1. News

বানত ক্ষতিগ্ৰস্ত কৃষক সহায়ৰ আহ্বান চৰকাৰ তথা ৰাইজক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ধেমাজি জিলাৰ পথাৰবোৰত এতিয়া কেৱল হাহাকাৰ আৰু ক্ষোভৰ বিননি। প্ৰকৃতিৰ ৰুদ্ৰৰূপত কোনোদিনে কল্পনা নকৰা ভয়াৱহ ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে জিলাখনৰ সহজ-সৰল কৃষকসকল। কেইবাদিনো ধৰি বানৰ ঘোলা পানীৰ তলত বুৰ গৈ থকা বিঘাই বিঘাই মাকৈ আৰু ধান খেতিবোৰ এতিয়া সম্পূৰ্ণৰূপে পচি গৈ মৃতপ্ৰায় অৱস্থালৈ ৰূপান্তৰিত হৈছে। চকুৰ আগতে নিজৰ পৰিশ্ৰমৰ ফচল ধ্বংস হোৱা দেখি বুকুত চপৰিয়াই কান্দিছে অন্নদাতাই। ভৱিষ্যতৰ এটি সুন্দৰ সপোন বুকুত বান্ধি কঠীয়াতলীৰ পৰা দিন-ৰাতি একাকাৰ কৰি যি পৰিশ্ৰম আৰু ধন খৰচ কৰিছিল, সেয়া আজি বানৰ সোঁতে নিমিষতে শেষ কৰি পেলালে।

২ লাখ টকীয়া সপোন আৰু ধাৰৰ কৰুণ বোজা

জিলাখনৰ স্থানীয় কৃষকসকলে চকুৰ পানী টুকি জনোৱা মতে, এইবাৰ খেতিৰ বাবে তেওঁলোকে সাধ্যৰ অতীত খৰচ কৰিছিল। একো একো গৰাকী কৃষকে নিজৰ ঘৰ-মাটি, সা-সম্পত্তি বন্ধক দি অথবা বেংক আৰু মাইক্ৰ’ফাইনেন্সৰ পৰা গধুৰ সুতত ধাৰ লৈ প্ৰায় ২ লাখ ট পৰ্যন্ত খৰচ কৰি মাকৈ আৰু ধানৰ খেতি কৰিছিল। সমগ্ৰ পৰিয়ালটো পোহপাল দিয়াৰ বাবে এই খেতিখনেই আছিল তেওঁলোকৰ একমাত্ৰ অৱলম্বন আৰু ভৰসা। কিন্তু এতিয়া খেতিও নাই, হাতত পইচাও নাই; আছে কেৱল ঋণদাতালৈ ভয় আৰু বুকুত এক বুজাব নোৱাৰা শূন্যতা। দুৰ্ভাগ্যবশতঃ, এই দৰিদ্ৰ কৃষকসকলৰ অধিকাংশৰে খেতিৰ কোনো চৰকাৰী শস্য বীমা (Crop Insurance) নাছিল। বীমাৰ সুৰক্ষা কৱচ নথকাৰ বাবেই আজি তেওঁলোকে সৰ্বস্ব হেৰুৱাই এক সম্পূৰ্ণ অনিশ্চিত আৰু অন্ধকাৰ ভৱিষ্যতৰ দিশে খোজ দিছে।

কাতৰ আবেদন: চৰকাৰ আৰু সমাজৰ ওচৰত

এই চৰম সংকটৰ মুহূৰ্তত কেৱল পৰম্পৰাগত চৰকাৰী একঠা চাউল বা এপোৱা ডাইলৰ চৰকাৰী সাহাৰ্য্যই এইসকল কৃষকক উদ্ধাৰ কৰিব নোৱাৰে। ইয়াৰ বাবে এতিয়া প্ৰয়োজন এক সুদূৰপ্ৰসাৰী আৰু সংবেদনশীল পৰিকল্পনাৰ। ঋণগ্ৰস্ত কৃষকসকলৰ মূৰৰ ওপৰত থকা বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ ধাৰৰ বোজা চৰকাৰে অনতিবিলম্বে মাফ কৰাৰ ব্যৱস্থা কৰিব লাগে। লগতে, ধেমাজি জিলা প্ৰশাসনক কাতৰ অনুৰোধ— আপোনালোকে ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী প্ৰকৃত কৃষকৰ এখন সঠিক তালিকা প্ৰস্তুত কৰক আৰু তেওঁলোকৰ একাউণ্টত তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰক, যাতে তেওঁলোকে পুনৰ জীৱনৰ যুঁজখন আৰম্ভ কৰিব পাৰে।

কেৱল চৰকাৰেই নহয়, আমি সমাজৰ প্ৰতিগৰাকী সৰ্বসাধাৰণ হৃদয়ৱান ব্যক্তি, ব্যৱসায়ী আৰু স্বেচ্ছাসেৱী অনুষ্ঠানসমূহলৈকো দুহাত জোৰ কৰি আহ্বান জনাইছোঁ— এই বিপৰ্যয়ৰ সময়ত ধেমাজিৰ কৃষকৰ কাষত থিয় দিয়ক। আপোনাৰ সামান্য আৰ্থিক বা মানসিক সহায় হয়তো আজি এজন কৃষকৰ পৰিয়ালক ভোকৰ কৰাল গ্ৰাসৰ পৰা বচাব পাৰে, তেওঁলোকৰ সন্তানৰ পঢ়া-শুনা বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। মনত ৰাখিব, পথাৰৰ কৃষকজন বাচি থাকিলেহে আমাৰ সমাজখন বাচি থাকিব। অন্নদাতাৰ এই ক্ৰন্দনৰ সঠিক মূল্যায়ন হওক।

English Summary: Government and Public Support for Flood-Affected Farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2026 Krishi Jagran Media Group. All Rights Reserved.