Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 19 June, 2024 2:00 PM IST
Pineapple farming benefit & its farming trip

আহি আছে মাটিকঠাঁল খেতিৰ বতৰ। বৰ্তমান সময়ত মাটিকঁঠালৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে ইয়াৰ খেতি কৰি লাভান্বিত হ’ব পাৰে। যিসমূহ কৃষি পথাৰ বাম, ধান খেতি ভাল নহয় তেনে ঠাইত পানীৰ সুব্যৱস্থা্ কৰি আমাৰ কৃষকসকলে মাটিকঁঠালৰ খেতি কৰিব পাৰে। এবিঘা বাম মাটিৰ ধান খেতিৰ পৰা আমাৰ কৃষকসকলে এবছৰত যিমান উপাৰ্জন কৰিব মাটিকঠাঁলৰ খেতি পৰা তাতকৈ দহগুণ অধিক উপাৰ্জন কৰিব পাৰিব।

মাটিকঁঠাল খেতি কৰোঁতে কৃষকসকলে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ১ ফুট বা ডেৰফুট দিব লাগে। শাৰীবিলাকৰ মাজত এজন ব্যক্তিয়ে ৩ ফুট মানৰ এখন বাহন চলাব নিব পৰা দূৰত্ব কৰিব লাগে। অলপ বহল কৰি ৰাখিলে বাগানখন চাফ-চিকুণাই ৰাখিব, পানী যোগান, সাৰ আৰু গছত ফল লাগিলে চিঙিবলৈ সুবিধা হ’ব। পুলিবোৰ ৰোপন কৰাৰ মাটিডোখৰ চহাই লব লাগে। পুলিবোৰ পোন পোন কৈ ৰচি টানি ৰুব লাগে। পুলিবোৰ ৰোপন কৰোঁতে গুৰিত পচন সাৰ প্ৰয়োগ কৰিব লাগে। এনেকৈ ৰোপন কৰিলে এবছৰতে মাটিকঠাঁলত ফল লাগিব। উল্লেখ্য যে পুলি ৰুলে এবছৰত আৰু  মাটিকঁঠালৰ ওপৰত লগা মুঢ়া ৰোপন কৰিলে ফল লাগোতে ১৯-২০ মাহ লাগে। 

লগতে পঢ়ক-  

৫০০ জোপা কৰক, ২০-২৫ বছৰলৈ প্ৰতি বছৰে ২ লাখ টকাকৈ উপাৰ্জন কৰক

অনাৰস খেতিৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে ইয়াৰ জাতসমূহৰ ওপৰতো। অসমৰ থলুৱা জাতটো খাবলৈ মিঠা, কিন্তু অলপ সৰু।       অসমৰ মাটিৰ উপযোগী উন্নতমানৰ মাটিকঁঠালৰ সঁচকেইটা হ’ল- কিউ, কুইন আৰু মৌৰিটিয়াছ। এই জাতসমূহৰ বাবে বাম মাটি আৰু পাহাৰীয়া সাৰুৱা মাটি উপযোগী।  অসমৰ বিভিন্ন অঞ্চল আমাৰ কৃষকসকলে পেলাই ৰাখে। এই পেলাই ৰখা ঠাইসমূহত চাৰিওফালটো জেওৰা মাৰি পানীৰ ব্যৱস্থা কৰি মাটিকঁঠালৰ খেতি কৰিব পাৰে। 

সম্প্ৰতি বজাৰত এটা মাটিকঁঠালৰ দাম ৪০- ৬০ টকা। বৰ্তমান অসমত জৈৱিকভাৱে কৰা মাটিকঁঠালে ডুবাই আমেৰিকাৰ লগতে ভাৰতৰ দিল্লী, মুম্বাই আদি চহৰতো সমাদৰ লাভ কৰিছে। অসমৰ বজাৰতো ইয়াৰ চাহিদা আৰু বজাৰ মূল্য আছে। গতিকে ইয়াৰ খেতি কৰিলে লোকচানৰ সন্মুখীন বা বজাৰ অভাৱ নহয়। মাটিকঁঠাল খেতিৰ এই লাভজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এবিঘা মাটিত পৰীক্ষামূলকভাৱে ইয়াৰ খেতি কৰি চাব পাৰে আমাৰ কৃষসকলে। এই খেতি এবাৰ কৰিলে আৰু ৫-৬ বছৰলৈ ইয়াৰ ফল লাভ কৰি থাকিব।

লগতে পঢ়ক- 

শূন্য বাজেটেৰে শূন্য পৰিশ্ৰমেৰে কৃষিভূমিৰ চাৰিসীমাতে ৰোপন কৰক এইবোৰ ঘাঁহ

English Summary: Pineapple farming benefit & its farming trip
Published on: 19 June 2024, 02:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now