Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 August, 2022 12:02 PM IST
Vegetables Farming

বালিয়া মাটিত কৰা শাক-পাচলিৰ খেতিত এনে কিছুমান পদ্ধতি অবলম্বন কৰা হয় যিবোৰত অন্য খেতি কৰাৰ্ বাবে উপযুক্ত নহয়। এই খেতি বালিচৰা অঞ্চলত (ব্রহ্মপুত্র আৰু অন্য নৈ সমুহৰ মাজত থকা বালিচৰ, যিবোৰ চৰ নহয় বুলি কোৱা হয়) য’ত মাটিবোৰ বালিয়া হয় আৰু বানে ধুই নিয়াৰ ফলত অন্য খেতি বাবে উপযুক্ত হিচাপে গণ্য কৰা নহয়। অনুৰ্বৰ ছন পৰা মাটিত এই খেতি কৰিব পৰা যায়।

 এই পদ্ধতিৰ বাবে উপযুক্ত শাক-পাচলিসমূহ হ’ল

যিকোনো ধৰণৰ শস্য যিবোৰ সাধাৰণতে গাত খান্দি ৰোপণ কৰা হয়৷ সেইবোৰৰ্ বালিয়া মাটিত কৰিব পাৰি।

উদাহৰণস্বৰুপে লাও, উৰহী, তিয়হ, তৰমুজ ইত্যাদি।

গাতঁটো প্ৰস্তুত কৰাৰ সময় বৰষুণৰ বতৰত যেতিয়া চৰ অঞ্চলৰ্ পৰা পানী বাগৰি ওলাই যায়, সেই সময় হোৱা বালিয়া মাটিত শাক পাচলিৰ খেতিৰ্ বাবে গাঁত প্রস্তুত কৰাৰ উপযুক্ত সময়। 
গাঁ‌তৰ জোখ

মাটিৰ গঠন আৰু গুনাগুণ অনুসৰি ১ মি × ১মি × ১ মি প্রতিটো গাঁ‌ত আৰু লাইনৰ মাজত দুৰত্ব ২.৫-৩,০ মিটাৰ৷

খেতি পদ্ধতি

(ক) গাঁত পদ্ধতি

(খ) মৰাপাতৰ থৈলা

গাঁত পদ্ধতি

চৰ অঞ্চলসমূহত, খেতি কৰিবৰ্ যাবে এই পদ্ধতি উপযুক্ত। মাটিৰ্ গভীৰতা কম হোৱা হেতুকে, খেতিৰ বাবে উপযুক্ত মাটি সহজতে ঢুকি পোৱা যায়। পলসুৱা মাটি আৰু গৰুৰ গোবৰ সমান সমান পৰিমানত মিহলাই গাঁতটোত দিয়া হয়।

মৰাপাটৰ বেগ পদ্ধতি

যিবোৰ চৰ অঞ্চলত মাটিত গভীৰতা অধিক, য'ত বালিৰ তৰপৰ তলত খেতিৰ্ বাবে উপযুক্ত মাটি ঢুকি পোৱা কঠিন, সেই অঞ্চলত এই পদ্ধতি ব্যবহাৰ কৰা হয়I মৰাপাটৰ একোটা থৈলাত (বেগ) গৰু গোবৰ আৰু পলসুৱা মাটিৰ সমান সমান ভাগ লৈ প্রস্তুত কৰি পোৱা গাঁতত দিব লাগে। গাতবোৰ বৰ্গাকাৰে, আয়তাকাৰ আৰু ষস্থভুজ আকৃতিত প্রস্তুত কৰিব পৰা যায়৷ প্রস্থভুজ পদ্ধতি গাঁ‌তৰ বাবে উপযুক্ত কিয়নো একেটা ঠাইতে 8৫ শতাংশ বেছি গাঁত প্রস্তুত কৰিব পৰা যায়।

জলসিঞ্চন

 পুলিৰোপণ আৰু স্থানান্তৰণৰ পিছত মাটিৰ গুণাগুন অনুসৰি জলসিঞ্চনৰ্ প্রয়োজন হয়। পাত এটা পানীৰে ভর্তি কৰি প্রত্যেকটো গাঁ‌তৰ্ ওপৰত ৰখা হয়। ফলত পানী নিগৰি নাযায় অথবা পানীৰ উৎসটো দূৰত অৱস্থিত পাত্ৰটোত এটা ক্ষুদ্র ফুটা কৰা হয় যাতে উপযুক্ত পৰিমাণে পানীৰ যোগান ধৰিব পৰা যায়৷ পাত্ৰটো খালী হৈ গ'লে পানী দি ভৰ্তি কৰি থোৱা হয়।

সাৰ প্র'য়োগ

যেতিয়া পুলিবোৰ ২৫-৩০ দিনৰ্ হয় ১ কেজি অথবা ২ কেজি প্রয়োগ কৰিব লগা হয়৷ দ্বিতীয় পর্যায়ত ১ কেজি আৰু ২ কেজি প্রয়োগ কৰা হয়৷ সাৰ প্রয়োগ কৰাৰ পিছত জলসিঞ্চনৰ প্রয়োজন হয়।

ব্যয়-খৰচ আৰু লাভৰ বিশ্লেষণ

এই পদ্ধতিত কম মূলধন আৰু বূনিয়াদী আৱশ্যকীয়তাৰ প্রয়োজন হয়৷ ৰঙালাও গাঁ‌তৰ ব্যয় লাভৰ বিশ্লেষণ সৰ্বমুঠ ৩০০০০ (আনুমানিক) ৰ টকাৰ উৎপাদন ব্যয় দেখুৱাই আৰু ৮৫,০০০ আনুমানিক টকা উপাৰ্জন দেখুৱাই অর্থাৎ ৫৫,০০০ আনুমানিক প্রকৃত লাভালাভ দেখুৱাই।

লগতে পঢ়ক-Ridge Gourd: জিকা খেতিৰ উন্নত কৃষি পদ্ধতি

উৎস: কৃষি বিভাগ, অসম

English Summary: Vegetables Farming in Assam
Published on: 23 August 2022, 12:02 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now