কৃষিৰ নামত ধান, মাহ,মৰাপাট আদিৰ খেতি নকৰি অকল শাক-পাচলিৰ খেতি কৰিও যে মানুহ আৰ্থিকভাৱে সচ্ছল হব পাৰি। ইয়াৰ নিদৰ্শন দাঙি ধৰিছে মৰিগাঁও জিলাৰ অন্তৰ্গত ভূঞাবাৰী পথাৰ গাবৰঁ কৃষিজীবি ৰাইজে। জিলাখন লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত এই মুছলমানপ্ৰধান গাঁওখনত আছে ৫৬০টা পৰিয়াল আৰু ইয়াৰে ৯৯ শতাংশ লোকেই কৃষিজীৱি। উল্লেখ্য যে গাওঁখনত ৫৬০ টা পৰিয়ালৰ ভিতৰত ৫০০টা পৰিয়ালেই পটল খেতিত আত্মনিয়োগ কৰিছে। গাওঁখনত উপৰি বৃহত্তৰ লাহৰীঘাট অঞ্চলটোতে জাৰ আৰু জহকালি বিভিন্ন শাক-পাচলিৰ খেতি হয়।
এতিয়া সমগ্ৰ মৰিগাঁও জিলাখনত ভিতৰতে সৰ্বাধিক পৰিমানে পটল উৎপাদন হয় ভুঞাবাৰী পথাৰত। সাম্প্ৰ্তি এই গাওখনৰপৰাই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ উপৰি দাতিঁ-কাষৰীয়া একাংশ বহি:ৰাজ্যলৈও প্ৰ্তি সপ্তাহে শ শ কুইন্টল পটল ৰপ্তানি হৈ আছে।গাঁওখনৰ আব্দুল ৰফিকে ৮ বিঘা মোবাৰক আলীয়ে ৫ বিঘা,ইব্ৰাহীম আলীয়ে ৪ বিঘা,ছফিকুল ইছলামে ৩ বিঘা,ছাইফুল ইছলামে ৩ বিঘা,ৰিয়াজউদ্দিন ডেৰ বিঘা মাটিত চাং পদ্ধতিৰে পটল খেতি কৰিছে। উল্লেখ্য যে গাঁওখনৰ ৫০০ টা পৰিয়ালৰ প্ৰ্তিটো পৰিয়ালে কমেও আধা বিঘাৰপৰা ৮-১০ বিঘা পৰ্যন্ত পটল খেতি কৰিছে।
গাওঁখনত এইবছৰ ৬৩০ বিঘা অৰ্থাৎ ৮৪ হেক্টৰ কৃষিভূমিত পটল খেতি কৰা হৈছে। গাঁওখনত এইবছৰ ৬৩০ বিঘা অৰ্থাৎ ৮৪ হেক্টৰ কৃষিভূমিত পটল খেতি কৰা হৈছে। গাঁওখনত পটল খেতিয়ক ৰিয়াজউদ্দিন, ছফিকুল ইছলাম আৰু ছাইফুল ইছলামে জনোৱা মতে,শাক-পাচলিৰ খেতিৰ ভিতৰত পটল খেতিটো হৈছে অতি লাভজনক খেতি। প্ৰতি বিঘা মাটিত উৎপাদিত পটল বিক্ৰি কৰি বছৰত এজন কৃষকে প্ৰায় ১.৫০ লাখ টকা উৰ্পাজন কৰে। এবছৰ পটলৰ খেতি কৰিলে ৩-৪ বছৰলৈ ইয়াৰ উৎপাদিত ফল ছিঙিব পাৰি।সেই মৰ্মে এজন কৃষকে এবিঘা মাটিত উৎপন্ন হোৱা পটল বিক্ৰি কৰি প্ৰায় ৩-৪ বছৰত প্ৰায় ৪ লাখ ৫০ হাজাৰপৰা ৬ লাখ টকা।
