Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 September, 2022 12:32 PM IST
Ginger Cultivation

আমাৰ দৈনন্দিন ব্যৱহাৰ হোৱা মছলা বিলাকৰ ভিতৰত আদা এবিধ উৎকৃষ্ট মছলা। এই মছলা জাতীয় শস্যৰ খেতি পৃথিৱীৰ সকলো ঠাইতে কৰে যদিও ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। মাটি আৰু জলবায়ুৰ উপযুক্ততা অনুযায়ী অসমতো এই খেতি কৃতকাৰ্য্যতাৰে কৰিব পাৰি।

কিন্তু অসমত দৈনন্দিন ব্যৱহাৰৰ বাবেহে সাধাৰণতে আদাৰ খেতি কৰা হয় যদিও বাণিজ্যিক ভিত্তিত কৰা নহয়। দৈনন্দিন জীৱনত আদাৰ ব্যৱহাৰৰ উপৰিও গুণৰ বাবে বহু আয়ুর্বেদিক দৰৱ প্ৰস্তুত কৰাত ব্যৱহাৰ হোৱাৰ বাবে দেশী আৰু বিদেশী বজাৰত আদাৰ চাহিদা যথেষ্ট বেছি। আদা কেঁচা অবস্থাতেই বিক্ৰী কৰি লাভান্বিত হোৱাৰ উপৰিও প্ৰক্ৰিয়াকৰণ কৰাৰ জৰিয়তে আদাক অন্যান্য ৰূপলৈ ৰূপান্তৰ কৰিব পৰাৰ সুবিধা বহুত আছে। ইয়াৰ ভিতৰত আদাৰ মণ্ড(poste), গুৰি, আচাৰ, কেনডি আদি উল্লেখযোগ্য।

আদাৰ পৰা আদা তেল আৰু অ'লিঅ'ৰেজিন প্রস্তুত কৰা প্ৰক্ৰিয়াটো হ'ল অন্য এক মূল্য সংযোজন। এনেধৰণৰ দ্ৰব্যৰ ব্যৱহাৰ ঘাইকৈ ঔষধ প্রস্তুত কৰা উদ্যোগত বহুল ভাৱে হোৱাৰ কথা আমি জানো। প্রক্রিয়াকৰণৰ জৰিয়তে আদাক পৰিৱৰ্তিত ৰূপলৈ নিবলৈ আদাৰ কিছুমান গুণাগুণ থকাটো অতি আৱশ্যকীয়। সেইবোৰৰ ভিতৰত কম আহ যুক্ত, সৰহ পৰিমাণৰ অলিঅ'ৰেজিনযুক্ত তথা আদাৰ কাণ্ডবোৰ সহজে শুকুৱাব পৰা বিধিৰ হ'ব লাগে। আদাৰ মূল্য সংযোজনৰ ক্ষেত্ৰত অসম তেনেই চালুকীয়া অৱস্থাত আছে।

বাণিজ্যিক ভিত্তিআদা খেতিকিছুমান কৃষি পদ্ধতি

  • মাটি নির্বাচন: আদা খেতিৰ বাৰে পানী জমা নোহোৱা দোমোজা মাটিৰ দৰকাৰ। বেছি আলতীয়া ধৰণৰ মাটি হ'লে অধিক পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰা আৱশ্যক। গৱেষণা কৰাৰ পিছত এইটো অনুমোদন কৰা হৈছে যে মুকলি পথাৰত কৰা আদা খেতিতকৈ আংশিক ছাঁ থকা ঠাই যেনে তামোল, নাৰিকল আদি বাৰীৰ মাজৰ ঠাইত আদাৰ খেতি কৰিলে বেছি উৎপাদন হয়।

  • সঁচ নির্বাচন: আদাৰ বহুত থলুৱা আৰু বাহিৰৰ সঁচ আছে যদিও অধিক উৎপাদনৰ কাৰণে, নন্দীয়া, ভাবাদা, বিয়'-ডি' আদি সঁচেই উত্তম।

