 
            বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয়টো দিনত ৰাজ্যৰ কৃষকসকলৰ সুবিধাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ দিয়ে অখিল গগৈয়ে। ধান ক্ৰয় কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে বিধানসভাৰ মজিয়াত তেওঁক অধ্যক্ষক সম্বোধন কৰি আহ্বান জনায়। প্ৰয়োজন অনুপাতে ধান ক্ৰয় কেন্দ্ৰ ৰাজ্যত কম হৈ আছে বুলি তেওঁ মন্তব্য কৰে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে কয় যে এটা সমষ্টিত এটাতকৈ বেছি ধান ক্ৰয় কেন্দ্ৰ থাকিব লাগে।
এখন গাঁৱতে কেইবাজনো বেপাৰী থাকে। গতিকে এটা পঞ্চায়তত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ থাকিব লাগে। ধান ক্ৰয় কেন্দ্ৰসমূহত কেৱল ৰঞ্জিত আৰু বাহাদুৰ ধানহে ক্ৰয় কৰাৰ সুবিধা আছে। ইয়াৰ বাহিৰে অসমত ব্যাপকভাৱে হোৱা শালি ধান, বাও ধান, জহা ধান আদিও ক্ৰয় কৰিব পৰাকৈ এটা ব্যৱস্থা সৃষ্টি কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়। ধান ক্ৰয় কেন্দ্ৰসমূহত অসমৰ থলুৱা পৰিৱেশৰ ভিত্তিত ধান ক্ৰয়ৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে অখিল গগৈয়ে। ধান বিক্ৰীৰ ক্ষেত্ৰত থকা সমস্যা যেনে- ধান ক্ৰয়ৰ বিনিময়ত পাবলগীয়া টকা যথেষ্ট দেৰিকৈ পোৱা আদি সমস্যা দূৰ কৰিবলৈ ব্যৱস্থা হাতত ল’বলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়।
জনায়।প্ৰতিটো বিধানসভা সমষ্টিত অন্ততঃ দুখনকৈ মাল টনা গাড়ী দিয়াৰ আহ্বান অখিল গগৈৰ। প্ৰত্যেকটো পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰৰ ব্যৱস্থা নোহোৱালৈকে ধান কঢ়িয়াবৰ বাবে মাল টনা গাড়ীৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনায়। দুখীয়া বা কমকৈ খেতি কৰা কৃষকে সামান্য শস্য কঢ়িয়াবলৈ এখন গাড়ী কিনিব নোৱাৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে। মধ্যভোগী বেপাৰীক নাকী লগাবলৈয়ো চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় বিধায়কগৰাকীয়ে।
ইফালে বিধানসভাত কৃষকসকলৰ সুবিধাৰ্থে ৰখা প্ৰস্তাৱসমূহৰ প্ৰসংগত এটা ছ’চিয়েল মিডিয়া প’ষ্টত এইদৰে লিখে বিধায়ক অখিল গগৈয়ে- ‘শিৱসাগৰ বিধানসভা সমষ্টিত এটা ১১ হাজাৰ বৰ্গফুটৰ ধানৰ গুদাম আৰু এটা অত্যাধুনিক ধান বনোৱা মিল আৰু ধান ক্ৰয় কেন্দ্ৰ প্ৰতিষ্ঠা কৰিব পৰাটো মোৰ বিধায়ক জীৱনৰ কৰ্মৰ এটি মাইলৰ খুটি। অসমত খেতিয়কৰ পৰা ধান ক্ৰয় কৰাৰ পৰামৰ্শ অসমৰ মুখ্যমন্ত্ৰীক মইয়ে প্ৰথমে দিছিলোঁ। আৰু সেই পৰামৰ্শকে অসমৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীয়ে সমগ্ৰ অসমত কাৰ্যকৰী কৰিলে। আজি অসম বিধান সভাত মন্ত্ৰী পিযুষ হাজৰিকাই অকপটে স্বীকাৰ কৰিলে যে চৰকাৰে মোৰ পৰামৰ্শৰ পৰাই অসমত ধান ক্ৰয় ব্যৱস্থাৰ আঁচনি ল'লে।’
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কগৰাকীয়ে উত্থাপন কৰা প্ৰস্তাৱসমূহ সংশ্লিষ্ট বিভাগটোৱে গুৰুত্বসহকাৰে ল’লে ৰাজ্যৰ কৃষকসকল নিশ্চয়কৈ উপকৃত হ’ব বুলি আশা কৰা হৈছে।
লগতে পঢ়কঃ সু স্বাস্হ্য ৰক্ষাত মিলেট: Millet in good health care
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments