Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 October, 2022 5:43 PM IST
Garden up

লকডাউনৰ সময়ত বহু লোকে তেওঁলোকৰ প্ৰিয় কামটো ইউটিউবৰ জৰিয়তে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল। আজৰি সময় পাৰ কৰিবলৈ আৰম্ভ কৰা এনে কামে বহুতৰ বাবে মুকলি কৰিছিল ব্যৱসায়ৰ বাট, বহুতৰ বাবে ই হৈ পৰিছিল জনপ্ৰিয়তা অৰ্জনৰ এক মাধ্যম। যিসকলৰ ক্ষেত্ৰত দুয়োটাই হৈছিল সতেওঁলোকৰ ভিতৰত আছে ড০ একতা চৌধুৰী।

বৰ্তমান সময়ত একতা টৌধুৰী দেশৰ জনপ্ৰিয় ইউটিউবাৰসকলৰ ভিতৰত অন্যতম। দেশৰ নামজ্বলা গাৰ্ডেনাৰসকলৰ ভিতৰত এতিয়া তেওঁ অন্যতম। ঘৰৰ ভিতৰত তথা বেলকনীত বাগিছা পাতি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। Garden Up নামৰ এপটোৰ জড়িয়তে একতাই বিভিন্ন গছৰ আপদাল কেনেকৈ কৰিব লাগে সেই কথা শ্বেয়াৰ কৰে। বীজ ক্ৰয় কৰা, ৰোপণ আৰু প্ৰতিপালন সন্দৰ্ভত তেওঁ সবিশেষ তথ্য দৰ্শকক দিয়ে। সুন্দৰ কথন শৈলী আৰু সহজ বৰ্ণনাই একতা চৌধুৰীক সহজেই লাখ লাখ দৰ্শকৰ মাজলৈ লৈ গ’ল। বৰ্তমান তেওঁৰ একাউণ্ট 'গাৰ্ডেন আপ'ৰ 1.4 নিযুতৰো অধিক ছাবস্ক্ৰাইবাৰ আছে।

ড০ একতা চৌধুৰী ভাৰতৰ প্ৰিয় বাগিচা সৃষ্টিকৰ্তাসকলৰ ভিতৰত অন্যতম। তেওঁ বাগিচা পতাৰ কৌশল, নতুন গাৰ্ডেনাৰসকলৰ বাবে বাগিচা পতাৰ সহজ উপায়, পাকঘৰৰ বাগিচা, উদ্ভিদৰ জড়িয়তে আভ্যন্তৰীণ সজ্জা আৰু বিভিন্ন বিষয়ত টিউটৰিয়েল দিয়ে।

পৰিস্থিতিবিজ্ঞানত পিএইচডি কৰাৰ সময়ত চেনেলটো এটা চখ হিচাপে আৰম্ভ কৰিছিল একতাই।ইয়াৰ পাছত তেওঁ সোনকালেই ইউটিউবত সফলতা লাভ কৰে আৰু ইয়াক পেছা হিচাপে গ্ৰহণ কৰে। শৈক্ষিক বেকগ্ৰাউণ্ডৰ বাবে, তেওঁৰ ভিডিঅ'ৰ পৰামৰ্শবোৰ প্ৰায়ে বিজ্ঞানৰ দ্বাৰা সমৰ্থিত হয়।

একতাই অলপতে এটা হিন্দী ইউটিউব চেনেলো মুকলি কৰিছে। তেওঁৰ জনপ্ৰিয় ভিডিঅ'বোৰৰ ভিতৰত আছে 'লকডাউনৰ সময়ত শিশুৱে গজাব পৰা খাদ্য', 'এলোভেৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ,' 'গ্ৰীষ্মকালত খেতি কৰিবলৈ 5 টা সহজ পাচলি,' আৰু অন্যান্য।

2018 চনত তেওঁ তেওঁৰ ব্যৱসায় গাৰ্ডেন আপ আৰম্ভ কৰিছিল, য'ত তেওঁ কৰ্মশালাৰ আয়োজন কৰে আৰু বাগিচাৰ প্ৰয়োজনীয় সামগ্ৰী যেনে পাত্ৰ, বীজ, পচন সাৰ আদি বিক্ৰী কৰে। তেওঁ বিক্ৰী কৰা সাজসজ্জাৰ সামগ্ৰীসমূহ মহিলা শিল্পীসকলৰ দ্বাৰা প্ৰস্তুত কৰা হয়। এই মহিলাসকলে উদ্যোগটোৰ পৰা নিয়মিত উপাৰ্জন কৰে।

তেওঁৰ পাকঘৰৰ বাগিচাত প্ৰায় 100 টা প্ৰজাতিৰ উদ্ভিদ আৰু 40 টাতকৈও অধিক প্ৰজাতিৰ পাচলি গছ আছে। একতাৰ মতে 'য'তে খালী ঠাই থাকে তাত এটা উদ্ভিদ ৰাখক।'

একতাই বাগিচাৰ বহুতো লাভালাভৰ বিষয়েও কয়। তেওঁৰ মতে গাৰ্ডেনিং এক কম খৰচী চখ যি উদ্বেগ আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

লগতে পঢ়কঃ কলাধানৰ খেতিৰে কৰ্মমুখী যাত্ৰা প্ৰণিতা উজীৰৰ

English Summary: Gardening youtuber success story
Published on: 04 October 2022, 05:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now