  • বীজৰ পৰিমাণ আৰু ৰোৱা পদ্ধতিঃ আদাৰ খেতি বীজৰ পৰা কৰা নহয়। আদাৰ বংশ বিস্তাৰ সাধাৰণতে মাটিৰ তলত হোৱা মঙহাল আলু অর্থাৎ ৰাইজ'মৰ দ্বাৰা কৰা হয় আৰু এইৰাইজমেই আদাৰ ৰোপণ সামগ্রী। সদায় মধ্যমীয়া সবল আৰু নিৰোগী গড় হিচাবে ১৫ গ্রাম ভজনৰ ৰাইজ'ম বা আদাৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে। প্রতিবিঘা মাটিৰ বাবে ডেৰ-দুই কুইন্টল ৰাইজ'মৰ প্রয়োজন (হেক্টৰ প্রতি ১০-১৫ কুইন্টল) হয়। খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ দকৈ হাল বাই ভালদৰে চাহ কৰি সেয়াই সমান কৰি ল'ব লাগে। পিছত ১ মিটাৰ বহল, ১৫ ছেন্টিমিটাৰ ওখ আৰু দীঘল প্রয়োজন অনুসাৰে বা ইন্ধানুযায়ী কৰি সৰু সৰু ভেটি তৈয়াৰ কৰি ল'ব লাগে। এতিয়া প্ৰতিটো ভেটিত পথালিকৈ ২৫ ছেমি, আঁতৰে আঁতৰে একোটা সৰু লোৰ কৰিব লাগে। ৰোৱাৰ বাবে বাছনি কৰা ৰাইজ'মৰ টুকুৰাৰাৰে এই লোৰ বিলাকত ১৫-২০ ছে.মি, ব্যৱধানত পথালিকৈ ৰোপণ কৰি মাটি জাপি দিব লাগে। লগতে পচা জাবৰ, শুকান পাত আদিও জাপি দিব লাগে।

  • শস্য ৰক্ষা-

অন্য শস্যবোৰৰ দৰে আদা উৎপাদন প্রধান অন্তৰায় হ’ল পোক-পৰুৱা আৰু বেমাৰ আজাৰৰ আক্ৰমণ। আদা খেতিত আক্রমণ কৰা (১) মজা খোৱা পোকৰ পলুৱে আদা গছৰ মুখ্য ডাল ফুটা কৰি ভিতৰলৈ সোমায় যায় আৰু ভিতৰৰ মজ্জা অংশ খাই পেলায়। মজ্জা খোৱা পোকৰ নিবাৰণৰ উপায় সমূহ হ'ল-

১। আক্রান্ত গছবোৰ উলি আনি ধ্বংস কৰি পেলাব লাগে।

২। ৰগৰ নামৰ দৰৱ ২ মিলি লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিব লাগে।

৩। পাত মেৰিওৱা পোকেবোৰে আদা পাতৰ ৰস শুহি খায়। ফলস্বৰূপে পাতবোৰ পাক খাই ঘূৰণীয়া হৈ পৰে। আদা খেতি ডৰাত পাত মেৰিওৱা পোকৰ উপস্থিতি লক্ষ্য কৰিলে ৰগৰ নামৰ দৰৱ ২ মি.লি ১ লি পানীত মিহলাই গছত প্ৰয়োগ কৰিব লাগে।

· ৰাইজ'ম পচা ৰোগ:

আদাৰ এবিধ মাৰাত্মক বেমাৰ হ’ল আদা পচা বেমাৰ। এই বেমাৰৰ বীজাণু মাটি আৰু বীজ দুয়োটাতে অথবা যিকোনো এটাত থাকিব পাৰে আৰু এই বীজাণুৱে প্ৰথমতে আদা ৰাইজ'মবোৰ আক্ৰমণ কৰে। এই বেমাৰৰ প্ৰাৰম্ভিক লক্ষণ আদা ৰোৱাৰ ৫ মাহ পাছৰে পৰা পৰিলক্ষিত হয়। বেমাৰৰ আৰম্ভিক লক্ষণ হিচাবে আদাৰ পাতবোৰ পাতল সেউজীয়া বৰণৰ হয় আৰু পাতৰ আগবোৰ হালধীয়া পৰে। লাহে লাহে আক্রান্ত গচজোপাৰ তলফালৰ পাতবোৰ হালধীয়া হৈ শুকাই যায়। পাতবোৰ শুকাই গ'লেও গা-গছজোপা সজীৱ হৈ থাকে আৰু টানি দিলেই সহজতে উভাল খাই আহে। আক্রান্ত গছত লগা আদাবোৰ কোমল হৈ পৰে আৰু ইয়াক হেচি দিলে চেপেটা হৈ পৰে। শেষলৈ আদা ভিতৰৰ অংশ পচি যায় আৰু অবশিষ্ট হিচাবে ছালখন থাকেগৈ।

এই বেমাৰ নিবাৰণৰ বাবে সতর্কতামূলক ব্যৱস্থা 

১। আদা খেতি কৰা অঞ্চলত পানী জমা হ'ব দিব নালাগে।

২। বীজশোধন এই বেমাৰ নিয়ন্ত্ৰণৰ এক কার্যকৰী ব্যৱস্থা। আদা ৰোৱাৰ আগতে ৰাইজ’মবোৰ ইন্দোফিল এম-৪৫ দৰৱৰ ৩ গ্রাম ১ লিটাৰ পানীত মিহলাই প্রস্তুত কৰা মিশ্রণত ৪৫ মিনিট সময় তিয়াই শোধন কৰি ল'ব লাগে। ইয়াৰ পাছত বীজখিনি ছাঁত শুকুৱাই সিঁচিব লাগে।

