Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 24 October, 2024 3:14 PM IST

গ্ৰীন লেডি আৰু চুইট বল অমিতাৰ দুটা নতুন প্ৰজাতি। অসমৰ বহু কৃষকে ৰেড লেডি অমিতাৰ খেতি কৰিছে। ভাল ফলো লাভ কৰিছে। ৰেড লেডিৰ দৰেই গ্ৰীন লেডি এটা উন্নত জাতৰ অমিতা। এই জাতটোৰ অমিতা খেতি কৰিয়ো আমাৰ কৃষকসকলে লাভান্বিত হ’ব। কাৰণ এই জাতটোৰ অমিতা খুব কম সময়তে লাগে আৰু অধিক পৰিমানে লাগে। পুলি ৰোপনৰ ৩-৪ মাহৰ পৰা ফটোত দেখা দৰেই গুৰিৰ পৰা অমিতা লাগে। আৰু এটা অমিতাৰ ওজন ৮০০গ্ৰাম- ১৫০০গ্ৰামৰ হয়। আৰু লাগিবলৈ আৰম্ভ কৰাৰ পাছৰ পৰা গোটেই জীৱন কাল ফল দি থাকে।

পুলি  : এমাহ বা ডেৰমাহৰ বয়সৰ পুলি মূল পথাৰত ৰোপন কৰিব লাগে। পুলিৰোপন কৰাৰ পাছতে পানী আৰু সাৰ নিয়মিত দিব লাগে আৰু অলাগতিয়াল বন একো উঠিব দিব নালাগে। পুলিবোৰ লাইন লাইনকৈ শাৰী পাতি দিব লাগে।

ৰোপন : পুলিবোৰ ৰোপণৰ ১৫ দিন পূৰ্বে ৬ ফুট দূৰত্বত ২ ফুট বহল কৰি গাঁতবোৰত মাটি আৰু গোবৰ মিহলাই ভৰাব লাগে। পানী ওলাই যাবৰ বাবে দুটা শাৰীৰ মাজত একোটা নলা মাৰি দিলে ভাল। বিশেষকৈ দ অঞ্চলসমূহত। প্ৰতিটো গাঁতত ৩ৰ পৰা ৪ টা গছ ৰোপণ কৰিব লাগে। ফুল ফুলাৰ পাছত মাইকী গছজোপা ৰাখি আৰু বাকী থকা গছবোৰ আঁতৰাই পেলাব লাগে। অৱশ্যে ১০টা মান মতা গছ বাৰীত ৰাখিব লাগে যাতে পৰাগৰেণুৰ বাবে সুবিধা হয়।

লগতে পঢ়ক- 

২০০ জোপা তামোল পাণ লগাওঁক বছৰি ৫-৬ লাখ টকা উপাৰ্জন কৰক

সাৰ প্ৰয়োগ :  ১৫ কেজি জৈৱিক সাৰ, ৫৫০ গ্ৰাম ইউৰিয়া সাৰ, ৫৫০ গ্ৰাম টি এছ পি সাৰ, ৫৫০ গ্ৰাম এম অ’ পি সাৰ, ২৫০ গ্ৰাম জিপচম সাৰ, ২৫ গ্ৰাম বৰেক্স সাৰ আৰু ২০ গ্ৰাম জিংক ছালফেট সাৰ একেলগে  মিহলি কৰি ভালদৰে প্ৰয়োগ কৰিব লাগে প্ৰতিজোপা গছত। ইউৰিয়া আৰু এম অ’ পি সাৰ বাদ দি সকলো সাৰ গাঁত বনোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। ৰোপণৰ পিছত গছজোপাৰ ওপৰত নতুন পাত ওলালে প্ৰতি ১ মাহৰ মূৰে মূৰে ৫০ গ্ৰাম ইউৰিয়া আৰু এম অ’ পি সাৰ প্ৰয়োগ কৰিব লাগে। গছজোপাৰ ফুল ফুলাৰ সময়ত যোগান ধৰা সাৰে পৰিমানৰ মাত্ৰা দুগুণ কৰায়।

অন্তৱৰ্তীকালীন যত্ন: ফুলৰ পৰা ফল পোৱাটো নিশ্চিত হ’লে এটা ফল কলিত থৈ বাকীখিনি ছিঙিব লাগে। গছবোৰ বাঁহৰ খুটাৰে বান্ধিব লাগে যাতে ধুমুহাত ভাঙি নাযায়।

জলসিঞ্চন আৰু অপতৃণ ব্যৱস্থাপনাঃ ৰোপণ আৰু সাৰ প্ৰয়োগৰ পিছত প্ৰয়োজন অনুসৰি পানী দিব লাগে। খৰালি কালত ১০ৰ পৰা ১৫ দিনৰ পিছত লঘু জলসিঞ্চন কৰিব লাগে।

ৰোগ ব্যৱস্থাপনা:

ৰোগৰ নাম: পেঁপাৰ ৰোগ ডেম্পিং।

পৰিচয়: মাটিত থকা ভেঁকুৰৰ দ্বাৰা এই ৰোগ হ’ব পাৰে। এই ৰোগ সাধাৰণতে পুলিৰ অৱস্থাত বা বীজৰ অংকুৰণৰ সময়ত দেখা দিয়ে। এই ৰোগৰ বীজাণুৱে বীজ অংকুৰিত হোৱাৰ সময়ত বীজ বা অংকুৰত সহজে আক্ৰমণ কৰে।

ক্ষতিৰ ধৰণ: এনে অৱস্থাত বীজ পচি যায় আৰু পুলি মাটিৰ ওপৰেৰে ওলাই আহিব নোৱাৰে। এইদৰে অংকুৰবোৰ অংকুৰিত হোৱাৰ আগতেই পচি যাব পাৰে। অংকুৰণৰ পিছতো বেক্টেৰিয়াৰ আক্ৰমণ হয়। এই পৰ্যায়ত পুলিৰ শিপা পচি যায় আৰু আক্ৰান্ত পুলি মাটিত পৰি মৰি যায়। পুলিৰ বয়স বৃদ্ধিৰ লগে লগে এই ৰোগৰ প্ৰাদুৰ্ভাৱ কমি যায়।

চপোৱা: সৰু ফলবোৰ শাক-পাচলি হিচাপে চপোৱা হয়। পকিবলৈ ফলৰ ছাল পাতল হালধীয়া হ’লে সংগ্ৰহ কৰিব লাগে।

শেষত আপোনালোকক জনাও যে এই জাতকেইটাৰ বীজৰ বাবে আপোনালোকে এমাজন-ফিলিপকাৰ্ট আদিত সন্ধান কৰি অৰ্ডাৰ কৰিব পাৰিব।

লগতে পঢ়ক- 

মাটি এনেই পেলাই নাৰাখিব ধানকটাৰ পাছতে এই জাতটোৰ সৰিয়হ খেতি কৰক

English Summary: Farming profit of Green Lady Papaya Variety
Published on: 24 October 2024, 03:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now