Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 August, 2022 3:41 PM IST
Silk worm Farming

এৰী পলু বছৰত 5-6 বাৰ পুহিব পৰা যায়।যদিও এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে,তথাপি উন্নত প্ৰযুক্তিবিদ্যা তথা প্ৰয়োজনীয় সা-সৰঞ্জামৰ অভাৱত পলু পালক সকলে আশানুৰুপ ফল লাভ কৰিবলৈ অসমৰ্থ হয়।গতিকে পালকসকলৰ প্ৰয়োজনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰিকাত এৰী পলুৰ পালকৰ বিজ্ঞানসন্মত পদ্ধতি সন্নিবিষ্ট কৰা হৈছে।

পলু পালন গৃহঃ

পলু পালনৰ্ বাবে ভালদৰে বতাহ চলাচল কৰা চাৰিওকাষে বাৰান্দাযুক্ত আছুতীয়া গৃহৰ প্ৰয়োজন।

পলুৰ সঁচ নিৰ্বাচনঃ

উচ্চ উৎপাদনক্ষম সঁচ যেনে “বৰদুৱাৰ” আৰু “তিতাবৰ” জাত পালনৰ বাবে উপযুক্ত। বৰ্ণসংকৰ জাত যেনে (YZx GBS)  আৰু (GBSx GBZ) পালন কৰি অধিক লাভবান হ’ব   পাৰি।

পলু পালনৰ সময়ঃ

  • প্ৰয়োজনীয় পাতৰ ব্যৱস্থা থাকিলে এৰী পলু গোটেই বছৰ ধৰি পালন কৰিব পাৰি।

  • আগষ্ট-চেপ্তেম্বৰ-অক্টোবৰ(ভাদ-আহিন-কাতি)মাহ পলু পালনৰ বাবে অতিকৈ উত্তম সময়।

পলু পালনৰ গৃহ আৰু সঁজুলি পৰিশোধন:

  • পলু পালনৰ গৃহ আৰু সঁজুলিসমুহ 5% ব্লিচিং পাউদাৰৰ দ্ৰৱণেৰে পলু পালনৰ 3 দিনৰ পূৰ্বেই ভালদৰে ধুব লাগে।

  • পলু পালন গৃহৰ চাৰিকাষে 2-98 অনুপাতত ব্লিচিং পাউদাৰ আৰু চূণৰ মিশ্ৰণ ছটিয়াব লাগে।পলু পালনৰ পিছত ততালিকে পলু পালন গৃহ সঁজুলিসমূহ একে ধৰেণেৰে পৰিশোধন কৰিব লাগে।

কণী উমনি দিয়া:

  • 25°-26° ৰ ছে. উষ্ণতা আৰু 80-85% আপেক্ষিত আৰ্দ্ৰতা এৰী পলুৰ কণী উমনি দিবৰ বাবে উপযুক্ত।

পলুৰ খাদ্য যোগান আৰু ডলা পৰিস্কাৰকৰণ:

  • কণী ফুটি ওলোৱা সদ্যজাত পলুবিলাক চৰাইৰ পাখি বা কোমল ব্ৰাচেৰে কুমলীয়া পাতত দিব লাগে।

  • চালুকীয়া অৱস্থাত(1ম,2য় আৰু 3য় স্তৰ)প্ৰতিদিনে অন্তত: 3-4 বাৰ আৰু শেহতীয়া অৱস্থাত(4ৰ্থ-5ম স্তৰ)পলুক 5 বাৰকৈ খাদ্য যোগান ধৰিব লাগে।

  • 1ম আৰু 2য় স্তৰত পলুক কুমলিয়া,3য় স্তৰৰ পলুক মধ্যমীয়া আৰু 4ৰ্থ ও 5ম স্তৰৰ পলুক পুৰঠ পাত খাবলৈ দিব লাগে।

  • 1ম স্তৰত এবাৰ আৰু 2য় স্তৰত দুবাৰ,3য় স্তৰত তিনিবাৰ আৰু 4ৰ্থ আৰু 5ম স্তৰৰ পলুৰ ক্ষেত্ৰত প্ৰতিদিনেই পলুৰ ডলা পৰিষ্কাৰ কৰিব লাগে।এখন 1মি. ব্যাসাৰ্দ্ধৰ ডলাত 5ম স্তৰৰ প্ৰায় 300 পলুহে ৰাখিব লাগে।

  • 3য় পৰা 5ম স্তৰৰ পলু প্ৰয়োজন সাপেক্ষে সমান্তৰালভাৱে বাঁহৰ ডাঙৰ পাতৰ মুঠি আৰি দি পলু পালন কৰিব পাৰি।

