1. News

বজাৰত লোকচান ভাৰতৰ আটাইতকৈ ধনী কৃষকজনৰ পৰামৰ্শ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

‘কৃষি জাগৰণ অসম’ৰ মূল উদ্দেশ্যে হৈছে আমাৰ কৃষিখণ্ডত লুকাই থকা অপাৰ সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত তুলি ধৰা আৰু কৃষকসকলক আধুনিক কৃষিকৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰা। আমাৰ আহ্বানত সঁহাৰি জনাই বহু কৃষকে কষ্ট কৰে আৰু তেওঁলোকৰ পথাৰ সোণালী ফচলেৰে ভৰি পৰে। কিন্তু এই সফলতাৰ আনন্দ বেছিদিন নিটিকে, যেতিয়া তেওঁলোকে উৎপাদিত ফচল বিক্ৰী কৰিবলৈ এখন সঠিক বজাৰ বিচাৰি নাপায়। বজাৰ ব্যৱস্থাপনাৰ অভিজ্ঞতা আৰু সঠিক কৌশলৰ অভাৱত বহু সময়ত কৃষকে পথাৰৰ কবি, বিলাহী বা অন্যান্য পাচলি পেলাই দিবলগীয়া হয়, গৰুক খুৱাব লগীয়া হয় অথবা মধ্যভোগীৰ হাতত পানী দামত তুলি দিবলগীয়া হয়। এইটোৱেই বৰ্তমানৰ ন-শিকাৰু কৃষকসকলৰ আটাইতকৈ ডাঙৰ হতাশা। আনহাতে, অভিজ্ঞ কৃষকসকলে বজাৰখন নিজৰ মতে পৰিচালনা কৰি সদায় উচিত মূল্য লাভ কৰে।

দেশৰ সৰ্বশ্ৰেষ্ঠ কৃষক ৰাজাৰাম ত্ৰিপাঠীৰ সঁহাৰি আৰু গুৰুত্বপূৰ্ণ দিহা

শেহতীয়াকৈ ভাৰতবৰ্ষৰ আটাইতকৈ ধনী তথা ভাৰত চৰকাৰৰ পৰা তিনিবাৰকৈ ‘দেশৰ শ্ৰেষ্ঠ কৃষক’ৰ সন্মান লাভ কৰা বিশিষ্ট কৃষক ৰাজাৰাম ত্ৰিপাঠী দেৱৰ সৈতে আমাৰ এই বিষয়ত কথা-বতৰা হৈছিল। আমাৰ কৃষকসকলৰ বজাৰজনিত সমস্যাটোৰ কথা সোধাত তেওঁ দুটা অতি গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰে:

  1. বজাৰৰ চাহিদা (Demand) বুজি শস্য বাছনি: ত্ৰিপাঠী ডাঙৰীয়াৰ মতে, বজাৰৰ চাহিদা বা ‘ডিমাণ্ড’লৈ লক্ষ্য ৰাখিহে খেতি কৰিব লাগে। গোটেই গাঁৱৰে বা অঞ্চলৰে সকলো কৃষকে একেটা খেতিকে কৰা অনুচিত। ধৰক, এজনে যদি কবি লগাইছে, ওচৰৰ আনজনে জলকীয়া বা আন কিবা খেতি কৰিব লাগে। দুয়োজনে একেলগে কবি বজাৰলৈ আনিলে গ্ৰাহক ভাগ হ’ব আৰু বাধ্য হৈ অতি কম দামত ফচল এৰি দিবলগীয়া হ’ব।
  2. গ্ৰাহকৰ বিশ্বাস আৰু গুণগত মান: কৃষকসকলে বজাৰত নিজৰ স্থিতি মজবুত কৰিবলৈ গ্ৰাহকক সদায় উন্নত মানৰ ফচল যোগান ধৰিব লাগিব আৰু তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিব লাগিব।

কৃষি এডভান্স মাৰ্কেটিং কি? (What is Advance Marketing?)

