Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 May, 2022 4:32 PM IST
আদা খেতিৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ইয়াৰ প্ৰতিকাৰ

অসমৰ উৎপাদিত মছলা জাতীয় শস্যৰ ভিতৰত আদা এবিধ উৎকৃষ্ট সুগন্ধিযুক্ত মছলা। আমাৰ দৈনন্দিন জীৱনত ই নিত্য প্রয়োজনীয় গুৰুত্বপূৰ্ণ মছলা শস্য হিচাপে ব্যৱহাৰ হৈ আহিছে। আদা মছলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও মাহ- প্রসাদত অৰ্পিত দ্রব্য হিচাপে ব্যৱহাৰ কৰা হয়। আদাৰ পৰা বৰ্তমান নানা ধৰণৰ মুখৰোচক উপাদেয় প্রস্তুত কৰা হৈছে। আয়ুবেদিক ঔষধ প্রস্তুত কৰণতো প্রাচীনতম কালৰে পৰা আদাৰ ব্যৱহাৰ কৰি অহা হৈছে।

আদা এবিধ উত্তম হজম শক্তিৰো বৃদ্ধিকাৰক। আদা উৎপাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে প্রথম। ভাৰতীয় আদা বা কোচিন আদা পৃথিৱীৰ ভিতৰত অতি উত্কৃষ্ট আৰু ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতেই এই আদা ৭০ শতাংশ উত্পাদন হয়। অসমৰ জলবায়ু আৰু মাটি আদা খেতিৰ বাবে অতি উত্তম। অসমত ১৭৮৭০ হেক্টৰ মাটিত আদা খেতি কৰা হয় আৰু তাৰ পৰা ১১৪,৪০৮ টন আদা উৎপাদন হয়। অসমৰ কাছাৰ  জিলাই আদা উৎপাদনত প্রথম স্থান অধিকাৰ কৰি আছে।

বৰ্তমান অসমত আদাৰ চাহিদা আৰু মূল্য বহুত বাঢ়ি গৈছে তথাপি আদা উৎপাদনত অসমে সিমান সাফল্য লাভ কৰিব পৰা নাই। ইয়াৰ প্রথম আৰু প্রধান কাৰক হৈছে বেমাৰ- আজাৰ আৰু পোক-পৰুৱাৰ উপদ্রৱ। গতিকে ব্যৱসায়িক ভিত্তিত এই খেতি কৰি আৰ্থিকভাবে লাভৱান হ'বলৈ হ'লে আদা খেতিৰ অনিষ্টকাৰী পোক পৰুৱা আৰু বেমাৰ আজাৰক নিয়ন্ত্রণ কৰাত গুৰুত্ব দিব লাগিব। তলত আদা খেতিৰ প্রধান পোক-পৰুৱা আৰু বেমাৰ আজাৰ সমূহৰ সমন্বিত নিয়ন্ত্রণ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা হ'ল।

আদা খেতিৰ অনিষ্টকাৰী পোক পতংগসমূহ

 মজ্জাখোৱা পোক :

এইবিধ পোকৰ পলুৱে আদা গছ ফুটা কৰি মাজৰ মজ্জা অংশ খাই লাহে লাহে আগ অংশৰ মাজ অংশক আক্রমণ কৰে। ফলত আদাৰ পাতবিলাক হালধীয়া হৈ পৰে আৰু ঠাৰিবোৰ মৰি যায়। আক্রান্ত গছৰ ফুটা অংশইদি পোকৰ বিষ্ঠা অংশ ওলাই অহা আৰু মাজৰ ঠাৰিবিলাক বগা পৰাই হৈছে এই পোকৰ আক্রমণৰ প্রধান লক্ষণ। এই পোকৰ আক্রমণ জুন মাহৰ পৰা অক্টোবৰ মাহলৈকে হ'ব পাৰে।

নিয়ন্ত্রণ ব্যৱস্থা

  • আক্রান্ত গছৰ ঠাৰিবিলাক অৰ্থাত্ যিবিলাক গছৰ ফুটা অংশইদি অৱশিষ্ট বিষ্ঠা অংশ ওলাই থাকে তেনে গছৰ ওপৰৰ অংশ ১৫ দিনৰ অন্তৰে অন্তৰে কাটি দিব লাগে।

  • মনক্রটফচ ১ মিঃ লিটাৰ প্রতি লিটাৰ পানী হিচাবে জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈকে মাহে মাহে স্প্রে কৰিব লাগে।

  • মালাথিয়ন ৫ মিঃ লিটাৰ ৫ লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে।

