1. উদ্য়ানশস্য়

তিঁতা কেৰেলাৰ (Bitter gourd) খেতি প্ৰণালী সম্পৰ্কে জানো আঁহক-

KJ Staff
KJ Staff
Bitter Gourd Farming a Profitable Business
Bitter Gourd Farming a Profitable Business

তিতা কেৰেলা এবিধ মুখৰোচক আৰু উচ্চ গুণ বিশিষ্ট পাচলি। বহুমূত্ৰ ৰোগৰ ৰোগীসকলৰ পৰম বন্ধু এইবিধ পাচলিৰ খেতি সাধাৰণতে আগতীয়াকৈ অক্টোবৰ নৱেম্বৰ মাহত, মধ্যমীয়াকৈ ফেব্ৰুৱাৰী- মার্চত আৰু শেহতীয়াভাৱে জুন-জুলাই মাহত কৰা হয়। 

অৱশ্যে এই লিখনিত শেহতীয়াভাৱে কৰা তিতা কেৰেলাৰ কৃষি পদ্ধতিৰ বিষয়ে কিছু তথ্য দাঙি ধৰা হব -

মাটিঃ- পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণ থকা, মাটিত ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰবাবে উপযোগী।

 মাটি প্রস্তুতঃ- ২-৩ বাৰ হাল বাই মৈয়াই

মাটিডৰা সমান কৰি মিহিকৈ চাহ কৰি ল'ব

লাগে।

সাৰ প্রয়োগঃ- প্রতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গোবৰ, ইউৰিয়া ১০ কিলোগ্রাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰামম আৰু মিউৰিট অব পটাছসাৰ ৭ কিলোগ্ৰাম প্রয়োজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্রয়োগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত টপদ্রেচ হিচাপে প্রয়োগ কৰিব লাগে।

জাতঃ- মনছুন মনৰ্ক, লং গ্রীণ মনছুন।

বীজৰ পৰিমাণঃ- বিঘাই প্রতি ৮০০-৯০০ গ্রাম।

বীজ সিঁচাৰ সময়ঃ জুন-জুলাই মাহৰ ভিতৰত।

ব্যৱধানঃ শাৰীৰ মাজৰ ব্যবধান ১.৫-২.৫ মিটাৰ আৰু গছৰ ব্যৱধান ৬০ ছেণ্টিমিটাৰ-১.২ মিটাৰ হ’ব লাগে।

জলসিঞ্চনঃ খৰাংবতৰত ৮-১০ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন কৰিৱ লাগে।

খেতি চপােৱাঃ- ফলবোৰ কোমল আৰু সেউজীয়া হৈ থাকোতে খেতি চপোৱাৰ উপযুক্ত হয়।

উৎপাদনঃ বিঘাই প্রতি ১৫-১৮ কুইন্টল।

লগতে পঢ়কঃ বিলাহী শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াক নিৰাময়ৰ তথ্য

English Summary: know how to bitter gourd farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.