ই এবিধ উষ্ণতাৰ প্ৰতি আসক্তি থকা কাঠফুলা৷ এই জাতৰ কাঠফুলাৰ বনাবলৈ ২৮০ ৰ পৰা ৩৫০ ছেন্টিগ্ৰেড উষ্ণতা আৰু ৮০ৰ পৰা ৮৫ শতাংশ আদ্ৰতাৰ জলবায়ু সবাতকৈ উত্তম৷ জুন, জুলাই আৰু আগষ্ট মাহত এইবিধ কাঠফুলাৰ খেতি ভাল হয়৷ এই তিনিতা মাহ অয়েষ্টাৰ (Pleurotus sp.) কাঠফুলাৰ খেতিৰ বাবে উপযোগী নহয়৷ সেয়েহে দুয়োটা জাতৰ কাঠফুলা গোটেই বছৰটো উৎপাদনৰ বাবে কৰিব পাৰি।
ধানখেৰৰ কাঠফুলাৰ সুবিধা সমুহ
-
এই বিধ কাঠফুলা আন সকলোবোৰ কাঠফুলাতকৈ সোনকালে উৎপাদন হয় ৷
-
ই সাগৰীয়া শামুক জাতৰ কাঠফুলাতকৈ বেছি সোৱাদ ৷
-
খেতি কৰাৰ পদ্ধতি খুউব সহজ ৷
-
অতি সহজ আচবাব যেনে, চিমেন্টৰ ডাঙৰ পাত্ৰ, বাল্টি, বাঁহৰ ফ্ৰেম, খেৰ, ৰহৰ অইল, কাঠফুলাৰ বীজ ইত্যাদিৰ প্ৰয়োজন ৷
ধানখেৰৰ কাঠফুলাৰ অসুবিধাসমুহ
-
এই বিধ কাঠফুলা চপোৱাৰ পিছত ৰাখি থলে সোৱাদ কমি যায় ৷ পালেঙৰ পৰা চপোৱাৰ দিনৰ পৰাই ইয়াক খোৱাৰ দৰকাৰ ৷
-
ইয়াক ২৪ ঘন্টাতকৈ বেছি সময় সাঁচি ৰাখিলে ই পানীয় ধৰণৰ হয় আৰু ইয়াৰ পৰা বেয়া গোন্ধ ওলাই ৷ ৰেফ্ৰিজাৰেটৰত ৰাখিলে এদিনৰ বাবে ৰাখিব পাৰি৷
-
ইয়াৰ খেতি কৰিবলৈ বেছি খেৰৰ হয় ৷ ১০০ কিলোগ্ৰাম খেৰৰ পৰা মাত্ৰ ১৩ কিলোগ্ৰাম মান কাঠফুলাহে পোৱা যায় ৷
বতৰ (Weather)
বছৰত মে, জুন, জুলাই আৰু আগষ্ট এই চাৰি মাহত এই জাতৰ খেতি কৰিব পাৰি ৷ আগষ্ট মাহত সৰ্বাধিক উৎপাদন পোৱা যায়৷
কেচাঁমাল (Raw materials)
ধানখেৰৰ কাঠফুলা খেতিৰ বাবে ধানখেৰেই ভাল৷ বৰষুণত তিতি থকা ধানখেৰ বা নিম্নমানৰ খেৰ ব্যৱহাৰ কৰিলে খাদ্য অনুপযোগী আন জাতৰ কাঠফুলা (যেনে – Coprinus sp.) গজি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
খেৰ মুঠা বন্ধা
খেৰবোৰৰ ৮০ ছেন্টিমিটাৰ দীঘল X ১২ ছেন্টিমিটাৰ ব্যাসৰ মুঠা বান্ধিব লাগে৷ প্ৰ্ৰত্যেকটো মুঠাৰ ওজন ৮০০ গ্ৰামৰ পৰা ১ কিলোগ্ৰাম হোৱাৰ দৰকাৰ৷ এখন পালেং তৈয়াৰ কৰিবলৈ এনেকুৱা ২৪ টা খেৰৰ মুঠাৰ প্ৰয়োজন৷ ২০ কিলোগ্ৰাম শুকান খেৰ এখন পালেংঙৰ বাবে ভ্যৱহাৰ কৰা হয়।
