Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 July, 2022 3:28 PM IST
Chillies

অসমৰ মাটি আৰু জলবায়ু জলকীয়া খেতিৰ বাবে উপযোগী । আমৰে দেশত গোটেই বছৰটোত জলকীয়াৰ খেতি হৈ থাকে। সুনিষ্কাষিত পলসুৱা মাটি জলকীয়া খেতিৰ বাবে উপযোগী। সুনিষ্কাষিত আলতীয়া মাটিতো জলকীয়াৰ খেতি কৰা হয়।

জাত নিৰ্বাচন

ঠাই বিশেষ অসমত বিভিন্ন থলুৱা জাতৰ জলকীয়াৰ খেতি কৰা হয়। ইয়াৰ উপৰিও কিছুমান বীজ উৎপাদনকাৰী প্রতিষ্ঠানে উন্নত হাইব্রিড জাত প্রচলিত কৰি আছে। থলুৱা জাত যেনে চুৰীয়মুখী, সৃর্য্যমূখী, কৃষ্ণ, বালিজুৰি, পুচাজুৱালা ইত্যাদি।

বীজৰ হাৰ (প্রতি ৩৩ শতাংশ মাটিত)

প্রতি বিঘাত চতিয়াই ৰোপন কৰিবলৈ হ’লে ৩৩ শতাংশ মাটিত ৫০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়৷ পুলি তৈয়াৰ কৰি ৰোপন কৰিলে প্রতি বিঘাত বা ৩৩ শতাংশ মাটিত ২০০ গ্ৰাম বীজ লাগে।

বীজ শোধন আৰু ৰোপন

৩ মিটাৰ দীঘল আৰু ১ মিটাৰ বহুল বীজতলী তৈয়াৰ কৰিব লাগে। বীজতলী শাধন কৰিবলৈ ৩-৪ ইঞ্চি ডাঠকৈ খেৰ পাতি দি পূৰি পেলাব লাগে৷ আনহাতে ১ লিটাৰ্ পানীত ১ গ্ৰাম কার্বেডাজিম জাতীয় ভেকুৰ নাশক ঔষধ দি ৩০-৪ ০ মিনিট বীজ খিনি পানীত ডুবাই ৰাখিব লাগে।

শোধন কৰা বীজ শাৰী বা চতিয়াই যিমান পাৰি পাতলকৈ চতিয়াই দিব লাগে। এটা বেডৰ্ কাৰণে ২০ গ্রাম বীজ হ’লে যথেষ্ট। বীজ বা বীজতলী শোধন কৰিলে শস্যত বীজ আৰু মাটিয়ে বহন কৰা ৰোগৰ্ পৰা হাত সাৰিব পাৰি। বীজতলীত কোনো ৰাসায়নিক সাৰ্ ব্যৱহাৰ্ কৰিব নালাগেI যদি পুলিৰ বৃদ্ধি কম হয় অথবা পুলিৰ্ ৰং হালধীয়া হয় তেতিয়া প্রতিটো বেডৰ বাবেই ৫০ গ্রাম ইউৰিয়া আৰু ৫০ গ্রাম জিপছাম চতিয়াই পাতলকৈ পানী দিব লাগে।

পুলি ৰোপন

পুলিৰ বয়স ৩০-৪০ দিন হ'লে মূল মাটিত লগোৱাৰ উপযোগী হয়৷ মূল পথাৰত পুলি লগোৱাৰ ১-২ দিন আগতে বীজতলীখন তিয়াই ৰাখিব লাগে, তেতিয়া হ'লে শিপা চিঙি অহাৰ্ সম্ভাৱনা কম থাকেI মূল পথাৰত পুলি লগোৱাৰ আগতে পুলিৰ্ শিপাসমূহ অলপ কাটি দিলে জলকীয়া গছ মাটিত লাগি ধৰাত সহজ হয়।

ৰোপনৰ দূৰত্ব

পূলিৰ পৰা পূলিলৈ ৪৫ ছে,মি (১৮ইঞ্চি) আৰু শাৰীৰ্ পৰা শাৰীলৈ 8৫ ছে:মি (১৮ইঞ্চি) হ'ব লাগে।

সাৰ প্রয়োগ (প্রতি বিঘাত ৩৩ শতাংশ মাটিত)

