব পাৰে। আচলতে এই আঁচনিৰ যোগদান বয়স ১৮ৰ পৰা ৪০ বছৰ, গতিকে ৪০ বছৰৰ ওপৰৰ ব্যক্তিয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে।

এই আঁচনিখনত পেঞ্চনৰ সুবিধা পাবলৈ হ’লে কমেও ২০ বছৰ বিনিয়োগ কৰিব লাগিব। ৬০ বছৰ বয়সত উপনীত হ’লেই আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক- 

MIS আঁচনিৰ অধিনত আপোনাৰ সন্তানক উচ্চ শিক্ষাৰ বাবে দিয়াব পাৰিব পেঞ্চন

English Summary: atal amit Yojana

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.