Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 22 September, 2022 5:39 PM IST
Mushroom Cultivation

অসমৰ জলবায়ুত প্রাকৃতিক পৰিবেশত কম মূলধনেৰে অতি সহজতে খেতি কৰিব পৰা কাঠফুলাবিধেই হৈছে অয়ষ্টাৰ কাঠফুলা। অয়ষ্টাৰ কাঠফুলাৰ খেতি বুটাম কাঠফুলা আৰু ধানখেৰ কাঠফুলাৰ খেতিতকৈ অধিক সুবিধাজনক হোৱাৰ বাবে ই অতি জনপ্রিয়।

এইবিধ কাঠফুলাৰ কৃষি প্ৰণালী অতি সহজ আৰু উষ্ণতাৰ ক্ষেত্ৰতো সংবেদী নহয় অৰ্থাৎ ২০°c ৰ পৰা ৩০° চেন্টিগ্রেডলৈ এই খেতি কৰিব পাৰি। বৰ্তমান সময়ত অয়ষ্টাৰ কাঠফুলাৰ গোটেই বছৰ ধৰি কৰিব পৰা জাতৰ উদ্ভাৱন হোৱা হেতুকে এইবিধ কাঠফুলা অসমত বছৰৰ সকলো সময়তে কৰিব পাৰি। এইবিধ কাঠফুলাক ৰ'দত সহজে শুকুৱাই সংৰক্ষণ কৰিব পাৰি।

কাঠফুলাৰ খাদ্যগুণঃ

কাঠফুলা হৈছে ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ডিৰ এক প্ৰধান উৎস। থায়ামিন, ৰাইব’ফ্লেভিন, নিয়াচিন আদি খাদ্যপ্ৰাণ বি যৌগসমূহ কাঠফুলাত যথেষ্ট পৰিমাণে থাকে। কাঠফুলাৰ ক্ষেত্ৰত ৰন্ধাৰ পাচত বা সংৰক্ষণ কৰাৰ পাচত গুণাগুণ নষ্ট নহয়। সেউজীয়া শাক-পাচলিত নথকা তেজ গঠনত সহায়কাৰী ফলিক এচিড (Folic Acid) আৰু খাদ্যপ্রাণ বি-১২ (Vitamin B12) কাঠফুলাত পোৱা যায়৷

কাঠফুলাত কলেষ্টেৰ'ল নাথাকে যদিও আগ’ষ্টেৰ'ল থাকে। এই আগষ্টেৰ’ল  মানৱদেহত খাদ্যপ্ৰাণ ডি (Vitamin D) লৈ ৰূপান্তৰিত হয়। কলেষ্টেৰ'ল মুক্ত বাবে হৃদ ৰোগ উপশম কৰাত ই সহায় কৰে।

কাঠফুলাত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে, তদুপৰি পটাছিয়াম: ছড়িয়ামৰ অনুপাতো (K:Na) কাঠফুলাত যথেষ্ট বেছি। সেয়েহে হৃদৰোগী আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে ই উত্তম খাদ্য

কাঠফুলাত যথেষ্ট পৰিমাণে কেলছিয়াম আৰু তেজত হিম’গ্লবিনৰ মাত্ৰা নিৰ্দিষ্ট পৰিমাণত ৰাখিব পৰাকৈ লো থাকে । ইয়াত ৪-৫% কার্বহাইড্রেট থাকে আৰু শৰ্কৰা একেবাৰে নাথাকে । যথেষ্ট পৰিমাণে (৩-৩২%) আহ থকাৰ বাবে ই কোষ্ঠ কাঠিন্য দূৰ কৰাত সহায় কৰে। কাঠফুলাত কম পৰিমাণে জিঙ্ক থাকে যিয়ে আমাৰ দেহৰ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু ‘DNA’ গঠন হোৱাত সহায় কৰে। নগণ্য চৰ্বী (০.৩%) আৰু কম কেলৰিৰ (৩২ কিল' কেলৰি/১০০ গ্রাম সতেজ কাঠফুলা) খাদ্য হোৱা হেতুকে মেদবহুল লোকৰ বাবে ই উপযুক্ত খাদ্য। কাঠফুলাত ergothioneine আৰু glutathione নামৰ দুবিধ Antioxidant থাকে। Antioxidant যে হৃদৰোগ আৰু কিছুমান কৰ্কট ৰোগ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে ।

খাদ্যোপযোগী কাঠফুলা:

বিশ্বত এতিয়ালৈকে ১০,০০০ তকৈ অধিক খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণ হৈছে যদিও অতি কম সংখ্যক কাঠফুলাৰ খেতিহে ব্যৱসায়িক ভিত্তিত বিস্তৃতভাৱে কৰা হয়।

Mushroom

সাধাৰণতে খেতি কৰা পাঁচ প্ৰকাৰৰ খাদ্যোপযোগী কাঠফুলা হৈছে-

  1. সাগৰীয় শামুকীয়া বা অয়ষ্টাৰ কাঠফুলা

  2. বাটন বা বুটাম কাঠফুলা

  3. ধানখেৰ কাঠফুলা বা paddy straw mushroom

  4. মিল্কী কাঠফুলা

  5. চিটাকে কাঠফুলা (Shitake mushroom)