ইয়াৰ বিপৰীতে প্ৰ্তি বিঘা পটল খেতিত চাংসহ ঔষধ-পাতিকে আদি কৰি ৩-৪ বছৰত খৰছ হয় মাত্ৰ ৩০-৪০ হাজাৰ টকা। খেতিয়ক কেইজনে জনোৱা মতে লতাজাতীয় এই পাচলিবিধ খেতি গাওঁখনলৈ প্ৰথম আনিছিল ইয়াৰে ফজল আলী নামৰ খেতিয়কজনে। প্ৰায় ২০ বছৰ পূৰ্বে মৈৰাবাৰী অঞ্চলৰপৰা এইজন খেতিয়কে পটলৰ লতা লৈ আহিছিল আৰু নিজৰ কৃষিভূমিত খেতি কৰি অধিক লাভাম্বিত হৈছিল। এনে লাভজনক খেতি দেখি গাওঁখনত একাংশ শাক-পাচলিৰ খেতিয়কেও পটল খেতি কৰিবলৈ মন মেলিছিল। প্ৰ্থম পৰ্য্যায়ত এই খেতিয়কসকলে মাটিতে পতল খেতি কৰিছিল যদিও যোৱা ৫-৬ বছৰ ধৰি তেওঁলোকে বাহৰঁ চাং পাতি এক উন্নত পদ্ধতিৰে পটল খেতি কৰিবলৈ ধৰিছে। উল্লেখ্য যে চাং পাতি পটল খেতি কৰিবলৈ লোৱাত পূৰ্বৰ তুলনাত অধিক পটল উৎপাদন হৈছে। প্ৰ্তি সপ্তাহত প্ৰ্তি বিঘা মাটিৰপৰা উৎপন্ন হৈছে ৬-৮ কুইন্টল পটল। এনেদৰে গাঁওখনৰ পটল খেতিয়কসকলে উৎপাদন কৰা শ শ কুইণ্টল পটল খেতি সপ্তাহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা যোবা একাংশ ব্যৱসায়ীয়েই গাওঁখনৰ পৰাই ক্ৰয় কৰি আহিছে।
বৰ্তমান প্ৰ্তি কুইণ্টল পটলৰ পাইকাৰী মুল্য ১৮০০ টকাত গাওঁখনত বিক্ৰি হৈ আছে। উল্লেখ্য যে গাওঁখনৰ পৰা ব্যৱসায়ীসকলে ক্ৰয় কৰা পটলসমূহ এতিয়া ৰাজ্যখনৰ প্ৰধান মহানগৰ গুৱাহাটীকে ধৰি নগাঁও, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, গোলাঘাট, মৰিগাঁও আদিৰ উপৰি অৰুনাচল আৰু মেঘালয়লৈও ৰপ্তানি হৈ আহিছে। বৰ্তমান গাওঁখনত ব্যৱসায়ীসকলে পটল ক্ৰয়ৰ সুবিধাৰ কাৰনে কেইবাটাও ক্ৰয় কেন্দ্ৰ গঢ়ি তুলিছে । প্ৰ্নিধানযোগ্য যে গাওঁখনত কৃষকসকলে অশেষ প্ৰ্চেষ্ঠাৰ ফলতে এতিয়া প্ৰ্তিটো পৰিয়ালৰ আৰ্থিক ভেটি টনকিয়াল হৈছে। এসময়ত আৰ্থিক দৈন্যৰ বাবে গাঁওখনত ৭০ শতাংশ পৰিয়ালেই আনৰ ঘৰত শ্ৰমিক হিচাপে কাম কৰিব লগা হৈছেল যদিও বিগত সময়ছোবাত গাওঁবাসীয়ে পটল খেতিত মনোনিবেশ কৰাত বৰ্তমান গাওঁখনৰ পৰা যেন অভাৱ অনাটন দূৰ হবলৈ ধৰিছে।
বিষ্ণু ডেকা, মৰিগাওঁ (সংগৃহীত)
লগতে পঢ়ক-বাৰীত তামোল-পাণৰ লগতে কৰক জালুকৰ খেতি