1. উদ্য়ানশস্য়

বাৰীত তামোল-পাণৰ লগতে কৰক জালুকৰ খেতি

KJ Staff
KJ Staff
তামোল-পাণৰ লগত  জালুকৰ খেতি
তামোল-পাণৰ লগত জালুকৰ খেতি

অসমৰ বাৰী বুলিলে এটা বৈশিষ্যপূৰ্ণ বিশেষত্ব হ’ল এই বাৰীবোৰত দৈনন্দিন প্ৰয়োজন হোৱা ধৰণৰ শাক-পাচলি, ফল আদিৰ খেতি কৰা হয়। তাৰে ভিতৰত তামোল, লগতে তামোলত বগোৱা বাই কৰা খেতি হিচাপে পাণ আৰু জালুকৰ খেতিৰ কথা ক’বই লাগিব। সৰু বাৰী বুলি ক’লে সাধাৰণতে আমি বুজা এবিঘা মাটি ওচৰৰ মাটি কালিৰে থকা বাৰী এখনত দুকঠা মাটিত ৩৬৪ জোপা তামোল গছ লগোৱা হয়। পুৰঠ তামোল গছ জোপাৰ পৰা আমি ৯ পোণৰো সৰহ তামোল পাওঁ। তামোলৰ পৰা কিমান লাভ হয় সেই কথা আমাৰ গাওঁঅৰ মানুহখিনিক নকলেও বুজি পায়।

ইয়াৰে কিছু অংশ গছত যদি পাণ আৰু জালুক দিয়াৰ কথা ভাবে, দেখিব আপোনাৰ লাভৰ অংশ ভাবিব নোৱাৰাকৈ বৃদ্ধি হৈছে। তাৰ বাবে আমাৰ যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত কৃষি ব্যসস্থাৱলীৰ বিষয়ে সামান্য মন দিলেই আপুনি লাভবান হ’ব পাৰিব। উল্লেখ কৰা বাৰীখনত বহু খেতি থাকিব আমি বাৰু ধৰি ললো, আপুনি কম মাটি থকা খেতিয়কৰ আওঁতাৰ ভিতৰত পৰে। আপোনাৰ বাবে আৰ্হিমূলক কৃষি ব্যৱস্থাৱলী কি কি ধৰণৰ হ’ব পাৰে, তাৰ এটা সমূলক ধাৰণা দিয়াৰ যত্ন কৰি চাওঁ। ইতিমধ্যে কৈছোৱেই যে সৰু বাৰী এখনত অতি কমেও আপুনি নিশ্চয় বিশ-পচিশ জোপা তামোল ৰুইছে। নালাগেই বাৰু এবিঘা মটিৰ হিচাপটো। তত লগোৱা আধা খিনি পাণ আৰু আধখিনি জালুকৰ পৰা আপুনি কিমান লাভবান হ’ব, তাৰে এটা হিচাপ লওঁ।

এজোপা তামোলত কমেও ৯ পোন তামোলৰ পোনে প্ৰতি অতি কমেও বিশ টকাকৈ আপুনি ২০ জোপা তামোলত(১৮০ পোন তামোলত)৩৬০০ টকা বছৰত অৰ্জন হয়। হিচপটো ৩০ টকা হলেই হয়গৈ ৫৪০০ টকা। দামতো কমাইয়েই কৈছোঁ। এতিয়া তাৰে ১০ জোপা তামোলত পাণ গছ থাকিলে দুবছৰীয়া বা ততোধিক বয়সীয়া পাণৰ পৰা গছজোপাই প্ৰতি ২০ গুচিৰো অধিক পাণ পাব। একো গুচি পাণৰ দাম বজাৰত একেবাৰে কম ১ টকা হিচাপেও ২০০ গুচিত ১০ জোপা পাণৰ পৰাই ২০০০টকা আয় হয়। অন্যহাতে লগোৱাৰ পৰ চতুৰ্থ বছৰৰ পিচত গছজোপাই প্ৰতি আধা কিলোগ্ৰাম শুকান জালুক পালেও ১০ জোপা জালুকৰ পৰা ৫ কিলোগ্ৰাম জালুক পাব। বজাৰৰ দামত অতিকমেও ৭০ টকা হিচাপত পাঁচ কিলোগ্ৰাম জালুকৰ পৰা ২৫০ টকা আয় হয়।

ক’বলৈ গ’লে ইমান তাকৰীয়া হিচাপত আধা কঠাৰো কম মাটিকালিত মুঠ ৫৮৫০ টকা আয় হয়। এই হিচাপতো এবিঘা মাটিলৈ পৰিৱৰ্তন কৰিলে হিচাপটো হয়গৈ ১০ গুণ বেছি। অৰ্থাত ৫৮,৫০০ টকা। স্ংখ্যা হিচাপত লাভৰ ঘৰত ইয়ৰে অলপ কমিব যিহেতু কৃষিকৰ্মৰ খৰচৰ হিচাপটো বাদ দিবলৈ আছে। ধৰি লওক ইয়াৰে দহ ভাগৰ এভাগহে আপোনাৰ খাৰছ হয়, তেনেহ’লে আপোনাৰ বাবে কি থাকিব তাৰ হিচাপতো আপোনালৈ এৰিলো। আহক, তামোলত পাণ আৰু জালুক খেতি কৰাৰ সামান্য আদেহুনিক কৃষি প্ৰণালী জানি বুজি লওঁ-

