1. News

ভাল খবৰ! ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৫ লাখকৈ টকা

Mrigakshi Phukan
Mrigakshi Phukan
Himanta biswa sharma
Himanta biswa sharma

প্ৰতিজন ৰেচন কাৰ্ডৰ (Ration Card) অধিকাৰীলৈ সু-খবৰ। লক্ষ্মীপূজাৰ প্ৰাক মূহুৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব পাঁচ লাখকৈ টকা। প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনাৰ অধীনত এই ধনৰাশি লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিঘৰ লোকে। ১ জানুৱাৰীৰ ভিতৰত হিতাধিকাৰী সকলে এই ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

স্বাস্থ্য বীমা আঁচনি হিচাপে এই ধন ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে। আজি নতুন বিজেপি ভৱন মুকলি উনুষ্ঠানৰ লগত সংগতি ৰাখি খানাপাৰাৰ ভেটাৰেনাৰী খেলপথাৰত অনুষ্ঠিত বিজেপি কাৰ্যকৰ্তা সন্মিলনত মুখ্য়মন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। উল্লেখ্য যে আজি গুৱাহাটীত মুকলি কৰা হ'ল বহুপ্ৰতীক্ষিত বিজেপিৰ নৱনিৰ্মিত পঞ্চতাৰকাসদৃশ কাৰ্যালয়।

নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয়টোত আছে সকলো অত্যাধুনিক সা-সুবিধা। গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়টো। ৬ মহলীয়া ভৱনটো মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। উল্লেখ্য, নৱনিৰ্মিত বিজেপি ভৱনটো বাজপেয়ী ভৱন হিচাপে নামকৰণ কৰা হৈছে। ভৱনটোত সকলো অত্যাধুনিক সা-সুবিধা আছে।

জানিব পৰা মতে, বিজেপিৰ দলীয়-কৰ্মীৰ সহায় আৰু সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। প্ৰায় ২৫ কোটি টকা ব্যয়সাপেক্ষে ১ লাখ বৰ্গ ফুট এলেকাত নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টো। প্ৰায় ৫ সহস্ৰাধিক লোক একেলগে সমবেত হ'ব পৰা ছয়মহলীয়া এই  কাৰ্যালয়টোত অতিথিশালা আৰু মিডিয়া চেণ্টাৰো আছে।লগতে আছে প্ৰায় ৪০০ লোক বহিব পৰা এক অত্যাধুনিক বিশাল প্ৰেক্ষাগৃহ।

লগতে পঢ়কঃ কাইলৈ লক্ষ্মী পূজাঃ পুৱতি নিশাতে আৰম্ভ হ'ব লগ্ন

English Summary: ration card holders to get health insurance of rs 5 lakhs

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.