Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 12 November, 2024 12:51 PM IST
What is the price of vanilla in Assam?

অসমৰ কৃষকে শেহতীয়াকৈ কৰিবলৈ লৈছে ভেনিলা খেতি। কিন্তু ভেলিনা আমি দ্দৈনদ্দিন জীৱনত সদায় ব্যৱহাৰ কৰি আহিছো বুলি কলেও বঢ়াই কোৱা নহ’ব। আইচক্ৰীমত,  বিউটী প্ৰসাধনত, পাৰফিউমত, কল্ড ড্ৰিংকত, কেক প্ৰস্তুত কৰোঁতে ভেনিলা ব্যৱহাৰ কৰা হয়। কিন্তু আমি নাজানো। অথচ আমি ভেনিলা ব্যৱহাৰ কৰিয়েই আহিছো। অসমৰ বহুকেইজন কৃষকে এই খেতি কৰি লাভন্বিতও হৈছে। অসমৰ ভেনিলা খেতি কৰি থকা কৃষকসকলে জানিবলৈ দিয়া মতে, এক কেজিৰ ভেলিনাৰ দাম ২০-২৫ হাজাৰ। কম ঠাইতে পাণ খেতি কৰাৰ দৰে ভেনিলাৰ খেতি কৰিব। এজোপা ভেনিলাৰ পৰা এবছৰত ১ কেজিৰ পৰা ২ কেজি পৰ্যন্ত পাব পাৰে। যাৰ বজাৰৰ মূল্য ৪০ পৰা ৫০ হাজাৰ। ভাৰতবৰ্ষৰ তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কেৰেলাত প্ৰথমে ভেনিলা খেতি অধিক পৰিমাণে কৰা হয়।

অসমৰ জলবায়ু এই খেতিৰ বাবে অতি উপযোগী বুলি অসমৰ ভেনিলা খেতিৰ কৰি অহা কৃষকসকলে প্ৰমাণ কৰিছে। অসমৰ দুই এজন কৃষকে ভেনিলা খেতিৰ বাবে কেৰালা, তামিলনাডুৰ দৰে ৰাজ্যত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। অসমৰ কৃষকসকলে তামোল গছত জালুক, পাণৰ খেতি কৰাৰ দৰেই ভেনিলাৰ খেতি কৰিব পাৰে। ভেনিলা এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক বগাবৰ বাবে কিছুমান খুটাৰ প্ৰয়োজন। এই খুঁটাবোৰ পকা পোষ্ট বনাই দিলে বনাই দিলে সুবিধা হয়। কাৰণ ভেনিলা এবিধ দীৰ্ঘজীৱি উদ্ভিদ। বাঁহৰ খুটাও ব্যৱহাৰ কৰিব পাৰে। কিন্তু মাজে মাজে সলাই থাকিব লাগিব। অসমৰ কৃষকসকলে তামোল বা অন্যান্য গছতো পাণ লগোৱাৰ দৰে লগাব পাৰে। কিন্তু খুঁটি পাণ কৰাৰ দৰে কৰিলে ভাল হয় বুলি জানিবলৈ দিছে। এটা খুঁটাৰ পৰা এটা খুঁটাৰ দূৰত্ব ৩-৪ ফুট দূৰত্ব দি আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৫ ফুট মান ৰাখি কম ঠাইতে ৫০-৬০ জোপা ভেনিলা ৰোপন কৰিব পাৰে। ৫০-৬০ জোপা ভেনিলাৰ পৰা এজন কৃষকে বছৰত এটা ভাল উপাৰ্জন কৰিব পাৰিব।  

দিঘল পুলি ৰুলে এজোপা ভেলিনাত ২-৩ বছৰত ফল লাগে টিছু কালছাৰ সহায়ত প্ৰস্তুত কৰা পুলিত ফল লাগিবলৈ ৩-৪ বছৰ লাগে। ফুল ফুলাৰ পৰা ৬-৯ মাহত ফল চিঙিব পৰা হয়। ভেনিলা ৰুপনৰ উপযুক্ত সময় ছেপ্তেম্বৰৰ পৰা নৱেম্বৰ আৰু পুলি ৰোপন কৰাৰ দুবছৰ বা ৩ বছৰৰ পাছত ডিচেম্বৰৰ পৰা গছত ফল লাগে। আৰু এজোপা ভেনিলাই ১০ বছৰলৈ ফল দিয়ে। আপোনালোকে ভেলিনা খেতি কেনেকৈ কৰিব! পুলি ক’ত পাব! বজাৰখন কত পাব! আদিৰ বিষয়ে জানিবলৈ এই নাম্বাৰত যোগাযোগ কৰিব- 93656-86724।

লগতে পঢ়ক- 

নেমু আৰু অন্যান্য টেঙাজাতীয় ফলৰ কৃষিপদ্ধতি, বেমাৰ-আজাৰৰ সমাধান

English Summary: Valina farming in assam
Published on: 12 November 2024, 12:51 IST