গহপুৰৰ ইন্দ্ৰজিত নাথ আৰু তেওঁৰ পত্নীয়ে সমাজচ্যুত হৈ অকলশৰে জীৱন নিৰ্বাহ কৰিছে। চুৰি, ডকাইতি, হত্যা, অপহৰণ, ধৰ্ষণ- এনে কোনো অভিযোগত তেওঁলোক সমাজচ্যুত হোৱা নাই। একমাত্ৰ জীৱিকাটোৰ বাবেই সমাজে নিৰ্বাসন দিছে ইন্দ্ৰজিত নাথ আৰু তেওঁৰ পত্নীক। গাহৰি পালনক জীৱিকা হিচাপে বাছি লৈছিল ইন্দ্ৰজিতে। চৰকাৰী চাকৰিৰ আশাত বিনাশ্ৰমে বহি নাথাকি তেওঁ আৰ্থিকভাৱে সফল হোৱাৰ সপোন দেখিছিল। কিন্তু ইন্দ্ৰজিতৰ সপোনে চকুত হুল হৈ বিন্ধিলে এচাম লোকক। শংকৰ সংঘৰ অনুগত ইন্দ্ৰজিতহঁতৰ গাঁওখনৰ অধিকাংশ লোকে ইন্দ্ৰজিতক এই ব্যৱসায় ত্যাগ কৰিবলৈ একপ্ৰকাৰ হুংকাৰ দিলে। পিছে নিজৰ স্থিতিত অটল থাকি ইন্দ্ৰজিতে সমাজৰ বিপৰীতে গৈ বাছি ল’লে নিজৰ জীৱিকাক। নিজৰ পিতৃগৃহৰপৰা আঁতৰি পত্নীৰ সৈতে বৰানীপথাৰত এখন চালিৰ তলত তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে।
২০১৯ চনৰপৰাই সমাজচ্যুত হৈ থকা স্বামী-স্ত্ৰীক বিপদৰ সময়তো তেওঁলোকৰ সমাজে লগ দিয়া নাই। শংকৰ সংঘৰ কঠোৰ নিয়মৰ বাবে এনেদৰে সমাজচ্যুত হ’বলগীয়া হোৱা বহু লোকৰ সকাহিনী এতিয়া সন্মুখলৈ আহিছে। অলপতে মাছ-মাংস খোৱাৰ বাবে এটা পৰিয়ালক বৰ্জন কৰা ঘটনাই শংকৰ সংঘক পুনৰ সমালোচনাৰ আওতালৈ আনিলে। এই লৈ বিভিন্ন দল-সংগঠনে গৰিহনা দিলে ধৰ্মীয় অনুষ্ঠানটোক। কিন্তু ‘সংবিধান’ৰ দোহাই দি অনুষ্ঠানটোৰ বিষয়ববীয়া নিজৰ স্থিতিত আঁকোৰগোঁজ হৈ লাগি থাকিল। এক সংবাদ মেলত অলপতে শংকৰ সংঘৰ বিষয়ববীয়াসকলে কয়, ‘বহু হাজাৰ টকা লাভ হ’লেও গাহৰি আৰু কুকুৰাৰ ব্যৱসায়ক সমৰ্থন কৰিবলৈ শংকৰ সংঘক হেঁচা নিদিব।‘
এনে পৰিস্থিতিত প্ৰশ্ন হয়, শংকৰ সংঘৰ দৰে এটা বিশাল সামাজিক অনুষ্ঠান গ্ৰাম্য অৰ্থনীতিৰ বৈৰী হৈ পৰিছে নেকি? এনে কি ধৰ্মীয় বাধ্য-বাধকতা শংকৰদেৱৰ আদৰ্শই দেখুৱাই গৈছে যি অসমৰ অৰ্থনৈতিক বিকাশৰ পথত হেঙাৰ হৈ থিয় দিছে?
অসমৰ চুকে-কোণে ইন্দ্ৰজিতৰ দৰে এনে বহু পশুপালক এনেধৰণৰ সামাজিক বৈষম্যৰ চিকাৰ হৈ আছে। কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ পশুপালকসকল একগোট হৈ থিয় দিয়াৰ নজিৰ বিৰল। এনে সামাজিক বৈষম্যৰ বিৰুদ্ধে থিয় দিয়াৰ এয়াই সময়। নহ’লে ধৰ্মীয় সংবিধানৰ নামত দেশৰ সংবিধানে দিয়া অধিকাৰৰপৰা ৰাজ্যৰ এই ক্ষুদ্ৰ পশুপালকসকল বঞ্চিত হৈ থাকিব। উল্লেখ্য যে,
অসম এনে এখন ৰাজ্য য'ত জনসংখ্যাৰ বেছিভাগ লোকেই আমিষ খাদ্য গ্ৰহণ কৰে। মাংসৰ ৰূপত কণী আৰু কুকুৰাৰ যথেষ্ট চাহিদা আছে।
২০১১ চনৰ লোকপিয়ল অনুসৰি, অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.০৯ কোটি। আইচিএম আৰৰ পৰামৰ্শ মতে প্ৰতি বছৰে প্ৰতিজন লোকক ১৮০ টা কণীৰ প্ৰয়োজন হোৱালৈ চাই, ৰাজ্যখনৰ বাবে মুঠ কণীৰ প্ৰয়োজনীয়তা প্ৰতি বছৰে প্ৰায় ৫৬০ কোটি। তদুপৰি, প্ৰতিজন ব্যক্তিৰ বাবে মাংস খোৱাৰ আইচিএমআৰ পৰামৰ্শ অনুসৰি, ৰাজ্যত মুঠ মাংসৰ প্ৰয়োজনীয়তা হৈছে বছৰি ৩৩৭০ লাখ কিঃগ্ৰা। আনহাতে মুঠ মাংসৰ প্ৰয়োজনীয়তাৰ ৪০% কুকুৰা মাংস বুলি বিবেচনা কৰি, ৰাজ্যখনৰ বাবে বাৰ্ষিক কুকুৰা মাংসৰ প্ৰয়োজনীয়তা হৈছে ১৩৪৮ লাখ কিঃগ্ৰা।
বাৰ্ষিক ৫৬০ কোটি কণীৰ প্ৰয়োজনীয়তাৰ বিপৰীতে, ৰাজ্যখনে বছৰি প্ৰায় ৪৭.৫০ কোটি কণীহে উৎপাদন কৰে । সেই অনুসৰি বছৰি ৫১২.৫ কোটি কণীৰ অভাৱ হয়। ব্যক্তিগত খণ্ডত বাণিজ্যিক স্তৰৰ ফাৰ্ম স্থাপনৰ লগতে পিছফালৰ কুকুৰা পালনৰ প্ৰচাৰৰ জৰিয়তে এই হ্ৰাস যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি। কিন্তু সামাজিক বাধ্য-বাধকতা এইদৰে হেঙাৰ হৈ থাকিলে অসমত কণী বা মাংসৰ উৎপাদন যে সহজতে বৃদ্ধি নাপাব সেয়া ধূৰূপ।