অয়ষ্টাৰ কাঠফুলাৰ কৃষি পদ্ধতি:

অয়ষ্টাৰ কাঠফুলা উৎপাদনৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে –

  1. কাঠফুলা গৃহ

  2. শুকান শালিধানৰ খেৰ

  3. কাঠফুলাৰ বীজ অথবা স্পন

  4. পলিথিনৰ মোনা (৬০ ছেঃমি x ৪০ ছেঃমিঃ)

  5. খেৰ কটা মেচিন, দা অথবা কাচি

  6. ড্রাম অথবা ডাঙৰ কেৰাহী

  7. হেণ্ড স্প্রেয়াৰ

ক) প্রথমেই শুকান খেৰখিনি ৫ ছেঃমিঃ জোখত কাটিব লাগে।

খ) কাটি লোৱা খেৰখিনি পৰিষ্কাৰ পানীৰ ড্ৰাম এটাত ৬-৮ ঘণ্টামান তিয়াই থ'ব লাগে।

গ) তিতা খেৰখিনি এলুমিনিয়ামৰ চচপেন বা GI ড্ৰামত উতলোৱা পানীত (৮৫ ডিগ্ৰী ছেণ্টিগ্ৰেট) ডুবাই দিব লাগে। এনেদৰে ৩০ মিনিট সময় মাজে মাজে তল-ওপৰ কৰি উতলাব লাগে। খেৰ সিজাওতে চচপেন বা ড্রামত ঢাকনীখন লগাই লাহে-লাহে উতলাই থাকিব লাগে যাতে বী পানীৰ উষ্ণতাৰ তাৰতম্য নঘটে। খেৰ সিজোৱাৰ ওপৰতেই অয়ষ্টাৰ কাঠফুলাৰ খেতিৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে।

ঘ) উতলা পানীৰ পৰা খেৰখিনি উঠাই অনাৰ পাচত সেই গৰম পানীখিনি পুনৰ দ্বিতীয়বাৰ খেৰ সিজাবৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

ঙ) খেৰখিনি ঠাণ্ডা হ'বলৈ আৰু অতিৰিক্ত পানীভাগ যাবলৈ পৰিষ্কাৰ পকা মজিয়াত বা ডাঙৰ চালনী বা ঢাৰি এখনত মেলি দিব লাগে আৰু চাব লাগিব যাতে হাতৰ মুঠিত লৈ চেপি দিলে পানী নিগৰি নাহে।

চ) সেউজৰঙী ভেঁকুৰ ট্ৰাইক'ড্ৰামাৰ আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে বীজ সিঁচাৰ ঠিক আগে-আগে ০.৩% নহৰুৰ ৰস স্প্রে কৰি কাঠফুলাৰ টোপোলাবোৰত সেউজৰঙী ভেঁকুৰ গজাত বাধা দিব পাৰি।

নহৰুৰ ৰসৰ প্ৰস্তুত প্রণালী:

  1. ৫০ গ্ৰাম নহৰু বাকলি গুচাই বাতি ল'ব লাগে।

  2. এইদৰে বাতি লোৱা নহৰুখিনিত ৫০ মিঃলি পানী দি দ্রবণটো এক ৰাতিৰ বাবে থৈ দিব লাগে।

  3. পাছদিনা এইখিনি চেকি এনে প্ৰবণৰ ৩ মিঃলিঃ এক লিটাৰ পানীত মিহলাই নহৰুৰ ০.৩% ৰস প্ৰস্তুত কৰিব পাৰি।

এতিয়া বীজ সিঁচাৰ কাৰ্য:

ক) ৬০ ছেঃমি x ৪০ ছেঃমিঃ জোখৰ এটা ডাঠ পলিথিনৰ মোনা দীঘে-দীঘে চাৰিভাগ কৰি লওঁক। যিকোনো বিন্ধা কৰা সঁজুলিৰে প্ৰতিটো মোনাত ২০ টা মান ৫ মিঃমিঃ ব্যাসৰ ফুটা কৰি লওঁক।

(খ) মোনাৰ বন্ধ মূৰটো এডাল সৰু ৰচীৰে বান্ধি লওঁক। এনে কৰিলে কাঠফুলাৰ টোপোলাবোৰ গোলাকৃতিৰ হয়।

গ) তাৰ পাচত অতিৰিক্ত পানী নথকা অথচ জীপ থকা খেৰ অলপ লৈ পলিথিনৰ মোনাটোত ১০ ছেঃমিঃৰ এটা তৰপ দিব লাগে। হাতেৰে হেঁচি-হেঁচি আৱদ্ধ বায়ুখিনি উলিয়াই এই ১০ ছেঃমিঃৰ তৰপটো ৬ ছেঃমিঃ কৰি পেলাব লাগে। বায়ু চলাচলত সুবিধা কৰিবৰ বাবে pvc pipe এডাল খেৰৰ মাজত সুমুৱাই দিব লাগে।

