
তৰমুজ গ্রীষ্মকালীন ফল।ইয়াত প্রচুৰ পৰিমানে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থাকে। তৰমুজত শতকৰা ৯২ ভাগ পানী থাকে, প্রাকৃতিকভাৱে ইয়াত কোনো চর্বি নাথাকে।
তলত তৰমুজৰ উপকাৰিতা সম্পৰ্কে কিছু তথ্য দিয়া হ’ল –
চকুৰ সুৰক্ষাঃ
তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন এ থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পড়াৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে।
*হৃদযন্ত্রৰ ৰক্ত সঞ্চালনতঃ
সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়।
*স্নায়ু ও মাংসপেশী সুৰক্ষাতঃ
তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে। এই পাৱাৰ শৰীৰৰ মাংসপেশী ও স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী।
*শৰীৰৰ বিষ নিৰাময় আৰু কলা(টিচু) সুৰক্ষাতঃ
তৰমুজত প্রচুৰ পৰিমাণ ভিটামিনি চি থাকে যি শৰীৰৰ বিভিন্ন স্থানৰ বিষ নিৰাময়ৰ লগতে দাঁত আৰু মাংসপেশীৰ সুৰক্ষাত প্রতিষেধক হিচাপে কাম কৰে।
*হাড় মজবুত কৰেঃ
তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে।
শৰীৰত চর্বি নিয়ন্ত্ৰণ কৰে -
তৰমুজত প্রচুৰ পৰিমাণে এমাইনো এছিড থাকে যি শৰীৰৰ কোলেস্টেৰল আৰু চর্বি কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও তৰমুজত এন্টি অক্সিডেন্ট থাকে যি শৰীৰত জমা হৈ থকা কোলেস্টেৰল কমোৱাত সহায় কৰে।
*কিডনি আৰু লিভাৰৰ সুৰক্ষাঃ
তৰমুজত প্রচুৰ জলীয় উপাদান থকাৰ বাবে প্রস্রাৱৰ জ্বলাপোৰা কমাই দিয়ে। তৰমুজত থকা এন্টিবডিয়ে কিডনি আৰু লিভাৰ সুৰক্ষাত সহায় কৰে।
*ওজন কমোৱাত সহায় কৰেঃ
গৱেষণাত দেখা গৈছে তৰমুজে মানৱ শৰীৰত জমা হৈ থকা চর্বি কমোৱাত সহায় কৰে। তৰমুজত থকা Citrulline নামৰ এমিনো এছিডবিধ কিডনিৰ বাবে অত্যন্ত উপকাৰী।তৰমুজত প্রচুৰ পৰিমাণে পানী থকাৰ বিপৰীতে খুব কম পৰিমাণৰ কেলৰি থাকে। সেই কাৰণেই পেট ভৰাই তৰমুজ খালেও সেই অনুযায়ী ওজন নাবাঢ়ে।
*জলশূন্যতা দূৰ কৰেঃ
তৰমুজত প্রচুৰ পৰিমাণে পানী থাকে। গৰমৰ সময়ত যেতিয়া ঘামৰ মাধ্যমত শৰীৰৰ পৰা প্রচুৰ পৰিমাণে ঘাম বাহিৰ হয় তেতিয়া তৰমুজ খালে শৰীৰৰ জলশূন্যতা দূৰ হয়।
*শ্বাস-প্ৰশ্বাসৰ কষ্ট প্রতিৰোধ কৰেঃ
যিসকলে বহুতদিনৰ পৰা শ্বাস-প্ৰশ্বাসৰ সময়ত কষ্ট অনুভৱ কৰে তেখেত সকলে প্ৰতিদিনেই তৰমুজ খোৱাৰ অভ্যাস গঢ়ি তোলক। তৰমুজে শৰীৰৰ ভিটামিন চি ৰ অভাৱ পূৰণ কৰে আৰু হাঁপানি প্রতিৰোধ কৰাত সহায় কৰে।
*কেঞ্চাৰ প্রতিৰোধ কৰেঃ
তৰমুজত থকা এন্টি অক্সিডেন্টে কেঞ্চাৰ সৃষ্টিৰ বাবে দায়ী কোষবোৰক নির্মূল কৰাত সাহায্য কৰে। গৱেষণাত দেখা গৈছে তৰমুজত লাইকোপিন নামৰ উপাদান থাকে যি প্রোষ্টেট গ্ৰন্থিত কেঞ্চাৰৰ সম্ভাৱনীয়তা কমাই দিয়ে।
লেখক: ডাঃ শ্বাহিদুল প্ৰীতম (সংগৃহীত)
Share your comments