Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 December, 2020 11:54 AM IST
Commercial Flower Garden

নার্জী ফুল ঘৰুৱা বাগিচাৰ এক অভেদ্য অংশ। পূজা-সেৱাত দৈনন্দিন ব্যৱহাৰ হােৱাৰ উপৰি নার্জী ফুল হ'ল অসমৰ জলবায়ুত লাভজনক ৰূপত খেতি কৰিব পৰা ফুলসমূহৰ ভিতৰত অন্যতম।ইয়াৰ ঔষধি গুণৰ বাহিৰেও নার্জী ফুলৰ পাহি কুকুৰাৰ খাদ্যৰ লগত মিহলি কৰা হয়। এনে কৰিলে কণীৰ কুহুম অংশ অধিক হালধীয়া হয়। এইসমূহ উদ্যোগিক ব্যৱহাৰৰ উপৰি নার্জী ফুল ফুলৰ বজাৰৰ এবিধ অন্যতম ফুল।

সাধাৰণতে দুবিধ নাৰ্জী ফুল পােৱা যায়। ডাঙৰ আকাৰৰ হালধীয়া আৰু কমলা বৰণৰ ফুল ফুলা ওখ জাতৰ নার্জীবােৰ হ'ল আফ্রিকান নার্জী। অন্যহাতে, চাপৰ জোপােহা গছৰ আৰু মুগাৰ পৰা ৰঙচুৱা অথবা চকলেট ৰঙা বৰণীয়া ফুল ফুলা নার্জীবােৰ হ'ল ফ্রেন্স নার্জী। ফ্রেন্স নার্জীৰ ফুলৰ আকাৰ সৰু হয় আৰু প্ৰতিজোপা গছত ফুলা ফুলৰ সংখ্যাও আফ্রিকান নার্জীৰ তুলনাত অধিক হয়।আফ্রিকান নার্জীৰ বিভিন্ন জাতবােৰ হ'ল - পুচা নাৰেংগী গেইন্দা, জায়েন্ট ডাবল্ আফ্রিকান, হাজো লােকেল, গ'ল্ডেন গ্ল', পটু অৱ গ'ল্ড ইত্যাদি।আনহাতে, ফ্রেন্স নার্জীৰ অন্যান্য জাতবােৰ হ'ল – হামনি, ৰাষ্টী ৰেডু ষ্টাৰ অৱ ইণ্ডিয়া, ফ্রেম স্প্রে আদি।

বীজ অথবা কুমলীয়া আগৰ পৰা নাৰ্জী ফুলৰ প্রজনন কৰিব পাৰি। বাণিজ্যিক ভিত্তিত খেতি কৰিবলৈ অৱশ্যে নিৰ্ভৰযােগ্য প্রতিষ্ঠানৰ পৰা ভাল জাতৰ উৎপাদনশীল নার্জীৰ গুটি (বীজ) কিনি অনাটো বাঞ্ছনীয় ৷ বীজখিনি ওখ, সাৰুৱা আৰু মিহিকৈ তৈয়াৰ কৰি লােৱা ভেটিত সিঁচি পুলি গজাব লাগে। টাবু বীজ বাকচ আদি ব্যৱহাৰ কৰিও পুলি উৎপাদন কৰিব পৰা যায়। গুটি সিঁচাৰ আগতে নাৰ্ছাৰী ভেটিৰ মাটি ফৰমেল ডিহাইড ঔষধেৰে সংশােধন কৰি লােৱাটো প্রয়ােজনীয়।সংশােধিত ভেটিত পাতলকৈ সিঁচা বীজবােৰ সাৰুৱা মাটি আৰু বালিৰ পাতল মিশ্রণ এটাৰে ঢাকি দিব লাগে।পর্যাপ্ত পৰিমাণৰ পানীৰে ভেটিটো তিয়াই ৰখাৰ ব্যৱস্থা কৰিব লাগে। প্রায় এমহীয়া, ৫-৭ ছেণ্টিমিটাৰ ওখ আৰু ৩-৪ টাম পাত থকা পুলিবােৰ মূল বাগিচাত ৰুবৰ বাবে প্রস্তুত হৈ উঠে।