জলকীয়া ছিদ্রকাৰী পোক আৰু দমন ব্যৱস্থা পূলি ৰোপন ক্ষেত্রত গোবৰ সাৰ ১টন, ইউৰিয়া ৩০ কেজি, চুপাৰ্ ফছফেট ৫০ কেজি আৰু পটাছ ৩০ কেজি প্রতি বিঘাত মাটিত প্রয়োগ কৰিব লাগে। আধা পৰিমাণ ইউৰিয়া আৰু সম্পূর্ণ গোবৰ সাৰ চুপাৰ ফছফেট, পটাছ একেলগে মাটিত চহোৱা সময়ত প্রয়োগ কৰিব লাগেI বাকী থকা ইউৰিয়া পূলি লগোৱা ৩০-৩৫ দিন পিছত ছটিয়াব লাগে।

ক্ষতিৰ ধৰণ

এই পোকৰ পলুৱে কোমল আৰু বাহি অহা ফলৰ্ মাজত ফুটা কৰি ভিতৰত সোমাই ভিতৰৰ অংশ খাই দিয়ে। এই পোকে একাধিক ফলক আক্রমণ কৰিব পাৰে। ক্ষতিগ্রস্ত ফলৰ ভিতৰত পোকৰ অবশিষ্ট আৰু পচা দেখা যায়।

দমন ব্যৱস্থা

পৰিস্কাৰ্ পৰিচন্নকৈ জলকীয়াৰ্ খেতি কৰিব লাগেI আক্রান্ত ফল গছৰ পাত তুলি মাটিত পুতি থব লাগে। খেতি পথাৰত পুলি ৰোৱা ৩ সপ্তাহ পাৰ পৰাই সেক্স ফেৰোমন ব্যবহাৰ কৰিলে ভাল ফল পোৱা যায়। ৫০ গ্রাম আধাফটা নিমৰ্ গুটি প্রতি ১ লিটাৰ্ পানীত ১-২ ঘণ্টা তিয়াই ৰাখি প্রতি ১o দিনৰ্ অন্তৰে অন্তৰে আক্রান্ত গছত তিনিবাৰ স্প্ৰে কৰিলে এই পোকৰ আক্রমণ কম হোৱা দেখা যায়৷ পোকৰ আক্রমণৰ মাত্রা বেছি হ’লে কূইনালফস ২৫ ইঞ্চি (কৰলাস্ক, ফিনালাষ্ক ইত্যাদি)অথবা ডায়জিনল প্রতি লিটাৰ পানীত ২ মিলিলিটাৰ্ হাৰে মিহলাই স্প্ৰে কৰিব লাগে।

জলকীয়াৰ্ এনথ্ৰাকনোজ ৰোগ আৰু তাৰ দমন ব্যৱস্থা

ক্ষতিৰ ধৰণ

এই ৰোগত আক্রান্ত হ’লে গছৰ ডাল লাহে লাহে শুকাই মৰি যায় পাত আৰু ফুল সৰি যায় আৰু শুকুৱা ডাল বো্ৰৰ ওপৰত অসংখ্য কলা বিন্দুৰ দৰে দাগ দেখা যায়I গছৰ ফলও এই ৰোগত আক্রান্ত হয়৷ আক্রান্ত অংশ ঘূ্ৰণীয়া অথবা দীঘলীয়া পানীত তিতি থকা যেন লাগেI লাহে লাহে দাগবোৰ্ খেৰৰ্ দৰেই ৰং হৈ মাজত কলা দাগ দেখা যায়I আক্রান্ত ফল মৰি যায়I

দমন ব্যৱস্থা

সুস্থ নিৰোগী গছৰ্ পৰা বীজ সংগ্রহ কৰিব লাগে। ৰোগ হোৱাৰ্ আগতে বীজ শোধন কৰিব লাগেI আক্ৰান্ত গছত বেভিষ্টিন ১ গ্ৰাম/ ১ লিটাৰ পানীত মিহলাই ১০ দিনৰ্ মুৰে মুৰে স্প্ৰে কৰিব লাগেI

উৎস: কৃষি বিভাগ (সংগৃহীত)

লগতে পঢ়ক-নহৰু খেতিৰ লাভালাভ! অধিক উৎপাদনৰ বাবে নিৰ্বাচন কৰক উন্নত মানৰ জাত

English Summary: Climate and soil for chilli cultivation
Published on: 07 July 2022, 03:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now