খেৰ কটা
খেৰৰ মুঠাবোৰৰ মূৰৰ ফালে কাঠফুলা ওলাবৰ বাবে মুঠাবোৰ দুয়োমূৰে সমানকৈ কাটি দিয়াৰ দৰকাৰ ৷
খেৰৰ মুঠা পানীত তিওৱা পদ্ধতি
এক মিটাৰ ওখ আৰু এক মিটাৰ ব্যাসৰ চিমেন্টৰ পাত্ৰ বা তেলৰ ড্ৰামত প্ৰথমে খেৰৰ মুঠাবোৰ ভৰাই ল’ব লাগে ৷ তাৰ পিছত মুঠাবোৰৰ ওপৰলৈ পানী ভৰাব লাগে ৷ মুঠাবোৰ ভাঁহি নাথাকিবৰ বাবে ইয়াৰ ওপৰত ডাঙৰ শিল বা ইটা ৰখা দৰকাৰ এনে মুঠাবোৰৰ ২৪ ৰ পৰা ৪৮ ঘন্টা পানীত দুবাই থব লাগে ৷
মুঠা দ’ম কৰা
মুঠাবোৰ পনীৰ পৰা উঠাই অতিৰিক্ত পানীভাগ নিগৰি যোৱাৰ বাবে পৰিষ্কাৰ চাং এখনৰ ওপৰত ৰাখিব লাগে ৷
বাঁহৰ ফ্ৰেম
৯০ ছেন্টিমিটাৰ X ৯০ ছেন্টিমিটাৰ X ১৫ ছেন্টিমিটাৰ ওখ বাঁহৰ ফ্ৰেম এটা সজাই ল’ব লাগে ৷ বাঁহৰ ফ্ৰেম সজাই লোৱাৰ কাৰণ হ’ল – (১) কাঠফুলাৰ পালেং আৰু মজিয়াৰ মাজত পোনপটিয়া সংযোগ বন্ধ কৰা আৰু (২) খেৰৰ মুঠাত থকা অতিৰিক্ত পানী ভাগ ওলাই যোৱাত সুবিধা হয় ৷
কাঠফুলা উৎপাদন কৰা ঘৰ
কাঠফুলা উৎপাদন কৰিবলৈ লোৱাৰ ঘৰটোৰ প্ৰস্হ ৩ মিটাৰ, দুয়োফালে উচ্চতা ২.৫ মিটাৰ আৰু দীঘ ৬ মিটাৰ হোৱাৰ দৰকাৰ ৷ ছালখন খেৰৰ তৈয়াৰী হ’ব লাগে ৷ পকী মজিয়াত ৫ চেন্টিমিটাৰ মানৰ বালিৰ তৰপ দিব লাগে ৷ বেৰ চাৰিখন খেৰ আৰু বাঁহৰে তৈয়াৰী কৰি ল’ব লাগে ৷ বেৰ চাৰিখনত প্লাষ্টিক ওলমাই থব লাগে, এনে কৰিলে ধৰখনৰ উষ্ণতাৰ লগতে আৰ্দ্ৰতাও বৃদ্ধি হয় ৷
কাঠফুলাৰ বীজ
বিশুদ্ধ কাঠফুলাৰ বীজ ইটা বৰণীয়া হয় এখন পালেংৰ বাবে ৩০০ গ্ৰাম বীজেই যথেষ্ট ৷ ৩০০ গ্ৰাম বীজক ৭৫ গ্ৰাম, ৭৫ গ্ৰাম আৰু ১৫০ গ্ৰাম এই তিনিভাগত ভগাই ল’ব লাগে ৷ প্ৰতিটো ভাগৰ বীজবোৰক এক চেন্টিমিটাৰ জোখৰ টুকুৰা টুকুৰাকৈ ভাঙি লোৱাৰ দৰকাৰ ৷
ছকৰ গুড়ি