৩। আক্রান্ত খেতি ডৰাত ইন্দোফিল এম-৪৫ দৰৱ ৩ গ্রাম ১ লিটাৰ পানীত মিহলাই মাটি ভালদৰে তিতি যোৱাকৈ প্রয়োগ কৰিব লাগে।

৪। বেছিকৈ আক্রান্ত পথাৰত পাছৰ বছৰত আদা খেতি কৰিব নালাগে।

৫। বায় ফৰ পি.এফ নামৰ এক জৈৱিক নিয়ন্ত্ৰণৰ প্রস্তুতিৰে এই বেমাৰ সফলভাৱে ৰোধ কৰিব পাৰি। এইবিধ প্রস্তুতিৰে ৰোৱাৰ আগতে আদা ৰাইজ’ম (১০ কেজি বায়কৰ পিএফ প্রতি কুইন্টল ৰাইজম হিচাপত) শোধন কৰি ল'ব লাগে। ইয়াৰ পাছত মূল পথাৰত এক হেক্টৰত ১০০ কেজি বায়ৰ এফ প্রয়োগ কৰিব লাগে।

· পাতত দাগ পৰা ৰোগঃ

ই এবিধ ভেকুৰৰ আক্ৰমণৰ ফলত হোৱা ৰোগ। এইবিধ ভেঁকুৰ সাধাৰণতে বীজত অথবা আদাৰ পাতত থাকে। ভেঁকুৰ বিধিৰ আক্ৰমণৰ ফলত আদাৰ পাতত বগা বৰণৰ কিছুমান দাগ পৰে। ভালদৰে দেখা যায় যে এই দাগবোৰৰ চাৰিওফালে মুগা বৰণৰ এটা ঘেৰ থাকে আৰু বগা অংশত ক'লা বৰণৰ কিছুমান ফুটফুটীয়াকৈ দাগ আছে। এইবোৰ বেমাৰৰ প্ৰাৰম্ভিক লক্ষণ। বেমাৰৰ অগ্ৰগতিৰ লগে লগে পাতখিলাত সৰু সৰু অসংখ্য ফুটা হয় আৰু পাতৰ বৰণ খেৰ বৰণীয়া হয়। এই বেমাৰৰ নিবাৰণৰ বাবে এনে ধৰণৰ ব্যৱস্থা সমূহ গ্ৰহণ কৰিব লাগে যেনে-

ক) আদা খেতি কৰা অঞ্চলত আংশিকভাৱে ছাঁ পৰাৰ ব্যৱস্থা কৰিব লাগে।

খ) পাতত দাগ পৰা দেখিলে কেফটাফ নামৰ দৰব ২.৫ গ্রাম এক লিটাৰ পানীত মিহলাই গছত প্ৰয়োগ কৰিব লাগে। প্রয়োজন সাপেক্ষে এই দৰৱ ছয়বাৰ পৰ্য্যন্ত ছটিয়াব লাগে।

পৰিচৰ্য্যাঃ

আদাৰ ৰাইজমবোৰ ৰোপণ কৰাৰ ৪০-৪৫ দিনৰ পিছত দুটা শাৰীৰ মাজত বন-বাতবোৰ চিকুণাই দিব লাগে আৰু পিছত গছৰ গুৰিত এবাৰ মাটি চপাই দিয়া উচিত। মাটিত সমভাৱে জীপ ৰাখিবৰ বাৰে খৰাং বছৰত এবাৰ বা দুবাৰ পানীৰ যোগান ধৰিব পাৰিলে ভাল। আদাত প্ৰথমবাৰ মাটি চপাই দিয়াৰ পিছত মাটিৰ ওপৰত এটা ৫ ছেমি, ডাঠকৈ আৱৰণি দিব পাৰিলে ভাল। এই জৈৱিক আৱৰণি বা মালচিং সাধাৰণতে শুকান গছৰ পাত, ধানখেৰ তুহ, মেটেকা আদি দিব লাগে। জৈৱিক আৱৰণিয়ে জৈৱিক সাৰৰ পৰিমাণ বৃদ্ধি কৰে, মাটিত জীপ ৰাখে, মাটিৰ উষ্ণতাৰ সমতা ৰক্ষা কৰে, বৰষুণ দিনত হ'ব পৰা মাটিৰ ওপৰ-ভাগৰ খহনীয়া ৰোধ কৰে আৰু শস্যডৰাত ঘাঁহ-বন গজাত বাধা দিয়ে। যিহেতু আদাৰ শস্যকাল প্রায় দহ মাহ গতিকে প্রয়োজন সাপেক্ষে দ্বিতীয় বাৰৰ বাবেও জৈৱিক আৱৰণি দিব লাগে। 

লগতে পঢ়কঃ Black Pepper Farming: জালুকৰ খেতি সম্বন্ধে জানো আহক!

উৎস- ড০ দ্বিপজ্যোতি বৰুৱা

English Summary: Ginger Cultivation Process
Published on: 28 September 2022, 12:31 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now