Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 10 January, 2023 4:18 PM IST
Dalle Chilli

দালে খুৰছানী ( Dalle Khursani) পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়াবোৰৰ ভিতৰত অন্যতম। ইয়াৰ নাম আৰু খ্যাতি অনুসৰি জলকীয়াটো অতি জ্বলা আৰু সকলোৱে ইয়াক খাব নোৱাৰে। সাধাৰণতে ছিকিম আৰু দাৰ্জিলিং অঞ্চলত খেতি কৰা দালে খুৰছানী কেপচিকাম পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু জ্বলাৰ ক্ষেত্ৰত অতিকৈ চৰম পৰ্যায়ৰ বুলি জনা যায়। যেতিয়া এই জলকীয়া সম্পূৰ্ণৰূপে পকে, তেতিয়া ই উজ্জ্বল ৰঙা-ঘূৰণীয়া-চেৰীৰ দৰে ৰূপ লয়।

দালে খুৰছানী কিমান জ্বলা?

বিভিন্ন মচলাৰ জলা গুণ নিৰ্ণয়ৰ বাবে ব্যৱহাৰ হোৱা ৰেটিং প্ৰণালী স্কোভিল হিট ইউনিট (এছ.ইউ.) স্কেলে এই জলকীয়াক যথেষ্ট আকৰ্ষণীয় নম্বৰ প্ৰদান কৰিছে। ইয়াক ১,০০,০০০ ৰ পৰা ৩,৫০,০০০ এছ.ইউ.(স্কোভিল হিট ইউনিট)ৰ মাজত মূল্যাঙ্কন কৰা হয়। এই পৰিসংখ্যা এছ.ইউ.-ত ই হাবানেৰো জলকীয়াৰ নম্বৰৰ সৈতে সমান।

দাল্লে খুৰচানীৰ আচাৰ

দালে খুৰছানী কেনেকৈ খাব?

অতি সোৱাদযুক্ত, এই জলকীয়াটো নেপাল আৰু ছিকিমত সচৰাচৰ 'দাইল-ভাত'ৰ সৈতে খোৱা হয়। সাধাৰণতে ম’ম’ৰ সৈতে খোৱা চাটনি আৰু ছচ তৈয়াৰ কৰিবৰ বাবে এই জলকীয়া ব্যৱহাৰ কৰা হয়। ইয়াক নিয়মীয়াকৈ শীতকালত খোৱা হয়, কিয়নো ই শৰীৰ গৰম কৰি ৰাখে। মিঠা-জ্বলা সোৱাদৰ দালে খুৰছানী এতিয়া ইয়াৰ আসক্তিকৰ সোৱাদৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত এক অতি বহুলভাৱে ব্যৱহৃত জলকীয়া হৈ পৰিছে। অতি জ্বলা সোৱাদৰ জলকীয়াটোৰ তীব্ৰ জ্বলা গুণ দূৰ কৰিবলৈ ইয়াক ছিকিমৰ বহুতো গাঁৱত কেৱল চাউলৰ সৈতে খোৱা হয়। এই জ্বলা ৰঙা জলকীয়াৰ এটাই আপোনাৰ মুখত জুই লগোৱাৰ বাবে যথেষ্ট। অৱশ্যে খোৱাৰ পাছত ইয়াৰ জ্বলা ভাব লাহে লাহে নোহোৱা হৈ যায় বাবে আপোনাক পানী, মিঠা, গাখীৰ আদিৰ প্ৰয়োজন নহয়।

ম'ম'ৰ লগত দালে খুৰচানীৰ চাটনী

দালে খুৰছানী চিলি-চিকেন, আচাৰ আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ ঘৰত বনোৱা বহু ৰেচিপি আছে। কিন্তু সেইবোৰৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে য়াক-বাটাৰমিল্কৰ (কোমল চুৰ্পি বুলিও জনা যায়) সৈতে কিণ্বিত(fermented) দালে খুৰছানী। ইয়াৰ আটাইতকৈ সচৰাচৰ ব্যৱহৃত প্ৰকাৰটো হ'ল কিণ্বিত আচাৰ দালে, যাক সেই ঠাইলৈ অহা যিকোনো পৰ্যটকে খাই যথেষ্ট প্ৰশংসা কৰে। আচাৰৰ পৰা পিজ্জালৈকে, বাসিন্দাসকলে ইয়াক ব্যৱহাৰ কৰি খাদ্যৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি থাকে। ম’ম’ৰ সৈতে খোৱা জনপ্ৰিয় ৰঙা চাটনিত আটাইতকৈ জনপ্ৰিয়ভাৱে এই জলকীয়া ব্যৱহাৰ কৰা হয়। দালে এতিয়া বিদেশী পৰ্যটকৰ মাজত ইমান জনপ্ৰিয় যে ছিকিম চৰকাৰে ৰপ্তানিৰ বাবেও দালেৰ উৎপাদনত উদগনি দিয়ে।

লগতে পঢ়কঃ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক কৃষিৰ বিকাশৰ বাবে যিমান লাগে সিমান পুঁজি দিব কেন্দ্ৰই

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

English Summary: Facts about Dalle Chilli, one of the hottest chillies in the world, grown in northeast
Published on: 10 January 2023, 04:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now