৫ গ্ৰাম ছকৰ গুড়ি ১ লিটাৰ পানীত মিহলাই কাঠফুলাৰ বীজ দিয়াৰ আগত খেৰৰ দমবোৰত স্প্ৰে কৰি ল’ব লাগে ৷ এনে কৰিলে খেৰৰ আম্লতা বৃদ্ধি হয় ৷
পালেং তৈয়াৰ কৰা পদ্ধতি
৬ টা খেৰৰ মুঠা বাঁহৰ ফ্ৰেমৰ ওপৰত একে শাৰীত থব লাগে ৷
অকনমান বীজ লৈ বীৰ টুকুৰাবোৰ খেৰৰ দমটোৰ ওপৰত ছটিয়াই দিব লাগে ৷ ই কাঠফুলাৰ বৃদ্ধি খৰতকীয়া কৰাত সহায় কৰে ৷
প্ৰথম তৰপটোৰ ওপৰত মুঠাবোৰ বিপৰীত দিশৰ আন ৬ টা মুঠাৰে দ্বিতীয় তৰপ দিব লাগে ৷
আগৰ দৰে ৭৫ গ্ৰাম বীজ দি তাৰ ওপৰত ৫০ গ্ৰাম ৰহৰ দাইলৰ গুৰি ছটিয়াই দিব লাগে ৷
দ্বিতীয় তৰপটোৰ বিপৰীত দিশত ৬ টা মুঠাৰে তৃতীয় তৰপ দিয়াৰ দৰকাৰ ৷
১২০ গ্ৰাম বীজ আৰু ১২০ গ্ৰাম ৰহৰ দাইলৰ গুৰি এই তৃতীয় তৰপটোৰ ওপৰত ছটিয়াব লাগে ৷
তৃতীয় তৰপটোৰ মুঠাবোৰৰ বিপৰীত দিশত ৬ টা মুঠাৰে শেষৰ তৰপটো দি পালেংখন ভালদৰে হেঁচি দিব লাগে ৷
২ মি: X ২ মি: জোখৰ পলিথিন এখনেৰে পালেংখন ভালদৰে ঢাকি দি পলিথিনৰ কাষবোৰ ফ্ৰেমটোৰ তলত ভালদৰে সুমুৱাই দিব লাগে ৷
পলিথিনৰ ঢাকনখন ১০ দিনৰ পিছত গুছোৱাই দিব লাগে ৷ ১৩ ৰ পৰা ১৬ দিনৰ পিছত কাঠফুলা ওলোৱা আৰম্ভ হ’ব ৷ কাঠফুলাবোৰ কণীৰ আকৃতিৰ লয় আৰু এইটোৱেই কাঠফুলা চপোৱাৰ উত্তম সময় ৷ ছাটিৰ দৰে আকৃতি অহালৈ বাট চাব নালাগে ৷ এই অৱস্হাত কাঠফুলাবোৰ সোনকালে নষ্ট হৈ যায় ৷
প্ৰথম থোপা কাঠফুলা চপোৱাৰ পাচত পালেং বোৰত ৰাতিপুৱা আৰু সন্ধিয়া পানী ছটিয়াব লাগে ৷ দ্বিতীয় থোপা কাঠফুলা ১ সপ্তাসৰ পিছত ওলাই আহিব ৷
ধানখেৰৰ কাঠফুলা খেতিৰ সমস্যা-
অসংখ্য ক্ষুদ্ৰ মকৰাবোৰে কাঠফুলা সূতাৰ দৰে অংশবোৰ খায় ৷ কাঠফুলা চপোৱাৰ সময়ত মানুহৰ গাত বগাই আমনি কৰে ৷ ইথিয়ান ৫০ ই চি মিলি: প্ৰতি লিটাৰ পানীত মিহলাই বীজ দিয়াৰ আগতে স্প্ৰে কৰিব লাগে ৷ ২০ লিটাৰ ঔষধ মিশ্ৰিত পানী ২০ কি: গ্ৰা: ওজন খেৰৰ বাবে যথেষ্ট ৷
লগতে পঢ়ক-Mushroom farming: বৈজ্ঞানিক পদ্ধতিত কেনেদৰে কৰিব কাঠফুলাৰ খেতি?
ড০ ওৱাই ৰাথাইয়া