1. উদ্য়ানশস্য়

মাটিকঁঠাল অথবা অনাৰসৰ খেতিঃ জানক কেনেদৰে কৰা হয় ইয়াৰ পৰিচৰ্যা

KJ Staff
KJ Staff
Pineapple Cutivation
Pineapple Cutivation

মাটি কঠালক অনাৰস ৰূপেওঁ জনা যায়। ই এবিধ ৰসাল সু স্বাদু ফল। মাটি কথাল কেচাঁই খোৱা হয়। ইয়াৰ উপৰিও ব্যঞ্জন, ৰস জেলী আদিও ইয়াৰ পৰা প্ৰস্তুত কৰা হয়। মাটিকঠালত ভালেমান পুষ্টিকৰ দ্ৰব্য আছে। ইয়াৰ ভিতৰত মেংগানিজ আৰু ভিটামিন চি অন্যতম। ইয়াৰ উপৰিও ই হজম শক্তি বঢ়ায়। অৱশ্যে ইয়াত থকা কিছুমান দ্ৰব্যৰ বাবে মাটি কঠালে সকলোকে নুসুহে আৰু এলাৰ্জীৰ দৰে বিকাশৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পাত দীঘল হয় আৰু পাতৰ আহবোৰ কাগজ তৈয়াৰ কৰাত আৰু সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

মাটি কঠাঁলৰ বিবিন্ন জাতঃ

কিউ, কুইন আৰু মৌৰিটিয়াচ

মাটিঃ

উপযুক্ত নলা-নৰ্দমা থকাৰ লগতে অলপ পৰিমাণে এচিড থকা যিকোনো মাটিত অনাৰস বৃদ্ধি পায়।

অনাৰসৰ বৃদ্ধি-অনাৰসৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ইয়াপ শিপাৰ পৰা ওলোৱা গজালি ৰোপন কৰি, ইয়াৰ ডালৰ অংশ কাটি আনি ৰোপন কৰি আৰু মূৰৰ অংশ ৰোপন কৰি অৱশ্যে এইখিনি ৰুৱলৈ হ’লে ইয়াৰ বয়স কমেও ৫-৬ মাহ হ’ব লাগে তাৰ পিছত ৰোৱা অংশবিলাক ১২ মাহৰ ভিতৰতে ফুলিব ধৰে, কিন্তু মূৰৰ অংশ ৰোৱাৰ ১৯-২০ মাহ পিছতহে ফুল ফুলে।

মাটি কঁঠাল ৰোৱাৰ সময়ঃ

এপ্ৰিলৰ পৰা অক্টোবৰ মাহ।

মাটি কঁঠালৰ পৰিচৰ্যাঃ

এবছৰত প্ৰায় তিনি চাৰিবাৰমান অনাৰস গছৰ মাজত গজা ঘাহঁ বন বিলাক চাফ কৰিব লাগে। হাতেৰে চাফ চিকুন নকৰি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিও পৰিস্কাৰ কৰিব পাৰি। ডিউৰন নামৰ ঔষধবিধ প্ৰথম বছৰত ব্যৱহাৰ কৰি বহুত পৰিমানে ঘাহ বন চাফ-চিকুন কৰিব পাৰি।

আকৌ কেতিয়াবা যদি দীঘলীয়া খৰাং বতৰ হয় সূৰ্যৰ তাপৰ পৰা যাতে ফলবিলাক বেয়া হৈ নাযায় তাৰ বাবে অনাৰসৰ বাগানত দৈনন্দিন পানী দিব লাগে। সূৰ্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ সাময়িকভাৱে ছাঁ পৰাৰ ব্যৱস্হা কৰিব লাগে। পূৰঠ ফলবিলাক ইয়াৰ পাতবিলাকেৰে ঢাকি দি সূৰ্যৰ তাপ আৰু বিভিন্ন আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

মাটি কঁঠালৰ খেতিঃ

মাটি কঁঠালৰ বাবে সাধাৰণতে উষ্ণ আৰু নাতিশীতোষ্ণ জলবায়ু উপযোগী। মাটি কঁঠাল গছ ৰোৱাৰ পৰা ২০-২৪ মাহৰ ভিতৰত গুটি ধৰে। ফলৰ ওপৰত অংশত থকা আগটো ফল চিঙাৰ পাছত তাৰ পৰা চিঙি ৰুলেই নতুন গছ হয়। ই এবিধ গুল্ম উদ্ভিদ। ইয়াৰ গুৰিৰ পৰাও পোখা মেলিও নতুন গছ গজে।

ৰোগঃ

মাটি কঁঠালৰ খেতিত বিভিন্ন ধৰণৰ ৰোগ দেখা দিব পাৰে। ইয়াৰ ভিতৰত মাটি কঁঠালত ফুটি পোক সৃষ্টি কৰা ৰোগ গুৰুতৰ হব পাৰে। এই ৰোগে মাটি কঠালৰ লগতে কোঁহৰো ক্ষতিসাধন কৰে। ইয়াৰ উপৰিও পিংক ৰোগ, শিপাৰ পৰা হোৱা ৰোগ আদি। মাটি কঁঠালৰ ক্ষতিসাধন কৰা পোকবোৰৰ ভিতৰত চৰহা, ফুটি আদি।

কীটনাশকঃ

মাটি কঁঠালৰ খেতি কৰিবলৈ লওঁতে প্ৰতি হেক্টৰ মাটিত ২০ কিলোগ্ৰাম কীটনাশক পানীত নিহলাই ছটিয়াব লাগে। মাটি কঁঠালত ব্যৱহৃত কীটনাশকৰ ভিতৰত অৰ্গেনফছফেট, অৰ্গেনক্লৰিনেজ আদি।

খেতি চপোৱাঃ

মাটি কঁঠাল পূৰঠ হোৱাৰ পাছত ছিঙিব লাগে। মাটি কঁঠালবোৰ পৃথকে ৰাখিব লাগে, কিয়নো ই সহজে নষ্ট হৈ যাব পাৰে।

উৎস-উদ্যনশস্য আৰু খাদ্য সমসাধন সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত

লগতে পঢ়ক-কচু খেতিঃ বৈজ্ঞানিক ভিত্তিত কেনেদৰে কৰিব লাভজনক কচু খেতি?

English Summary: Know about how to Cultivate Pineapple Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.