প্ৰবন্ধ প্ৰসংগত ৰাজাৰাম ত্ৰিপাঠী দেৱে কৃষকসকলক লোকচানৰ পৰা বচাবলৈ এডভান্স মাৰ্কেটিং’ (Advance Marketing) অৰ্থাৎ ‘আগতীয়া বজাৰ ব্যৱস্থাপনা’ৰ কথা কয়।

সহজ ভাষাত ক’বলৈ গ’লে: কোনো কৃষকে খেতিৰ বাবে মাটিত বীজ সিঁচাৰ পূৰ্বেই গ্ৰাহক বা পাইকাৰী ব্যৱসায়ীৰ সৈতে ফচল ক্ৰয়-বিক্ৰীৰ বাবে চুক্তি কৰা প্ৰক্ৰিয়াটোৱেই হৈছে কৃষি এডভান্স মাৰ্কেটিং।

ইয়াত কৃষকজনে ব্যৱসায়ীৰ সৈতে পূৰ্বেই ঠিক কৰে যে আগন্তুক বছৰত তেওঁ  দামত  পৰিমাণৰ বস্তু যোগান ধৰিব। খেতি চপোৱাৰ পিছত বজাৰত দাম যিয়েই নহওক কিয়, ব্যৱসায়ীজনে চুক্তিৰ দাম মতেই ফচল ক্ৰয় কৰিবলৈ বাধ্য থাকে।

নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি শ্ৰেষ্ঠ কৃষকগৰাকীয়ে কয়— "আমি খেতি কৰাৰ পূৰ্বেই বজাৰখন ঠিক কৰি লওঁ। যেনে, ২০২৫ চনত যদি আমি ১০ হাজাৰ কেজি জালুক দিব লগা থাকে, তাৰ মাৰ্কেটিং আমি ২০২৪ চনতেই ফাইনেল কৰো। চুক্তিমতে ধৰক বজাৰত পিছত জালুকৰ কেজি ৫০০ টকা হ’লেও, আমি পূৰ্বৰ চুক্তি অনুসৰি ৪৮০ টকাতে বস্তু দিম। ইয়াত আমাৰ ২০ টকা লোকচান হ’লেও কোনো কথা নাই, কাৰণ আমি নিশ্চিত বজাৰখন আগতীয়াকৈ পাই গৈছোঁ আৰু সেই অনুপাতেহে উৎপাদন কৰিছোঁ।"

সামৰণি: অসমৰ কৃষকৰ বাবে আহ্বান

এই ‘এডভান্স মাৰ্কেটিং’ প্ৰক্ৰিয়াৰে খেতি কৰিলে আমাৰ কৃষকসকল বজাৰৰ অনিশ্চয়তা আৰু লোকচানৰ পৰা সম্পূৰ্ণ মুক্ত হ’ব পাৰে। আমাৰ অসমৰ কৃষক বন্ধুসকলেও এতিয়াৰে পৰা আলু, জলকীয়া, ধান, মাহ, সৰিয়হ বা অন্যান্য যিকোনো শস্যৰ খেতি কৰাৰ আগতে ব্যৱসায়ী বা ক্ৰেতাৰ সৈতে এনেদৰে আগতীয়া চুক্তি বা মাৰ্কেটিং কৰি ল’ব পাৰে। উৎপাদনৰ সমান্তৰালভাৱে এনে ব্যৱসায়িক জ্ঞান আৰু কৌশল প্ৰয়োগ কৰিলেহে আমাৰ কৃষকসকল প্ৰকৃততে স্বাৱলম্বী হ’ব আৰু কৃষিখণ্ডই সফলতাৰ মুখ দেখিব।

English Summary: The Power of ‘Advance Marketing’ and Insights from Rajaram Tripathi

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments


CopyRight - 2026 Krishi Jagran Media Group. All Rights Reserved.