  • জৈৱিক ঔষধ ডিপেল ৫০০ মি: লিটাৰ হাৰত প্রতি হেক্টৰত স্প্রে কৰিলেও সুফল পোৱা যায়।

হাতী পোক

এইবিধ অনিষ্টকাৰী পোকৰ পলুবিলাক দেখাত মটিয়া বৰণৰ আৰু ইংৰাজী 'C' আখৰটোৰ দৰে হয়। ইহঁতে আদাৰ শিপা আৰু নতুনকৈ ওলোৱা আদাৰ কাণ্ডত আক্রমণ কৰে। আক্রান্ত গছৰ পাতবিলাক হালধীয়া হয় আৰু বেছিকৈ আক্রান্ত হ'লে গা - গছবিলাক মাটিৰ সংলগ্ন অংশত হালি পৰে। পূৰ্ণাঙ্গ পোকবিলাক এপ্রিল - মে মাহত বেছিকৈ ওলায়।

নিয়ন্ত্রণ ব্যৱস্থা

  • বেছিকৈ আক্রান্ত হোৱা অঞ্চলত ৰোৱাৰ আগতে ফুৰাডন প্রতি হেক্টৰত ৩০ কেজি হিচাপে মাটিত প্রয়োগ কৰিব লাগে।

  • লাইট ট্রেপৰ সহায়ত পূৰ্ণাঙ্গ পোকবিলাক ধৰি নিধন কৰিব পাৰি ।

  • জৈৱিক ঔষধ মেটাৰজিয়াম এনিচপিলি নামৰ উপকাৰী ভেকুঁৰবিধ গৰুৰ গোবৰৰ লগত মিহলাই মাটিত প্রয়োগ কৰিব লাগে।

  • বেছিকৈ আক্রান্ত হ'লে ক্লৰ'পাইৰিফচ ১ মিঃলিটাৰ ১লিটাৰ পানীত মিহলাই মাটিত প্রয়োগ কৰিব লাগে।

পাত মেৰুৱা পোক

এইবিধ পখিলা জাতীয় পোকৰ পলুবিলাকৰ মুখৰ পৰা নিৰ্গত হোৱা পদাৰ্থৰ দ্বাৰা পাতবোৰ মেৰুৱাই তাৰ ভিতৰত থাকি পাতৰ সেউজীয়া অংশ চুৰুকি খাই পাতখন বগা পাতল কৰি পেলায়। পূৰ্ণাঙ্গ পলুবিলাকে পাতবোৰ কাটি ভাজ কৰি ভিতৰত থাকি যায়।

নিয়ন্ত্রণ ব্যৱস্থা

  • মনক্রটফচ (০.০৪%) নতুবা কাৰবাৰিল ১ মিঃ লিটাৰ প্রতি লিটাৰ পানী হিচাপে স্প্রে কৰিব লাগে ।

আদাৰ গাত লাগি থকা ছাল পোক

আদাৰ সংৰক্ষণৰ সময়ত এই পোকবিধে আক্রমণ কৰি মুকুল আৰু কাণ্ডৰ ৰস শুহি খায় । ফলত আলুবিলাক কোচ খাই শুকাই যোৱাৰ দৰে হয় আৰু অংকুৰণ নহয় ।

নিয়ন্ত্রণ ব্যৱস্থা

  • আদা ভঁৰালত থোৱাৰ আগতে আক্রান্ত আদাবোৰ পেলাই দিব লাগে ।

  • কাঠৰ গুৰি দি আদা সংৰক্ষণ কৰিব লাগে ।

  • বেছিকৈ আক্রান্ত আদাবোৰ কুইনালফচ ১ মিঃ লিটাৰ ১ লিটাৰ পানীত মিহলাই পোৱা দ্রৱণত ডুবাই অল্প ছাঁত শুকুৱাই সংৰক্ষণ কৰিব লাগে ।

  • ৰুবলৈ লোৱা আদাবোৰ মনক্রটফচ বা কুইনলফচ ঔষধ চাহ চামোচেৰে এচামোচ ১০ লিটাৰ পানীত মিহলাই প্রায় ১৫ মিনিট সময় ডুবাই ৰাখি ৰুব লাগে নতুবা সংৰক্ষন কৰিব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক-বাঁহ খেতি: অসমৰ কৃষকৰ বাবে এক লাভজনক কৃষি ব্যৱসায়

English Summary: Harmful insects and remedies for ginger cultivation
Published on: 27 May 2022, 04:32 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now