Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 21 January, 2025 5:44 PM IST
Ash Gourd Farming

মাৰ্চ-এপ্ৰিলত অসমৰ কৃষকে কৰি ভাল উপাৰ্জন কৰিব পৰা এবিধ শস্যৰ খেতি কোমোৰা খেতি। এবিঘা মাটিত কোমোৰো খেতিৰ পৰা এজন কৃষকে ৪-৫ মাহত লাখ টকা উপাৰ্জন কৰিব পাৰে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষি ফাৰ্মৰ কৃষকসকলৰ লগতে জিলাখনৰ লীলা শৰ্মা আৰু আৰু ৰাজু দাহাল নামৰ কৃষককেইজনে অন্যান্য গ্ৰীষ্মকালীন শস্যৰ লগতে কোমোৰা খেতি কৰিছিল। একেটা দিনতে কৃষকসকলে ৫০০-৬০০ কৈ কোমোৰা চিঙি বজাৰলৈ পঠাবলৈ সক্ষম হৈছিল। একোটা কোমোৰা তেওঁলোকে ২৫-৩০ পাইকাৰী দৰত কৃষিপথাৰৰ পৰাই বেপাৰীক বিক্ৰি কৰিছিল। তেওঁলোকে জানিবলৈ দিছিল- এবিঘা মাটিত খেতি কৰোঁতে মাটি চহোৱাৰ পৰা গছত ফল লগালৈ ২০-২৫ টকা খৰচ হয় আৰু এবিঘা মাটিৰ পৰা ১ লাখৰ ১২০ হাজাৰ পৰ্যন্ত উপাৰ্জন কৰিব পাৰি।

মাটি :

কোমোৰা খেতিৰ বাবে পানী জমা নোহোৱা ওখ মাটি প্ৰয়োজন।

মাটিৰ প্ৰস্তুতি :  

মাটিখিনি চহাই মৈয়াই গুৰি বা সমান কৰিব লাগে। যদি সম্ভৱ হয় পাটিখিনি পৰীক্ষা কৰাই লব লাগে। মাটিখিনি পৰীক্ষা কৰি ললে কোমোৰা খেতিৰ বাবে কিমান সাৰ, চুন, পানী দিব লাগে, ভেঁকুৰ নাশক, এই গোটেই কথাখিনি জানিব পাৰিব। মাটি পৰীক্ষা আমাৰ কৃষকসকলে কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো কৰাব পাৰে।

জাত-

সাধাৰণতে থলুৱা জাতৰ কোমোৰাৰ জাতবোৰেই আমাৰ কৃষকসকলে কৰে। দেখাত সৰু জাতটোৰ কোমোৰাৰ খেতি কৰিলে বিক্ৰি কৰিবলৈ ভাল। গ্ৰাহক বা বেপাৰীয়ে কিনিবলৈ ভাল পায়। হাইব্ৰীড জাতৰো কৰিব পাৰে। কম দিনতে অধিক লাগিব।

বীজৰ পৰিমাণ: প্ৰতিবিঘাত ৩০০-৪০০ গ্ৰাম।

পুলি আৰু শাৰীৰ দূৰত্বঃ দুটা শাৰীৰ মাজত ২-৩ মিটাৰ। দুজোপা শস্যৰ মাজত ১-২ মিটাৰ।

ৰোপনৰ সময়- ফেব্ৰুৱাৰী পৰা এপ্ৰিলৰ ভিতৰ।( গ্ৰীষ্মকালীন কোমোৰা খেতিৰ বাবে)।

হেণ্ডালি : কোমোৰাবোৰ বগাই যাবৰ বাবে হেণ্ডালিৰ প্ৰয়োজন। হেণ্ডালি এখনৰ উচ্চতা ৬ ফুটমান কৰিব লাগে। হেণ্ডালিৰ চাংখন বাঁহ আৰু প্লাষ্টিকৰ ৰচিৰে বনাব লাগে। কোমোৰাবোৰ বগাই যাবৰ বাবে দিয়া হেণ্ডালিখনত ৩০ শতাংশ বা বাকী ৭০ শতাংশ প্লাষ্টিক লগা লাগে। তদুপৰি পুলিবোৰ হেণ্ডালিলৈ বগাই যাবলৈ সাধাৰণতে আমাৰ কৃষকসকলে বাঁহৰ কামি বা জেং দিয়ে। তাৰ সলনি প্লাষ্টিকৰ ৰচি ব্যৱহাৰ কৰিব পাৰে।

লগতে পঢ়ক- 

আহি আছে কোমোৰা খেতিৰ সময়। গ্ৰীষ্মকালীন উদ্যান শস্যৰ খেতি।

English Summary: Ash Gourd Farming
Published on: 21 January 2025, 05:12 IST