Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 October, 2022 3:59 PM IST
Pogostemon cablin

পাচাউলি তুলসী পৰিয়ালৰ সুগন্ধি তেল উৎপাদনকাৰী এবিধ সৰু জোপােহা গছ। এইবিধ গছৰ পাতৰ পৰা এবিধ সুগন্ধি তেল নিষ্কাষণ কৰিব পৰা যায়;যিবােৰৰ চাহিদা বর্তমান দেশৰ তথা বিদেশৰ বজাৰত যথেষ্ট বেছি। এইবিধ গছৰ খেতি অতি সহজে পানী জমা নােহােৱা ওখ মাটিতকৰি ঘৰতে  ক্ষুদ্র উদ্যোগ ভিত্তিত তেল নিষ্কাষণ কৰিব পাৰি। পাচাউলি গছৰ পাতবােৰ সুগন্ধিযুক্ত বাবে গৰু-ছাগলি, বান্দৰ আদিয়ে আক্রমণ নকৰে। তদুপৰি তুলনামূলকভাবে এইবিধ খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী পােক-পৰুৱা যথেষ্ট কম।

ক) মাটিঃ পাচাউলি খেতি ওখ পানী জমা নােহােৱা আৰু কম বালিহীয়া মাটিত কৰিব পাৰি। পাচাউলি গছৰ গুৰিত পানী জমা হলে গছবােৰ ৰঙা পৰি মৰি যায়। সেইবাবে মাটিৰ নিৰ্বাচনত এই দিশটো ভালদৰে বিবেচনা কৰাৰ প্ৰয়ােজন। পাচাউলি গছৰ শিপাৰােৰ মাটিৰ প্ৰায় ওপৰভাগতে থাকে বাবে মাটিৰ এই ভাগটোত যথেষ্ট পানী আৰু হিউমাচ তথা সাৰ থকাটো বাঞ্ছনীয়

খ) সাৰ প্ৰয়ােগঃ মাটি নির্বাচনৰ পাচত মাটিডৰ দুবাৰ বা তিনিবাৰ ভালদৰে হাল বাই মৈ দি সমান তথা মিহিকৰি লব লাগে। শেষৰ বাৰ হাল বাওঁতে বিঘাই প্রতি ১০ কিঃ গ্রাঃইউৰিয়া, ৪০ কিঃ গ্রাঃ একক চুপাৰফফেট আৰু ১০ কিঃ গ্রাঃ মিউৰেট অব পটাচ সাৰ প্ৰয়ােগ কৰিব লাগে। এইখিনিৰ উপৰিও মাটিত যথেষ্ট পৰিমাণে পচন সাৰ বা গােবৰ সাৰ প্ৰয়ােগ কৰিলে অধিক উৎপাদন পাব পাৰি। প্রতিবাৰ খেতি চপােৱাৰ পাচত প্রতি বিঘাত ৭ কিঃ গ্রাঃকৈ ইউৰিয়া সাৰ প্ৰয়ােগ কৰিব লাগে।

গ) পুলি ৰােপণ পদ্ধতিঃ পুলিবােৰ শাৰী শাৰীকৈ ২ ফুট x ২ফুট ব্যৱধানত ৰুব লাগে। আংশিক ছাঁত পাচাউলি খেতিৰ উৎপাদন বাঢ়ে বাবে ১০ ফুট x১০ ফুট ব্যৱধানত ৰহৰ মাহ বা মেডেলুৱা গছ লগাব লাগে। ৰােৱাৰ পাচতে পাতলীয়া ধৰণৰ জলসিঞ্চন দিব পাৰিলে, পুলিবােৰ অতি সােনকালে ঠন ধৰি উঠে। এনেদৰে ২ ফুট x ২ ফুট দূৰত্বত পুলি ৰােপণ কৰিবলৈ বিঘাই প্রতি প্রায় ৪০০০পাচাউলি পুলিৰ প্রয়ােজন হয়।

ঙ) কলমঃ পুলিবােৰ যেতিয়া এফুট ওখহয়, অর্থাৎ পুলি ৰােৱাৰ ডেৰমাহ মানৰ পাছত গছজোপাৰ আগটো চিঙি দিলে শাখা-প্রশাখা ওলাই গছজোপা জোপােহা হৈ পৰিব। প্রথম কলম দিয়াৰ ডেৰমাহ মানৰ পাচত আকৌ এটা কলম দিব পাৰিলে গছজোপা অধিক জোপােহা হৈ পৰিব।