পলুৰ খোলা বা লেটা বন্ধা আৰু সংগ্ৰহ:

  • পকা পলু সংগ্ৰহ কৰি বাঁহৰ চন্দ্ৰকীত খোলা বান্ধিবলৈ দিলে ভাল লেটা পোৱা যায়।

  • খোলা বন্ধা গৃহত 24-26° ছে উষ্ণতা আৰু 80 শতাংশ আৰ্দ্ৰতাত নিয়ন্ত্ৰণ কৰিব পাৰিলে উন্নত মানৰ খোলা পোৱা যায়।

  • খোলা বন্ধাৰ সময়ত বায়ু চলাচলৰ সু-ব্যৱস্থা থাকিব লাগে।

  • জহ কালি খোলা বন্ধাৰ পঞ্চম দিনা আৰু জাৰকালি অষ্টম দিনা চন্দ্ৰাকীৰ পৰা খোলা সংগ্ৰহ কৰিব লাগে।

এৰী পলুৰ বেমাৰ আজাৰ আৰু অনিষ্টকাৰী কীট-পতঙ্গ:

1)পেব্ৰিন বা ফুটুকা বেমাৰ:

ই এবিধ এককোষী জীৱৰদ্বাৰা সৃষ্ট অতি মাৰাত্মক বেমাৰ।এই বেমাৰ হলে গোটেই পলুবাহ নষ্ট হয়।ফুটুকা বেমাৰ কণীৰ যোগেদি পিছৰ বাহলৈ সংক্ৰমিত হয়।

লক্ষণ:

  • পলুৰ গাত ক’লা ক’লা ফুট বা দাগ পৰে।

  • পলুৰ ভোজন স্পৃহা কমি যায়।

  • ছাল কটা অনিয়মীয়া হয়।

প্ৰতিকাৰ:

  • নিৰোগী চকৰীৰ কণীহে স্ংগ্ৰহ কৰিব।

  • পলু পোহাৰ আগতে আৰু পিছত পলু গৃহ আৰু সঁজুলি সমুহ 5% ব্লিছিং পাউডাৰৰ দ্ৰ্ৱণেৰে পৰিশোধন কৰিব।

  • বেমাৰ আক্ৰান্ত পলুবোৰ স্ংগ্ৰহ কৰি পুৰি বা পুতি পেলাব।

  • পলু পোহা সময়ত পলু গৃহৰ পৰিষ্কাৰ-পৰিচন্নতাৰ প্ৰতি অধিক গুৰুত্ব দিব।

2)ফ্লেচাৰি বা মুখ লগা বেমাৰ:

মুখ লগা এবিধ মাৰাত্মক বেমাৰ।এই বেমাৰ হ’লে পলুবাহ কেতিয়াবা সম্পূৰ্ণৰুপে নষ্ট হয়।সাধাৰনতে গ্ৰীষ্মকালত উষ্ণতা আৰু আদ্ৰতাৰ তাৰতম্য ঘটিলে এই বেমাৰত আক্ৰান্ত হয়।

লক্ষণ:

  • এই বেমাৰ হ’লে পলুবোৰ দুৰ্বল আৰু মন্থৰ হয়।

  • পলুবোৰ পিছত ক’লা বৰণীয় হয়।

  • পলুৰ বিষ্ঠাৰ গাত পাতল চামনি লাগি থাকে।

  • পলুৰ মলদ্বাৰ বাহিৰ ওলাই আহে।

প্ৰতিকাৰ:

  • একমাত্ৰ ৰোগমুক্ত কণীহে ব্যবহাৰ কৰক।

  • পলু পোহাৰ আগতে পলুগৃহ আৰু সঁজুলিসমুহ 2% ফৰমেলিন দ্ৰৱণেৰে পৰিশোধন কৰক।

  • বেমাৰী পলুবোৰ সংগ্ৰহ কৰি পুলি পেলাব।

  • পলু পোহাৰ সময়ত পলুগৃহ পৰিষ্কাৰ-পৰিচন্ন কৰি ৰাখক।

লগতে পঢ়ক-Ladies Finger: ভেণ্ডি খেতি আৰু ইয়াৰ পৰিচৰ্যা!

উৎস: ৰেচম সঞ্চালকালয় অসম চৰকাৰ খানাপাৰা,গুৱাহাটী-781022

English Summary: Silk worm Farming in Assam!
Published on: 03 August 2022, 03:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now