চাপৰ জাতৰ নাৰ্জী পুলিবােৰ ৩০ ছেণ্টিমিটাৰ ব্যৱধানত আৰু ওখ জাতৰ পুলিসমূহ ৪৫ ছেণ্টিমিটাৰ ব্যৱধানত ৰুব লাগে। পুলি ৰােৱাৰ আগতে মাটিডােখৰত প্রতি বর্গমিটাৰত ৮.১০ কিল’গ্রাম পচন সাৰ বা পচা গােবৰ ভালকৈ মিহলাই ল'ব লাগে। অত্যধিক জৈৱিক সাৰ প্রয়ােগে গছৰ ডাল-পাতৰ বিকাশ প্রয়ােজনতকৈ অধিক কৰে। ফলত ফুলৰ উৎপাদন কমকৈ হােৱা পৰিলক্ষিত হয়। মূল বাগিচাত পুলি ৰােৱাৰ সময় ঋতু অনুসৰি বেলেগ বেলেগ হয়। যেনে- বাৰিষা কালৰ খেতিৰ বাবে পুলি ৰােৱাৰ সময় হ'ল জুলাই মাহৰ মাজ ভাগ।ঠিক সেইদৰে, শীত আৰু গ্রীষ্মকালীন নার্জী খেতিৰ বাবে ক্রমে অক্টোবৰৰ মাজভাগ আৰু ফেব্রুৱাৰী-মাৰ্চত পুলি ৰুব লাগে। নাইট্রজেন আৰু ফছফৰাছৰ ব্যৱহাৰে নাৰ্জী ফুলৰ বৃদ্ধি, বিকাশ আৰু উৎপাদনত সুপ্রভাৱ বিস্তাৰ কৰা দেখা যায়। পুলি ৰােৱাৰ ৪০ দিনৰ পাছত গছৰ কমুলীয়া আগবােৰ ছিঙি দিব লাগে, তেনে কৰিলে গছবােৰ জোপােহা হয় আৰু অধিক সংখ্যক সমান আকাৰৰ ফুল উৎপাদন হয়। খেতিৰ সময়ছােৱাত গছৰ গুৰিৰ বন-বাত চিকুনাই থ'ব লাগে আৰু প্রয়ােজন সাপেক্ষে (সাধাৰণতে ফুল ফুলাৰ আগতে) বাঁহৰ খুটি পুতি গছজোপা বান্ধি দিব লাগে।নিয়মীয়া পানী যােগান আৰু বাৰিষা কালত অত্যধিক পানী ওলাই যাব পৰাকৈ বাগানখনত সৰু সৰু নলাৰ ব্যৱস্থা কৰিব লাগে।

নার্জী ফুল সাধাৰণতে সম্পূর্ণকৈ ফুলাৰ পাছত ছিঙা হয়। ফুল ছিঙাৰ আগতে মাটিত সম্পূর্ণ জীপ থকাকৈ বাগিচাত পানী দিব লাগে, যাতে ফুলবােৰ ছিঙাৰ পাছত বেছি সময়লৈ সতেজ হৈ থাকে। ফুল ছিঙাৰ উপযুক্ত সময় হ'ল দিনটোৰ ঠাণ্ডা সময়ছােৱা, যেনে - পুৱা সােনকালে অথবা আবেলি। ছিঙি অনা ফুলবােৰ বাঁহেৰে তৈয়াৰী বিভিন্ন আকাৰৰ পাচিত ভৰাই বজাৰত বিক্ৰীৰ বাবে পঠাব লাগে।

এক হেক্টৰ মাটিত ফ্রেন্স নার্জীৰ উৎপাদন ৮-১২ টন আৰু আফ্রিকান নার্জীৰ উৎপাদন ১২-২০ টন পর্যন্ত হয়।

নার্জী ফুলৰ বিশেষ কোনাে অনিষ্টকাৰী পােক বা বেমাৰ নাই যদিও কেতিয়াবা পুলিবাৰীত (নাৰ্ছাৰীত) ডেম্পিং অফ বা বীজতলীতে পুলিবােৰ মৰহি মৰি যােৱা দেখা যায়; ইয়াৰ পৰা হাত সাৰিবলৈ বীজতলীৰ মাটি পানী জমা নােহােৱাকৈ তৈয়াৰ কৰিব লাগে আৰু মাটিডােখৰ সংশােধন কৰি ল'ব লাগে। শীতকালীন ডাৱৰীয়া বতৰত, ২ দিন বা তাতকৈ বেছিকৈ একেৰাহে দি থকা বৰষুণৰ পাছত কেতিয়াবা গছজোপাৰ ফুল আৰু পাতত কিছুমান মুগাৰ পৰা মটীয়া বৰণৰ অংশ দেখা পােৱা যায়, ইয়াক ব্লাইটু বােলে। এই বেমাৰৰ পৰা খেতি সুৰক্ষিত কৰিবলৈ মেনক'জে ২.৫ গ্রাম প্রতি লিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত তিনিবাৰ প্ৰে কৰিব লাগে।

ৰঙা বৰণৰ মাইট আৰু বিছা জাতীয় পােকৰ আক্রমণ দেখিলে ক্রমে কেলথে (প্রতি লিটাৰ পানীত ২ মিলিলটাৰ আৰু এণ্ড'ছালফন (প্রতি লিটাৰত ২ মিলিলিটাৰ) স্প্রে কৰিব লাগে। ডালত আৱৰি ধৰা বগা ভেঁকুৰৰ দৰে লগা পােকবােৰ আঁতৰাবলৈ কপাহত কেৰাচিন, যিকোনাে কীটনাশক বা এলকহল দি পােক লগা অংশ চাফা কৰিব লাগে। এইদৰে নাৰ্জী ফুলৰ খেতি কৰি কৃষক সমাজ সহজতে লাভৱান হ'ব পাৰিব।

English Summary: Commercial garden of flowers
Published on: 11 December 2020, 11:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now