1. উদ্য়ানশস্য়

স্বাস্থ্য যতনৰ বাবে ঘৰতে কৰক পুদিনা খেতি; জানক কেনেকৈ কৰিব এই খেতি?

KJ Staff
KJ Staff
Mint Cultivation
Mint Cultivation

স্বাস্থ্যৰ বাবে অতি উপকাৰী পুদিনা শস্যৰ খেতি উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য কেইখনৰ খেতিয়ক সকলে প্ৰায়ে কৰা দেখা যায় । বিশেষকৈ উত্তৰ ভাৰতত পোৱা পুদিনা শস্য হৈছে এক চিৰস্থায়ী উদ্ভিদ । থেৰাপিউটিক ঔষধৰ দৰে বিভিন্ন ৰোগৰ ঔষধি গুণ থকা পুদিনা খেতি আপুনি কোনো সমস্যা নোহোৱাকৈ ঘৰতে কৰিব পাৰে ।

পুদিনা শস্যৰ খেতিৰ প্ৰক্ৰিয়াত বহু কেইটা কথা গুৰুত্ব দিব লাগে খেতিয়ক সকলে । আপুনি যদি ঘৰতে পুদিনা শস্যৰ খেতি কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে তেন্তে কেইটামান কথা অতিকৈ গুৰুত্ব দিব লাগিব । পুদিনা শস্য খেতিৰ বাবে কোন কেইটা দিশ অতি গুৰুত্বপূৰ্ণ  সেই সন্দৰ্ভত এই শিতানত আলোচনা কৰা হৈছে ।

পুদিনা খেতিৰ প্ৰয়োজনীয়  দিশ সমূহ (Work required for mint cultivation)

পুদিনা খেতিৰ বাবে প্ৰয়োজন হয় ১৫ ৰ পৰা ২৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতা আৰু এই শস্য খেতিৰ বাবে প্ৰতিদিনে 4-6 ঘণ্টা ৰ'দৰ প্ৰয়োজন হয় ।

 পুদিনা খেতি 4 ৰ পৰা 6 ইঞ্চি গভীৰ আৰু বহল পাত্ৰত ৰোপণ কৰিব পাৰে । তদুপৰি বীজ অথবা পুদিনা ডালৰ পৰা এই খেতি কৰিব পাৰি ।

এজোপা পুদিনা গছ গজালি বা পোখা মেলিবলৈ প্ৰায় ৭ ৰ পৰা ১৫ দিনৰ প্ৰয়োজন । পোখা মেলা প্ৰায় ৪০ দিনৰ পাছত পুদিনাৰ শস্য কাটিব বা চপাব পাৰি ।

ঘৰতে পুদিনা খেতি কৰা কেইটামান সহজ উপায়  (How to grow mint plants at home)

পুদিনা এনে এবিধ শস্য যিয়ে সহজে গজালি মেলে ।  ইয়াত পেপাৰমিণ্ট আৰু স্পিয়াৰমিণ্টৰ পৰা চকলেট মিণ্ট, আনাৰস পুদিনা বা আপেল পুদিনালৈকে বিশেষত্ব অন্তৰ্ভুক্ত থাকে। আপুনি পৃথক পদ্ধতি ব্যৱহাৰ কৰি ঘৰত পুদিনা গছ খেতি কৰিব পাৰে :

১. নাৰ্চাৰী পাত্ৰত পুদিনাৰ শিপা থকা ডালৰ ৰোপন কৰি এই খেতিৰ কৰাটো হৈছে আটাইতকৈ সহজ আৰু সৰল প্ৰদ্ধতি । এই পদ্ধতিৰে প্ৰায় সংখ্যক লোকেই পুদিনা খেতি কৰা দেখা যায় । এই পদ্ধতিৰে পুদিনা খেতি কৰোতে যাতে পাত্ৰটোত থকা মাটিখিনি যাতে একেবাৰে শুকাই নাযায় তাৰ বাবে অলপ অলপকৈ পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব । প্ৰয়োজন হ'লে পাত্ৰটোৰ পৰা পুদিনা গছজোপা অন্য স্থানলৈ স্থানান্তৰো কৰিব পাৰে । তদুপৰি প্ৰত্যেক জোপা গছৰ মাজত দূৰত্ব ৰাখক । কিয়নো এজোপা পুদিনা গছে পোখাবলৈ যথেষ্ঠ ঠাইৰ প্ৰয়োজন হয় ।

২. বীজৰ পৰাও আপুনি পুদিনা খেতি কৰিব পাৰে । কিন্তু বীৰ পৰা পুদিনা খেতি কৰিবলৈ সঠিক পৰিকল্পনাৰ প্ৰয়োজন হয় ।  পুলিবোৰ বাহিৰৰ ঠাইত ৰোপণ কৰাৰ আগতে, প্ৰথমে বীজটো ঘৰৰ ভিতৰত পচোৱাৰ আৰম্ভ কৰক। ভালদৰে নিষ্কাশিত মাটিত 2-3 টা বীজ কম দূৰত্বত সমানভাৱে ৰাখক। প্ৰথম কেইটামান পাত ওলোৱাৰ পিছত, এটা ডাঙৰ পাত্ৰত ৰোপণ কৰক আৰু ইয়াক বাহিৰত ৰাখক।

পুদিনা উদ্ভিদৰ যত্ন লোৱাৰ পৰামৰ্শ (Tips for caring for mint plants)

পুদিনা গছজোপা বিকশিত হ'ব পৰা কৈ ৰ'দ আৰু আংশিক ছাঁ পৰা ব্যৱস্থা কৰক । পুদিনা গছবোৰ নিয়ন্ত্ৰণত ৰখাৰ আটাইতকৈ সহজ উপায় হৈছে- ইয়াক সোনকালে আৰু বাৰে বাৰে কাটি দিয়ক।

লগতে পঢ়কঃ বিলাহী শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াক নিৰাময়ৰ তথ্য

English Summary: Know about Mint Cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.