ঘ) প্ৰতিটো পলিথিনৰ টোপোলাৰ বাবে ১০০ গ্ৰামকৈ বীজ লৈ এখন পৰিষ্কাৰ থালত বীজখিনি মেলি সমানে চাৰিভাগ কৰিব লাগে। খেৰৰ তৰপটোৰ ওপৰত কাষে কাষে সমানে ভাগ কৰি থোৱা বীজখিনিৰ চাৰিভাগৰ এভাগ সমানে সিঁচি দিব লাগে।

ঙ) খেৰ আৰু বীজৰ তৰপ এটাৰ ওপৰত আনটো দি পলিথিনৰ মোনাটো সম্পূৰ্ণ কৰি টোপোলা বনোৱা হয়। এইদৰে বীজৰ মুঠ ৪ টা তৰপ খেৰৰ ৫ টা তৰপৰ মাজত সোমাই পৰে।

চ) এতিয়া এই টোপোলাবোৰ আন্ধাৰ কোঠাত ১৫ দিনৰ পৰা ২০ দিনলৈ ৰাখিব লাগে।

ছ) এইদৰে ১৫-২০ দিন ৰখাৰ পাচত যেতিয়া ধানখেৰবোৰ সম্পূৰ্ণভাৱে বগা সূত্ৰপুঞ্জই আগুৰি ধৰিব তেতিয়া কাঠফুলাৰ টোপোলাবোৰ পোহৰ থকা আৰু বায়ু চলাচলৰ সু ব্যৱস্থা থকা এটা কোঠালৈ স্থানান্তৰ কৰা হয়৷ কোঠাটোৰ মজিয়াত বালিৰ এটা ৫ ছেঃমি তৰপ দিয়াৰ উপৰি চাৰিওকাষৰ বেৰৰ ভিতৰফালে বস্তা আঁৰি দিব লাগে। কোঠাটোৰ ভিতৰখন যথেষ্ট আৰ্দ্ৰ কৰি ৰাখিবৰ বাবে মজিয়াত আৰু বেৰত অন্তত দুবাৰকৈ পানী চতিয়াব লাগে যাতে কাঠফুলাৰ টোপোলাৰ পৰা হোৱা বাষ্পীভৱন ৰোধ হয়। সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ নপৰিবৰ বাবে ডাঙৰ গছৰ ছাঁ পৰা ঠাইত কাঠফুলা গুহটো নিৰ্মাণ কৰিব পাৰিলে ভাল। নতুবা আবেলিৰ সূৰ্যৰ তাপ কমাবৰ বাবে উৎপাদন গৃহৰ পশ্চিম দিশত খৰকৈ বাঢ়িব পৰা যিকোনো জোপোহা গছ ৰুব লাগে। উৎপাদন গৃহত টোপোলাবোৰ আন্ধাৰ কোঠাত ৰখাৰ দৰে গাত গা লগাই ৰাখিব নালাগে । আন্ধাৰ কোঠাৰ পৰা উলিওৱাৰ ৬-৭ দিন পাচতেই প্রথম কলি ওলায়। তাৰ এসপ্তাহৰ পাচতেই ক্ৰমে দ্বিতীয় আৰু তৃতীয় ভাগ কাঠফুলা গজিবলৈ আৰম্ভ হয়। এইদৰে ৮-১০ দিনৰ ভিতৰত দুবাৰ বা তিনিবাৰ কাঠফুলা চপাব পাৰি।

কাঠফুলাৰ মূল্য সংযোজন

সতেজ, শুকান অথবা সংৰক্ষিত যিকোনো কাঠফুলাৰ পৰাই নানাধৰণৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰি ইয়াৰ মূল্য সংযোজন কৰিব পাৰি। সতেজ বা শুকান কাঠফুলাৰ পৰা যিকোনো ধৰণৰ খাদ্য প্ৰস্তুত কৰাৰ পূৰ্বে কাঠফুলাখিনি গৰম পানীৰে ভালকৈ ধুই কোমলাই ল'ব লাগে। এনেদৰে তৈয়াৰ কৰিব পৰা কেইবিধমান খাদ্য সম্ভাৰ হৈছে কাঠফুলা মটৰ মছলা, কাঠফুলাৰ পকোৰা, কাঠফুলাৰ অমলেট, পালেং শাক-কাঠফুলাৰ ব্যঞ্জন, কাঠফুলাৰ আচাৰ, কাঠফুলাৰ আঞ্জা, কাঠফুলাৰ চপ, কাঠফুলাৰ কোপ্তা, কাঠফুলাৰ বিৰিয়ানি, কাঠফুলাৰ পাপড়, কাঠফুলাৰ বিস্কুট ইত্যাদি।

লগতে পঢ়ক-মাছৰ পুষ্টিগুণ আৰু থাওঁকতে মৎস্য উৎপাদনৰ সম্ভাবনীয়তা

লেখক-

ড০ অৰুণিমা ভৰালী

মৃদুস্মিতা বৰঠাকুৰ

কৃষ্ণাক্ষী বৰা

English Summary: Mushroom Cultivation and its valu addition
Published on: 22 September 2022, 05:39 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now