চ) শস্য চপােৱাঃ পাত সংগ্ৰহৰ বাবে পাচাউলি খেতি কৰা হয়। পুলি ৰােৱাৰ ৫ মাহ পাছৰে পৰা আগবােৰ কাটি চপাব পাৰি। প্ৰথম বছৰ তিনিবাৰ, দ্বিতীয় বছৰ পাঁচ বাৰ আৰু তৃতীয় বছৰ পাঁচবাৰ - সৰ্বমুঠ তেৰ বাৰ শস্য চপাব পাৰি। এনেদৰে তিনিবছৰৰ অন্তত খেতি ডৰা উঠাই পুনৰ মাটি চহ কৰি নতুন পুলি লগাব লাগে। সাধাৰণতে গছৰ আগবােৰ ৫-৬ ইঞ্চি দীঘলকৈ ধান কটা কাঁচিৰে কাটিব পাৰি। প্ৰতিবাৰ আগ সংগ্ৰহৰ পাচত গছৰ পৰা সৰি যােৱা বুঢ়া পাতবােৰাে সংগ্ৰহ কৰিব পাৰি।

ছ) পাত শুকুৱাকার্যঃ এইদৰে সংগ্ৰহ কৰা আগবােৰ ঘৰৰ মজিয়াত পাতলকৈ মেলি দি শুকুৱাব পৰা যায়। কিন্তু পাতৰ পৰিমাণ বেছি হ'লে এটি মুকলি খেৰৰ বেৰ নােহাৱা ঘৰ সাজি তাত তিনি খলপীয়া চাং দি পাতবোেৰ শুকুৱাব পাৰি। এনেদৰে পাঁচ/ছয় দিন পাতবােৰ লৰাই শুকুৱাৰ পাচত সেইবােৰ বস্তাত ভৰাই জমা কৰি ৰখা হয়। তেলৰ সঠিক গুণগত মান পাবৰ বাবে তিনি মাহপুৰণি জমা পাতহে তেল নিষ্কাষণ কার্যৰ বাবে ব্যৱহাৰ কৰা হয়। এনেধৰণৰ শুকান পাতৰ বর্তমান বজাৰ মূল্য হৈছে প্রতি কুইণ্টলত ২২০০.০০ টকা।

জ) তেল নিষ্কাষণ কার্যঃ শুকান পাচাউলিৰ পাতৰ পৰা তেল নিষ্কাষণ কৰিবৰ বাবে বিশেষ ধৰণৰ পাতন যন্ত্রৰ দৰকাৰ। এনেধৰণৰ পাতন যন্ত্রত প্রায় ১৮ ঘণ্টাৰ পাতন ক্রিয়াৰ পাছত পাচাউলি পাতৰ পৰা সম্পূর্ণভাবে তেল নিষ্কাষিত হয় আৰু এই তেল এলুমিনিয়ামৰ বিশেষ পাত্ৰত সংগ্রহ কৰি জমা কৰি ৰাখিব পৰা যায়। এক কুইণ্টল, শুকান পাতৰ পৰা গড়ে চাৰি কিলােগ্রাম তেল নিষ্কাষণ কৰিব পাৰি। এই তেলৰ বর্তমান বজাৰ মূল্য হৈছে প্রতি কিলােগ্রামত ৮০০.০০ টকা। অন্যহাতে প্রতি কুইন্টল পাতৰ পৰা তেল নিষ্কাষণ কৰোঁতে খৰছ হয় ৪০০.০ টকা। যিহেতু পাচাউলিৰ তেলৰ চাহিদা বর্তমান আন্তর্জাতিক বজাৰত উৰ্দ্ধমুখী গতিকে অদূৰ ভৱিষ্যতে এই তেলৰ মূল্য বৃদ্ধিৰ আশা অমূলক নহয়।

উদ্যোগী কৃষক ৰাইজে এই খেতি কৰিবলৈ প্রয়ােজনীয় পুলিৰ বাবে কৃষি বিজ্ঞান কেন্দ্র, খুমটাই, গােলাঘাট - ৭৮৫৬১৯ ৰ লগত যােগাযােগ কৰিব পাৰে।

লগতে পঢ়ক- বৈজ্ঞানিক ভিত্তিত কাঠফুলাৰ খেতি আৰু মূল্য সংযোজন

লেখক- ড০ মনোৰঞ্জন নেওগ

ড০ অভিজিৎ শর্মা সহ কৃষি বিজ্ঞান কেন্দ্র দল, গোলাঘাট

English Summary: Pogostemon cablin farming at home
Published on: 12 June 2021, 08:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now