Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 July, 2024 5:36 PM IST
Grafting Jackfruit farming benefit

শেহতীয়াকৈ আমাৰ অসমতো কঠালক কেৱল ফল হিচাপে খোৱাৰ ওপৰি পাচলি হিচাপে খাবলৈ লৈছে। গতিকে কঁঠালৰো এখন বৃহত পাচলিৰ বজাৰ সৃষ্টি হৈছে। আমাৰ অসমৰ কৃষকসকলে কঠালক ফল হিচাপে খাবলৈ ঘৰৰ বাৰীতে এজোপা- দুজোপা ৰোপন কৰা দেখিবলৈ পোৱা যায়। কিন্তু ব্যৱসায়িক দৃষ্টিভংগীৰে কঠাঁলৰ কঠাল খেতি এতিয়াও আমাৰ অসমত চকুত লগাকৈ কোনেও কৰা নাই। কিন্তু ব্যৱসায়িকভাৱে কঠাঁলৰ খেতি কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হ’ব।

কাৰণ বজাৰত পাচলি হিচাপে বিক্ৰি কৰিলে ১ কেজি কঁঠালৰ দাম ৫০ টকাৰ ওপৰত। এজোপা গছত কঠাঁল কিমান লাগিব পাৰে সেই কথা আমাৰ গ্ৰাম্য অঞ্চলৰ প্ৰতিজন কৃষকেই বুজি জানে। গছত কঠাঁল লগাৰ দুই পাছত দুই-তিনি কেজি হ’লেই আমাৰ কৃষকসকলে ইয়াক বিক্ৰি কৰিব পাৰিব। আমাৰ অসমত কোনো যত্ন নোলোৱাকৈ কঠাঁল গছত লমালমে ফল লাগে। যদি পৰিকল্পিতভাৱে ইয়াৰ খেতি কৰে অনুমান কৰক। তেতিয়া এজোপা গছত কিমান ফল লাগিব। বেমাৰ-আজাৰো বৰ বেছি কঠাঁলৰ ক্ষেত্ৰত নহয়। 

শেহতীয়াকৈ সৃষ্টি হোৱা কঠাঁলৰ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি দুই এজন কৃষকে অৱশ্যে ব্যৱসায়িকভাৱে কঁঠালৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে। এইক্ষেত্ৰত তিনিচুকীয়া জিলাৰ পেঙেৰীৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়া অন্যতম। সম্প্ৰতি তেওঁ কৃষি ফাৰ্মত কঠাল খেতিৰ লাভজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰোপন কৰিছে কঁঠালৰ পুলি। তেওঁ হাইব্ৰীড প্ৰজাতিৰ কঁঠালৰ পুলি তেওঁ কৃষিফাৰ্মখনত ৰোপন কৰিছে। তেওঁ জানিবলৈ দিয়া মতে, তেওঁ ৰোপন কৰা কঁঠালৰ জাতসমূহত কম সময়তে, চাপৰতে আৰু অধিক পৰিমানে ফল লাগিব।

লগতে পঢ়ক- 

Nashpati Farming : এইদৰে কৰিলে ডেৰবিঘা মাটিত উৎপাদন হ’ব ৬০০ কুইণ্টল নাচপতি

লগত হোৱা কথা বতৰাত কঠাঁল খেতি সন্দৰ্ভত কয়- অমিতা যেনেকৈ পাচলি আৰু ফল হিচাপে কৰিব পৰা এটা লাভজনক খেতি তেনেকৈ কঁঠালৰ খেতিয়ো তেনেকৈ কৰিব পৰা এটা লাভজনক খেতি। তেওঁ কয়-আমাৰ থলুৱা প্ৰজাতিৰ কঁঠালসমূহ দিনক দিনে নলগা হৈ গৈছে, হেৰাই গৈছে বা আপুৰুগীয়া হৈ গৈছে। বিশেষ একশ্ৰেণী কঁঠালৰ প্ৰজাতি আছে। সেই বিশেষ শ্ৰেণী প্ৰজাতিৰ কঁঠালটো হৈছে গ্ৰাফটিং শ্ৰেণী কঁঠাল। গ্ৰাফটিং শ্ৰেণীৰো বহুত কঁঠাল আছে। মইয়ো সেই গ্ৰাফটিং শ্ৰেণীৰ কেইটামান কঁঠালৰ পুলি পৰীক্ষামূলকভাৱে ৰূপন কৰিবলৈ চেষ্টা কৰিছো। মই দেখিছিলো এই কঁঠালবোৰ খুব চাপৰতে লাগে।ৰোপন কৰাৰ দুবছৰৰ পাছতে কঁঠাল লাগিবলৈ ধৰে। আমাৰ আগ্ৰহী ব্যক্তিসকলেও এনেকুৱা ধৰণৰ কঁঠালৰ খেতি কৰিব পাৰিব। এবিঘা মাটিটো যদি কঁঠালৰ খেতি কৰিব পৰা যায় বছৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব বুলি মই নিসন্দেহে কৈছো। আৰু সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই এনেদৰে ইয়াৰ খেতি কৰিবলৈ চেষ্টা কৰিছো।

আমাৰ দৰ্শকসকলক কওঁ- কেৱল গ্ৰাফটিং প্ৰজাতিৰে নহয়। আমাৰ থলুৱা প্ৰজাতিৰ কঁঠালৰ খেতি কৰিও আমাৰ কৃষকসকলে লাভান্বিত হ’ব পাৰে। ধান খেতি ভাল নোহোৱা বাম মাটি এবিঘাত আমাৰ কৃষক এইবাৰ গ্ৰাফটিং আৰু থলুৱা প্ৰজাতিৰ কঁঠালৰ খেতি কৰিবলৈ চাওঁক। খেতি সন্দৰ্ভত বেছি অভিজ্ঞতা নাই যদি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলৰ দিহা-পৰামৰ্শ লওঁক। তেওঁলোকৰ পৰামৰ্শ মতে, আগবাঢ়ক। দেখিব নিশ্চিতভাৱে আপোনালোকে ভৱাৰ ধৰণে কঁঠালৰ খেতি পৰা লাভান্বিত হব পাৰিব।

লগতে পঢ়ক - 

Coconut Farming : বছৰি ২ লাখ আঢ়ৈ লাখ টকা উপাৰ্জন কৰক ঘৰতে বহি

 

English Summary: Grafting Jackfruit farming benefit
Published on: 10 July 2024, 05:28 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now