Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 May, 2022 11:37 AM IST
তামোলৰ খেতি

জাত: থলুৱা জাত৷

মাটি : তামোল খেতিৰ বাবে সাধাৰণতে ওখ বালিচঁহীয়া মাটিয়েই উপযুক্ত৷ পানী জমা হোৱা আলতীয়া মাটি এই খেতিৰ বাবে অনুপযোগী৷ গতিকে এনে মাটি বাছনি কৰিব নালাগে৷

সঁচ নিৰ্বাচনওজনত প্ৰায় ৪০ গ্ৰাম মান ঘুৰনীয়া, স্বাস্হ্যবান তামোল সঁচৰ বাবে নিৰ্বাচন কৰিব লাগে৷ বাছি লোৱা তামোল খিনি এটা পাত্ৰত পানী  লৈ তাত ডুবাই থব লাগে৷ পানীত ডুবুৱাৰ পাচত যিবোৰ তামোল পানীত ওপৰমুৱাকৈ ওপঙে তেনেবোৰ তামোলহে বাছনি কৰিব লাগে৷

পুলি প্ৰস্তুতি : বীজৰ বাবে বাছনি কৰা তামোলবোৰৰ পৰা বেটুটো এৰুৱাই ওখকৈ তৈয়াৰ কৰা পুলিবাৰীত ১৫১৫ ছে: মিটাৰ দুৰত্বত ওপৰ মুৱাকৈ পুতিব লাগে ৷ পুলিবাৰীখনত ছাঁ পৰাৰ ব্যৱস্হা কৰিব লাগে ৷ পুলিবোৰ ২৫-৩০ ছে: মিটাৰ মান ওখ হোৱাৰ পাচত ৩০ x ৩০ ছে: মিটাৰ দুৰত্বত দ্বিতীয়খন পুলিবাৰীলৈ স্হানান্তৰ কৰিব লাগে আৰু দ্বিতীয়খন পুলিবাৰীত পুলিবোৰ ১৮ মাহ পর্য্যন্ত ৰাখিব লাগে৷


পুলি ৰোপন : ২.৭৫ মিটাৰ x ২.৭৫ মিটাৰ দুৰত্বত পুলিবোৰ ৰোৱাৰ ব্যৱস্হা কৰিব লাগে৷

গাঁতৰ ব্যসাৰ্দ্ধ : ৯০ ছে: মি: x ৯০ ছে: মি:৷

ৰোৱাৰ সময় : বাৰিষা আৰম্ভ হোৱাৰ আগে আগে ৷

সাৰ প্ৰয়োগ :

বয়স

পচনসাৰ
(কি.গ্রা.)

বছৰি গছে প্ৰতি

নাইট্রোজেন (গ্রাম)

ফচফৰাচ (গ্ৰাম)

পটাছ (গ্ৰাম)

১ম

৩০

১৫

৫০

২য়

১০

৬০

৩০

১০০

৩য় আৰু আগলৈ

১৫

১০০

৪০

১৪০

সাৰখিনি  দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী আৰু আনটোভাগ চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে ৷

বন-বাত নিয়ন্ত্ৰণ : এবাৰ বৰষুণৰ আগেয়ে আৰু এবাৰ বৰষুণৰ পিচত বন বাতবোৰ চাফা কৰি দিব লাগে ৷

অন্তৱৰ্ত্তী শস্য(Intercrops) : হালধি আৰু আদা খেতি তামোল গছৰবোৰৰ মাজৰ খালি অংশত সফলতাৰে কৰিব পাৰি ৷ ইয়াৰ বাহিৰেও এশাৰীকৈ কল বা নেমুটেঙা নতুবা তিনিশাৰীকৈ মাটিকঠাল ৰোব পাৰি৷ 

তামোলৰ ব্যাধি

তামোল ফুলা (Softening of nut) : পুৰঠ অৱস্হাত ফলৰ সাহ অংশ টান হোৱাৰ পিছত কোমল হয় বা কোমল ৰবৰৰ দৰে হয় তাকে ফুলা তামোল বোলে ৷ তামোল গছৰ প্ৰথম থোকবোৰত এই ব্যাধি বেছিকৈ হোৱা দেখা যায় ৷ এই অৱস্হা বৰষুণৰ অভাৱ হলে বেছিকৈ দেখা যায় ৷ গতিকে তামোলবাৰীত খৰাং বতৰত জলসিঞ্চনৰ ব্যৱস্হা থকাৰ ওপৰিও বাৰিষা পানী ওলাই যাব পৰাকৈ নলা খান্দি দিব লাগে ৷

তামোল ফটা (Nut splitting) : ই কোনো বেমাৰ নহয় বৰঞ্চ গছজোপাৰ শৰীৰৰ আনুষঙ্গিক ব্যতিক্ৰম (Physiological disorder) মাথো৷ গতিকে তামোল গছৰ গুৰিৰ পৰা পানী সহজে  ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্হা কৰিব লাগে ৷ বেমাৰৰ প্ৰাৰম্ভিক অৱস্হাত ২ গ্ৰাম বৰাক্স সাৰ একলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে৷

আগজোঙা হোৱা (Penal tip) : অনুমোদিত হাৰত সাৰ প্ৰয়োগ কৰি থাকিলেই এই ব্যাধিৰ পৰা হাৰত সাৰিব পাৰি৷

কোঁহ পঁচা (Bud rot) আৰু গেন’দাৰনা (Gandarna): আক্ৰান্ত অংশ চাফা কৰিব লাগে আৰু এক শতাংশ বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে ৷

 উৎস: অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

লগতে পঢ়ক-পাণখেতি ৰোপণৰ বিভিন্ন পদ্ধতি সম্পৰ্কে-

English Summary: Betel Nut Cultivation Process in Assam
Published on: 28 April 2022, 04:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now