Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 June, 2022 3:12 PM IST
Marigold Farming

অসমৰ জলবায়ুত কৰিব পৰা ফুলৰ ভিতৰত নাৰ্জী ফুল অন্যতম। এই ফুল অবিহনে এখন বাগিচা সম্পূৰ্ণ নোহোৱা যেন লাগে। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায়। এই ফুলৰ সুন্দৰতাৰ উপৰি যথেষ্ট ঔষধি গুণো আছে। এই ফুল সাধাৰণতে শীতকালত কৰা হয় যদিও গোটেই বছৰ অৰ্থাত্ ১২ মাহেই ইয়াৰ চাহিদা বজাৰত দেখিবলৈ পোৱা যায়। সেয়েহে অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰীষ্মকালীন নাৰ্জীফুলৰ ব্যৱসায়িক ভিত্তিত উত্পাদন কৰিবলৈ গৱেষণা চলি আছে।

বীজ সিঁচাৰ সময়ঃ

নাৰ্জী ফুলৰ বীজ সিঁচাৰ সময় আগষ্ট-ছেপ্তেম্বৰ মাহ। পুলিবাৰীত পুলিবোৰ যেতিয়া ৫-৭ ছেঃ মিঃ (২-৩ ইঞ্চি) ওখ হ’ব তেতিয়া পুলিবোৰ বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। ফ্ৰেণ্স নাৰ্জী (চাপৰ জাত) ফুল ১৫ ছেঃ মিঃৰ পৰা ৩০ ছেঃ মিঃ (৬-১২ ইঞ্চি) ব্যৱধানত আৰু ওখ জাতৰ নাৰ্জী (আফ্ৰিকান নাৰ্জী) ৬০ ছেঃ মিঃ (দুই ফুট) ব্যৱধানত ৰোপণ কৰিব লাগে।

সাৰ প্ৰয়োগঃ

নাৰ্জী ফুলৰ বাবে গোবৰ বা পচন সাৰেই যথেষ্ট। পুলি ৰোপণ কৰাৰ আগতে মাটিত যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰি ল’ব লাগে। কিন্তু ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰিলে বিঘাই প্ৰতি ২৮ কেজি ইউৰিয়া, ৮৩ কেজি একক ছুপাৰ ফছফেট আৰু ২২ কেজি মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰি অধিক লাভৱান হ’ব পাৰি। উপৰিউক্ত সাৰৰ আধাভাগ ইউৰিয়া (১৪ কেজি), সম্পূৰ্ণভাগ একক ছুপাৰ ফছফেট আৰু পটাছ সাৰ মাটি প্ৰস্তুতকৰণৰ সময়ত আৰু বাকী আধাভাগ ইউৰিয়া (১৪ কেজি) পুলি ৰোৱাৰ এমাহ পাছত প্ৰয়োগ কৰিব লাগে। অথবা বিঘাই প্ৰতি ১৭ কেজি ইউৰিয়া, ২৮ কেজি ডি এ পি আৰু ২২ কেজি মিউৰেট অব পটাছ প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যাঃ নাৰ্জী ফুলৰ পুলিবোৰ ২০-২৫ ছেঃ মিঃ ওখ হ’লে বা গছত ফুল ফুলিবলৈ ধৰাৰ আগতে বাঁহৰ খুঁটি পুতি গছবোৰ বান্ধি দিব লাগে। গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই নিয়মীয়াকৈ পানীৰ যোগান ধৰিব লাগে। এনেক্ষেত্ৰত ক’লা প্লাষ্টিকৰ আচ্ছাদন ব্যৱহাৰ কৰি সুফল পাব পাৰি। গছত ফুল ফুলাৰ সময়ত বা তাৰ পাছত বৰষুণ আহিলে পানী ওলাই যাব পৰাকৈ সৰু সৰু নলাৰ ব্যৱস্থা কৰিব লাগে।

শস্য চপোৱাঃ ফুলবোৰ দীৰ্ঘদিনলৈ সতেজ কৰি ৰাখিবলৈ হ’লে পুৱা বা গধূলি সময়ত ফুলবোৰ ছিঙিব লাগে। ফুল চপোৱাৰ এদিনৰ আগতে খেতিডৰাত পানী যোগান ধৰিলে ফুলবোৰ বহুদিনলৈ সতেজ হৈ থাকে। ফুলৰ উত্পাদন বঢ়াবলৈ নিয়মিতভাৱে ফুল ছিঙিব লাগে। ছিঙা ফুলবোৰ বাঁহৰ টুকুৰী বা মৰাপাটৰ বেগত ভৰাই বজাৰলৈ যোগান ধৰা হয়।

লগতে পঢ়ক-মাটিকঁঠাল অথবা অনাৰসৰ খেতিঃ জানক কেনেদৰে কৰা হয় ইয়াৰ পৰিচৰ্যা

English Summary: Marigold Farming: A profitable business for farmers
Published on: 15 June 2022, 03:10 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now