তামোলৰ পুলি নিৰ্বাচন, ৰোৱা পদ্ধতি, ৰোৱা সময়, ল’বলগীয়া ব্যৱস্থাপনা ইত্যাদি তলত আলোচনা কৰা হৈছে। তামোলত লগোৱা অসমীয়া জাতি পণৰ খেতি প্ৰণালীত কিছুমান পুৰণা পদ্ধতি সচাকৈয়ে শলাবলগীয়া। আমি তাৰ বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ উপায়খিনিন্বহলাই জনাইছোঁ। যিহেতু এইটোৱেই একমাত্ৰ বাধা যিটো অতিক্ৰম কৰিব পাৰিলে পাণ খেতিত লাভ হ’বই। সৰু সৰু কিটিপ কিছুমান শিকি ল’লে এই তিনিবিধ খেতিৰ পৰা বহুখিনি লাভ হ’ব।

তামোল

  • পচোৱা তামোল ভাল সঁচৰ দ্বিতীয় ঠোকটোৰ পৰা স্ংগ্ৰহ কৰিব আৰু আহাৰৰ সাত লগাৰ আগে বা পিচে তামোলবোৰ পঁচাই ডেৰ বা আঢ়ৈ বছৰীয়া পুলি লগাব।

  • গহৰা গজা পুলি কেতিহ্যও ব্যৱহাৰ নকৰিব। লগতে গহৰা গজা পুলি বাৰীৰ আন গছৰ কাষৰ পৰা আঁতৰাই দিব।

  • তামোল লগাওঁতে দুবাৰ ঠাই সলাই লগোৱা পুলিবোৰৰ পৰা চাপৰ অৱস্থাৰ পৰাই তামোল লগাব লাগে। পঁচোৱাৰ পৰা প্ৰথম তিনিমাহতে এবাৰ আৰু ছমহত আনবাৰ পুলিবোৰ ঠাই সলাই দিব। অৱশ্যে পাছলৈ বহু বছৰ পিছত তামোল কাকিনী হোৱাতো ৰোধ কৰিব নোৱাৰি।

  • ৰুবৰ সময়ত পুলিবোৰ পচোৱা সময়ত থকাৰ দৰে একে দিশত ৰুলে নেৱৰীয়া হোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি।

  • তমোলৰ আৱতৰীয়া ফুলা সমস্যা, আৱতৰীয়া পকা বৰণ লোৱা, শিৰমৰা ইত্যাদি সমস্যাৰ পৰা হাত সাৰিবৰ বাবে পানী যোগানৰ ক্ষেত্ৰত খৰালি নিয়মীয়া হোৱাতো একান্ত প্ৰয়োজন।

পাণ

  • পাণ লগাবৰ বাবে তিনি বছৰৰ ওপৰ বয়সৰ গছৰ পৰা ওপৰলৈ বগোৱা ডাল নিৰ্বাচন কৰিব।

  • ৰুবৰ বাবে ব্যৱহাৰ কৰা ডালবোৰৰ আগ দুটা মাটিৰ পৰা উলিয়াই ৰাখিব। তেহে ৰোৱা পান নপঁচে।

  • পানী জমা হ’লে উলিয়াই দিয়াৰ ব্যৱস্থা নাথাকিলে পাণগছ মৰাৰ সম্ভাৱণা বেছি।

  • পাণৰ ক্ষেত্ৰত ডেৰ বছৰীয়া নোহোৱালৈকে পাণ নিচিঙিব।

  • পাণ চিঙিবৰ সময়তো কণা ডাল বাছি পাণ ৰাখি, খৰালি চিঙিবৰ বাবে ৰাখি থোৱা ব্যৱস্থাৰ সহায় ল’ব।

  • বহাগত আৰু শাওনত কণা ভাঙি দিয়াৰ নিয়ম পালন কৰিলে গোটেই বছৰতো পাণ চিঙিব পাৰিব।

 জালুক

  • জালুকৰ ক্ষেত্ৰত আগ নিৰ্বাচন নিয়ম পাণৰ দৰে একে।

  • জালুকৰ বাবে পানৰ দৰে সৰহীয়া গাঠি থকা আগ নহলেও হয়।

  • জলুকৰ ডাল লোৱা উপযুক্ত সময় হ’ল বাৰিষাৰ সময়ছোৱা। জালুক লাগিবলৈ লগোৱাৰ পৰা তিনি বছৰ সময় লাগে।

  • প্ৰথম বছৰ দেখা দিয়া পিপলীবোৰ আঁতৰাই ৰাখিব পাৰিলে মূল গছজোপা বৃদ্ধি হোৱাত সহায় হয়। তেহে পিচলৈ উতপাদনো বৃদ্ধি পায়।

  • জালুকৰ ঠোকবোৰ পূৰা পকিবলৈ দিলে ভাল জালুক পোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। সেইবাবে ঠোকত দুই-চাৰিটা পক ৰ্ং উঠাৰ লগে লগে ঠোকবোৰ চিঙি আনিব লাগে।

  • জালুকবোৰ চিঙি ৰাখি থ’লেও ভাল জালুক নাপাব।

  • কলা উজ্জ্বল বৰণৰ শুকান জালুক পাবলৈ মধ্যম উষ্ণতাত গৰম পানীত জালুকৰ ঠোকবোৰ কিছু সময় তিয়াই উঠাই পৰিস্কাৰ পনীত ধুই শুকান পকা বা বাহৰ ঢাৰীত কেইবাটাও ৰ’দত শুকুৱাই ভালদৰে বতাহ সোমাব নোৱাৰাকৈ ৰাখিব পাৰিলে ভাল জালুক পাব পাৰি।

 লোচন শইকীয়া, জ্যেষ্ঠ বিজ্ঞানী, উদ্যান বিজ্ঞান বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক-কেনেদৰে কৰিব লাভজনক ষ্ট্রবেৰী খেতি? জানো আহক সম্পূৰ্ণ তথ্য

English Summary: Pepper cultivation with Betel Nut and Betel Leaf

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.